মেষ : দুঃসাহসিক কোনো ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা। সৰু–সুৰা অসুখৰ পৰা সতৰ্ক থাকিব লাগিব।
বৃষ : নতুন কোনো প্ৰকল্পৰ বিষয়ে যি সিদ্ধান্ত ল’বলগীয়া আছে সেয়া এতিয়াই ল’ব লাগিব। যিকোনো কাম এই সময়ত সফলতাৰ দিশে আগুৱাব।
মিথুন : সততাৰ সৈতে সময়ৰ কাম সময়ত শেষ কৰা প্ৰয়োজন। কিছু চমক আহিব পাৰে জীৱনলৈ, সেয়া আনন্দদায়ক।
কৰ্কট : নিজৰ মাজতে জেদ ভাৱ অনুভৱ কৰিব। দীৰ্ঘস্থায়ী কোনো সম্পৰ্ক সৃষ্টি হ’ব পাৰে।
সিংহ : বহু গুৰুত্বপূৰ্ণ কামৰ সমাধান হ’ব। মানসিক অস্থিৰতা থাকিব পাৰে। কিছু হতাশাও দেখা দিব পাৰে।
কন্যা : ধৈৰ্য আৰু সহনশীলতা বজাই ৰাখিব লাগিব। কোনো খৰখেদা নকৰিব। নিজৰ অস্থিৰতাক নিয়ন্ত্ৰণ কৰিবলৈ কিছু ব্যায়াম কৰিব পাৰে।
তুলা : শৰীৰৰ যত্ন লোৱা প্ৰয়োজন। ভাল খোৱা–লোৱা, পৰ্যাপ্ট টোপনিৰ প্ৰয়োজন। সংগীৰ সৈতে কথা পতাও খুবেই প্ৰয়োজন।
বৃশ্চিক : নিজৰ মতামত প্ৰকাশ কৰা প্ৰয়োজন। কিন্তু মেজাজ হেৰুৱালে নহ’ব। পৰিয়ালৰ সৈতে দ্বন্দ্ব এৰাই চলাই ভাল।
ধনু : কৰ্মক্ষেত্ৰত বন্ধুসকলৰ সৈতে মিলি কোনো সমস্যাৰ সমাধান কৰা সম্ভৱ হ’ব। নিজৰ স্বাস্থ্যৰ যত্ন লোৱা খুব প্ৰয়োজন।
মকৰ : জীৱনত এনে পৰিস্থিতি উদ্ভৱ হ’ব পাৰে, যাৰ বাবে খুব সক্ৰিয়তাৰ প্ৰয়োজন হ’ব। সংকট পাৰ হৈ যোৱাৰ পিছত নিজৰ ভূমিকাই নিজকে মুগ্ধ কৰিব।
কুম্ভ : কাৰো সৈতে সম্পৰ্কত সংঘাত থাকিলে সেয়া সমাধান কৰা উচিত। কৰ্মক্ষেত্ৰত প্ৰত্যুৎপন্নমতিত্বৰ প্ৰয়োজন হ’ব পাৰে। সক্ৰিয় থাকিব লাগিব।
মীন : খ্যাতি প্ৰতিপত্তি বাঢ়িব। দীৰ্ঘম্যাদী কোনো লক্ষ্য পুৰণৰ বাবে বৰ্তমান সুখ বিলাস ত্যাগ কৰিব লাগিব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|