মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »‘মহাভাৰত’ৰ বিখ্যাত ‘মে সময় হ্যু’ৰ কণ্ঠ কাৰ জানক, তৃতীয়বাৰৰ ৰেক’ৰ্ডিঙৰ পিছতে হৈছিল চূড়ান্ত হৈছিল কণ্ঠ

‘মহাভাৰত’ৰ বিখ্যাত ‘মে সময় হ্যু’ৰ কণ্ঠ কাৰ জানক, তৃতীয়বাৰৰ ৰেক’ৰ্ডিঙৰ পিছতে হৈছিল চূড়ান্ত হৈছিল কণ্ঠ

ডিডি ভাৰতীত সম্প্ৰচাৰ ‘মহাভাৰত’ৰ।

ডিডি ভাৰতীত সম্প্ৰচাৰ ‘মহাভাৰত’ৰ।

টিভিৰ জনপ্ৰিয় ধাৰাবাহিক ‘মহাভাৰত’ৰ ‘মে সময় হ্যু’ৰ কাৰণে প্ৰথমে দিলীপ কুমাৰৰ নাম বিবেচনা কৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত ঠিক কৰা হৈছিল যে এই কাম কোনো পেছাদাৰী ব্যক্তিকহে প্ৰদান কৰা হ’ব। 

  • Share this:
মুম্বাইঃ লকডাউনৰ সময়চোৱাত আকৌ এবাৰ আশীৰ দশকৰ স্মৃতি সজীৱ হৈছে দূৰদৰ্শনৰ পৰ্দাত। বি আৰ চোপ্ৰাৰ ঐতিহাসিক টিভি চিৰিয়েল ‘মহাভাৰত’ চাবলৈ এটা সময়ত মানুহে হাত জোৰ কৰি টিভিৰ আগত বহি পৰিছিল। দূৰদৰ্শনত আকৌ এবাৰ এই ধাৰাবাহিক সম্প্ৰচাৰ কৰা হৈছে। এই চিৰিয়েলখনৰ অন্যতম আকৰ্ষণ সকলোৰে কাৰণে আজিও হৈছে আৰম্ভনিতে ভাঁহি অহা এক কণ্ঠস্বৰ। ‘মে সময় হ্যু’ (মই সময়) বুলি স্ক্ৰীণত ওলোৱা সেই কণ্ঠ আজিও পুৰণি দৰ্শকে পাহৰিব পৰা নাই। অন্ধকাৰ বেকগ্ৰাউণ্ডত গলগলীয়া মাতেৰে ধাৰভাষ্য প্ৰদান কৰা সেই যাদুকৰী কণ্ঠৰ গৰাকীক হয়তো বহুতেই চিনি নাপায়। সকলোৰে মনত এটাই প্ৰশ্ন, কাৰ মাত এইটো?

বি আৰ চোপ্ৰাৰ ‘মহাভাৰত’ত কণ্ঠ প্ৰদান কৰা ব্যক্তিজনৰ নাম হৰিশ ভিমানী। সেই সময়ৰ দেশৰ দিগ্গজ ভইচ অভাৰ শিল্পীৰ এজন হৰিশ ভিমানী। তেওঁৰ কণ্ঠই দৰ্শকৰ ওপৰত যাদু কৰিছিল।

ফাইল ফটোঃহৰিশ ভিমানী


উল্লেখযোগ্য যে প্ৰথমে এই কণ্ঠৰ কাৰণে বি আৰ চোপ্ৰা শিবিৰৰ অতি ঘনিষ্ঠ বুলি পৰিচিত দিলীপ কুমাৰৰ নাম বিবেচনা কৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত এইটো ঠিৰাং কৰা হ’ল যে এই কণ্ঠ কোনো পেছাদাৰী শিল্পীৰ দ্বাৰাই কৰা হ’ব। কেইবাজনো ভইচ অভাৰ শিল্পীৰ মাজৰ পৰা হৰিশ ভিমানীৰ কণ্ঠ বাচনি কৰি ৰাহী মাচুম ৰজা আৰু পণ্ডিত নৰেন্দ্ৰ শৰ্মাই।

‘শকুণি’–এ কৰিছিল ফোন

হৰিশ ভিমানীয়ে জনায় যে মহাভাৰতৰ কাষ্টিং ডায়ৰেক্টৰ গুফী পেণ্টেলে (যিজনে ‘শকুণি’ৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল) ফোন কৰি চিধাই কামৰ কথা কয় আৰু নিশা দহ বজাত বি আৰ ষ্টুডিঅ’লৈ মাতি পঠিয়ায়। হৰিশে কয়, গুফী মহাশয় মই সাত বজাৰ পিছত ৰেক’ৰ্ডিং নকৰো। মোৰ কণ্ঠ ভাগৰি পৰে। তেতিয়া পেণ্টেলে কয়, বেছি নকৰিবি, পোনে পোনে আহ।

‘শকুণি’ৰ চৰিত্ৰ ৰূপায়ণ কৰা গুফী পেণ্টেল আছিল কাষ্টিং ডায়ৰেক্টৰো।


এক সাক্ষাৎকাৰত হৰিশ ভিমানীয়ে জনায় প্ৰথমে তেওঁৰ ধাৰভাষ্য শুনি ডকুমেণ্টেৰীৰ দৰে হোৱা বুলি কৈছিল কাষ্টিং ডায়ৰেক্টৰ গুফী পেণ্টেলে। তেওঁ ওলোটাই তেতিয়া প্ৰশ্ন কৰিছিল যে তেনেহ’লে কিহৰ ভইচ অভাৰ এয়া? সাধাৰণতে আমাক কোৱা নহয় যে কিহৰ কাৰণে ভইচ অভাৰ যিহেতু মানুহৰ ওচৰলৈ নহালৈকে সেয়া চিক্ৰেট হৈ থাকে। গতিকে তেওঁ মোক উত্তৰ নিদিলে। মই আকৌ ভইচ দিলো কিন্তু সেয়াও তেওঁ ভাল নাপালে। দুই–তিনিদিন পিছত মোলৈ আকৌ কল আহে। মই আকৌ গৈ ভইচ দিওঁ। মোক বুজাই দিয়া হয় যে ‘সময়’ৰ কণ্ঠ কেনেকুৱা হ’ব লাগে। সেইবাৰ আলোচনা কৰি ভইচ দিওঁ আৰু সেয়া চূড়ান্ত হয়।

উল্লেখ্য যে, হৰিশ ভিমানীয়ে মাৰাঠী ডকু–ফিচাৰ ‘মালা লাজ ৱাটত নহী’ যাৰ অৰ্থ হৈছে ‘মোৰ লাজ নালাগে’ৰ কাৰণে সৰ্বশ্ৰেষ্ঠ ভইচ অভাৰৰ ৰাষ্ট্ৰীয় ফিল্ম পুৰষ্কাৰেৰে সন্মানিত কৰা হৈছে।

শেহতীয়া বাতৰি