• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • International Yoga Day 2021: ডায়েবেটিচ উপশম কৰিব পাৰে এই তিনি যোগাসনে, অনুশীলন কৰিলে পাব সুফল

International Yoga Day 2021: ডায়েবেটিচ উপশম কৰিব পাৰে এই তিনি যোগাসনে, অনুশীলন কৰিলে পাব সুফল

লাগে অকণমান ইচ্ছা, যোগৰ জৰিয়তে আপোনাৰ ৰক্ত শৰ্কৰা (Blood sugar)ৰ স্তৰ নিয়ন্ত্ৰণত ৰাখিব পাৰে।

লাগে অকণমান ইচ্ছা, যোগৰ জৰিয়তে আপোনাৰ ৰক্ত শৰ্কৰা (Blood sugar)ৰ স্তৰ নিয়ন্ত্ৰণত ৰাখিব পাৰে।

লাগে অকণমান ইচ্ছা, যোগৰ জৰিয়তে আপোনাৰ ৰক্ত শৰ্কৰা (Blood sugar)ৰ স্তৰ নিয়ন্ত্ৰণত ৰাখিব পাৰে।

  • Share this:

কাইলৈ আন্তৰ্জাতিক যোগ দিৱস (International Yoga Day 2021)। কোৰোণা কালত লোকসকল বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাত ভুগি আছে আৰু যোগ (Yoga) সেইবোৰৰ পৰা পৰিত্ৰাণ পোৱাত আটাইতকৈ লাভজনক বুলি প্ৰমাণিত হৈছে। যোগৰ এই লাভালাভসমূহ জনসাধাৰণৰ আগত ৰাখিবলৈ প্ৰতি বছৰে ২১ জুনত আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। আপুনি জানেনে যে যোগৰ জৰিয়তে আপুনি আপোনাৰ ৰক্ত শৰ্কৰা (Blood sugar)ৰ স্তৰ নিয়ন্ত্ৰণত ৰাখিব পাৰে। যোগৰ সহায়ত ডায়েবেটিচ (Diabetes) কেনেদৰে নিয়ন্ত্ৰণত ৰাখিব পাৰি, তেনে তিনিটা আসনৰ বিষয়ে জানি লওক।


পশ্চিমোত্তানাসন



ডায়েবেটিচ ৰোগীসকলে পশ্চিমোত্তানাসন কৰা উচিত। এই আসন কৰিবলৈ আপুনি আপোনাৰ ভৰি দুখন প্ৰসাৰিত কৰি পোনপটীয়াকৈ সমতল স্থানত বহি লওক। এতিয়া আপোনাৰ হাত ওপৰলৈ উঠাওক আৰু গভীৰকৈ উশাহ লওক। এতিয়া আগলৈ বেঁকা হওক আৰু উশাহ এৰি দিয়ক। আপোনাৰ ভৰিৰ আঙুলিবোৰ আপোনাৰ হাতেৰে স্পৰ্শ কৰিবলৈ চেষ্টা কৰক আৰু আপোনাৰ মুৰটো আপোনাৰ আঁঠুৰ ওপৰত ৰাখক।


ধনুৰাসন



ধনুৰাসন ডায়েবেটিচ ৰোগীসকলৰ বাবে অতি উপকাৰী। এইটো আসনা কৰিবলৈ পোনপটীয়াকৈ আপোনাৰ পেট পেলাই মজিয়াত শুই দিয়ক। এতিয়া আপোনাৰ শৰীৰৰ ওপৰৰ অংশ আৰু ভৰি ওপৰলৈ উঠাওক। ভৰি দাঙি থাকোঁতে আঁঠু বেঁকা কৰক আৰু লগতে আপোনাৰ হাত পিছফালে ওপৰলৈ উঠাওক। এতিয়া আপোনাৰ গোৰোহা দুয়োখন হাতেৰে ধৰি ৰাখক। আপোনাৰ ভৰি আৰু হাত যিমান সম্ভৱ ওপৰলৈ উঠাওক। ই ধনুৰাসনৰ সম্পূৰ্ণ স্থিতি। আপুনি কমেও ১৫ৰ পৰা ২০ ছেকেণ্ডৰ বাবে এই স্থিতিত থাকিব।


শৱাসন



ডায়েবেটিচ নিয়ন্ত্ৰণত ৰখাৰ বাবে আটাইতকৈ সহজ যোগাসন হৈছে শৱাসন। শৱাসন কৰিবলৈ মাটিত মেট এখন লৈ পিঠি পেলাই শুই থাকক। এতিয়া আপোনাৰ প্ৰসাৰিত ভৰি দুখনৰ মাজত কিছু মুকলি ঠাই ৰাখক। ইয়াৰ মাজতে আপোনাৰ ভৰিৰ আঙুলিবোৰ বাহিৰলৈ আৰু গোৰোহা ভিতৰৰ ফালে থাকিব লাগে। এতিয়া আপুনি দুয়োখন হাত শৰীৰৰ পৰা প্ৰায় এফুট দূৰত্বত ৰাখক। আপোনাৰ হাতৰ আঙুলিবোৰ আকাশৰ ফালে ৰাখক আৰু ডিঙিটো পোন ৰাখক। এতিয়া লাহে লাহে আপোনাৰ চকু বন্ধ কৰক আৰু লাহে লাহে উশাহ এৰি দিয়ক।

Published by:Gautam Barman
First published: