உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Explained : অনলাইনযোগে কেনেদৰে SBIত আপোনাৰ শিশুৰ বাবে খুলিব ছেভিং একাউন্ট? জানি লওক সম্পূৰ্ণ তথ্য

    Explained : অনলাইনযোগে কেনেদৰে SBIত আপোনাৰ শিশুৰ বাবে খুলিব ছেভিং একাউন্ট? জানি লওক সম্পূৰ্ণ তথ্য

    যিকোনো নাবালক শিশুৰ সৈতে পিতৃ-মাতৃ অথবা অভিভাৱকে যৌথ একাউণ্ট খুলিব পাৰে। ইয়াক পিতৃ-মাতৃ অথবা অভিভাৱকে একক ধৰণে চলাব পাৰে।

    যিকোনো নাবালক শিশুৰ সৈতে পিতৃ-মাতৃ অথবা অভিভাৱকে যৌথ একাউণ্ট খুলিব পাৰে। ইয়াক পিতৃ-মাতৃ অথবা অভিভাৱকে একক ধৰণে চলাব পাৰে।

    যিকোনো নাবালক শিশুৰ সৈতে পিতৃ-মাতৃ অথবা অভিভাৱকে যৌথ একাউণ্ট খুলিব পাৰে। ইয়াক পিতৃ-মাতৃ অথবা অভিভাৱকে একক ধৰণে চলাব পাৰে।

    • Share this:
    আপুনি আপোনাৰ কণমানি সন্তানৰ বাবেও বেংকত একাউণ্ট খুলিব পাৰে। আপোনাৰ সন্তানৰ বাবে আপুনি যদি এতিয়াৰে পৰা ধন জমা কৰিব বিচাৰে তেন্তে কিছুমান কথা আপুনি জনাটো প্ৰয়োজন।

    এতিয়াৰে পৰা অভিভাৱকসকলে তেওঁলোকৰ সন্তানৰ বাবে বেংকত একাউণ্ট খুলিব পাৰে। যিয়ে শিশুসকলক এতিয়াৰ পৰা বেংকিং প্ৰণালীৰ সৈতে পৰিচিত হোৱা কাৰ্য সহজ কৰি তুলিব আৰু যিয়ে তেওঁলোকক সোনকালেই আৰ্থিকভাৱে স্বতন্ত্ৰ হ'বলৈ শিকাব। যিহেতু বেংক একাউণ্ট থকাটো অতি গুৰুত্বপূৰ্ণ কিয়নো বেংক একাউণ্টতেই সকলো বিত্তীয় লাভালাভ উপলব্ধ হয়।

    যদি আপুনিও আপোনাৰ সন্তানৰ বাবে অনলাইনযোগে একাউণ্ট খুলিব বিচাৰে, তেন্তে দেশৰ সৰ্ববৃহৎ বেংক ভাৰতীয় ষ্টেট বেংক(SBI)য়ে নাবালকসকলৰ বাবে পেহলা কদম (Pehla Kadam) আৰু পেহলা উড়ান (Pehla Udaan) নামেৰে আগবঢ়োৱা সঞ্চয় অৰ্থাৎ ছেভিং একাউণ্টৰ বাবে অনলাইন সুবিধা প্ৰদান কৰিছে। যি আজিকালি বেংকিং সামগ্ৰীৰ সৈতে আহে আৰু যিয়ে শিশুসকলক ক্ৰয় শক্তি বুজিবলৈ সহায় কৰিব। এই একাউণ্টৰ পৰা শিশুসকলৰ বাবে দৈনিক টকা উঠোৱাৰ সীমাও নিৰ্ধাৰণ কৰা হৈছে যাতে তেওঁলোকে অধিক ধন খৰচ নকৰে।

    নাবালকসকলৰ বাবে এছবিআইত পেহলা কদম সঞ্চয় একাউণ্ট (Pehla Kadam) -

    - যিকোনো নাবালক শিশুৰ সৈতে পিতৃ-মাতৃ অথবা অভিভাৱকে যৌথ একাউণ্ট খুলিব পাৰে। ইয়াক পিতৃ-মাতৃ অথবা অভিভাৱকে একক ধৰণে চলাব পাৰে।

    - সঞ্চয় একাউণ্টত ম'বাইল বেংকিং সুবিধাও আছে, য'ত সকলো প্ৰকাৰৰ বিল পৰিশোধ কৰিব পাৰি। ইয়াৰ দৈনিক লেনদেনৰ সীমা ২ হাজাৰ টকালৈ নিৰ্ধাৰণ কৰা হৈছে।

    -শিশুৰ নামত বেংক একাউণ্ট খোলাৰ সময়ত এটিএম, ডেবিট কাৰ্ডৰ সুবিধাও উপলব্ধ। কাৰ্ডখন নাবালক আৰু অভিভাৱকৰ নামত জাৰি কৰা হ'ব। ইয়াৰ দ্বাৰা ৫ হাজাৰ টকালৈকে উঠাব পৰা যাব।

    - ইণ্টাৰনেট বেংকিঙৰ সুবিধাও উপলব্ধ। প্ৰতিদিনে ৫ হাজাৰ টকালৈকে লেনদেনৰ সীমা নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ দ্বাৰা আপুনি সকলো প্ৰকাৰৰ বিল জমা কৰিব পাৰে।

    - এটা চেক বুকো উপলব্ধ হ'ব, য'ত একাউণ্টৰ গৰাকীৰ ম'বাইল নম্বৰ ৰেকৰ্ড কৰা হ'ব। বিশেষভাৱে ডিজাইন কৰা চেক বুকখন ১০ পৃষ্ঠাৰ হ'ব। যিটো পিতৃ-মাতৃ অথবা অভিভাৱকৰ অধীনত এজন নাবালকৰ নামত জাৰি কৰা হয়।

    -পিতৃ-মাতৃৰ বাবে ব্যক্তিগত দুৰ্ঘটনা বীমা আৱৰণ (Personnal Accident Insurance Cover)ও উপলব্ধ।

    নাবালকসকলৰ বাবে এছবিআইত পেহলা উড়ান(Pehla Udaan) সঞ্চয় একাউণ্ট -

    -১০ বছৰৰ অধিক বয়সৰ শিশু,যিয়ে স্বাক্ষৰ কৰিব পাৰে তেওঁলোকে এছবিআইৰ পেহলা উড়ান(Pehla Udaan)ৰ অধীনত সঞ্চয় একাউণ্ট খুলিব পাৰে।

    -এই একাউণ্ট সম্পূৰ্ণৰূপে নাবালকৰ নামত হ'ব। তেওঁ ইয়াক অকলে পৰিচালনা কৰিব পাৰিব।

    - ইয়াত এটিএম, ডেবিট কাৰ্ডৰ সুবিধাও লাভ কৰিব। ম'বাইল বেংকিং সুবিধাও উপলব্ধ হ'ব। যাৰ জৰিয়তে প্ৰতিদিনে ২ হাজাৰ টকালৈকে লেনদেন কৰিব পাৰিব। ইয়াৰ লগতে সকলো ধৰণৰ পৰিশোধো কৰিব পাৰিব।

    - ইণ্টাৰনেট বেংকিং সুবিধাও উপলব্ধ আৰু প্ৰতিদিনে ৫ হাজাৰ টকালৈকে স্থানান্তৰ কৰিব পাৰি। লগতে চেক বুকৰ সুবিধাও প্ৰদান কৰে যি পেহলা কদমত উপলব্ধ।

    - পেহলা উড়ান সঞ্চয় একাউণ্টত নাবালকজনে কোনো অভাৰ ড্ৰাফ্টৰ সুবিধা নাপাব।

    দুয়োটা একাউণ্টত কিছুমান বিশেষ সুবিধা -

    - ইয়াত মাহিলী কিমান গড় বেলেন্স ৰাখিব লাগিব তাৰ কোনো সীমা নাই। ইয়াৰ অৰ্থ হৈছে মাহিলী গড় বেলেন্সৰ প্ৰয়োজন নাই।

    - ইয়াক সৰ্বাধিত ১০ লাখ টকালৈকে বেলেন্স ৰাখিব পাৰে।

    - সঞ্চয় একাউণ্টত সুতৰ হাৰ দৈনিক গণনা কৰা হয়।

    - একাউণ্ট নম্বৰ সলনি নকৰাকৈ একাউণ্টটো যিকোনো এছবিআই শাখালৈ স্থানান্তৰ কৰিব পাৰি।

    - পেহলা কদম আৰু পেহলা উড়ান একাউণ্ট দুয়োটাৰ বাবে নমিনেচন অৰ্থাৎ মনোনীত সুবিধাও আছে।

    - এটা নিৰ্দিষ্ট ধৰণে ডিজাইন কৰা এটা ব্ৰেণ্ডেড পাছবুক লাভ কৰে। যাৰ বিনিময়ত কোনো চাৰ্জ লোৱা নহয়।

    - কমেও ২০ হাজাৰ টকাৰ সীমাৰ সৈতে অটো ছুইপৰ সুবিধা। পেহলা কদম হ'ব একাউণ্টত খচৰা সুবিধাৰ ওপৰত পিতৃ মাতৃ আৰু তাৰ পিছত অভিভাৱকে অভাৰ ড্ৰাফটৰ সুবিধা লাভ কৰিব।

    -শিশুৱে এটা আৰডি একাউণ্ট খুলিব পাৰিব। যাৰ বাবে কোনো মাচুল লোৱা নহ'ব।

    নাবালকসকলৰ বাবে এই একাউণ্টটো খুলিবলৈ হ'লে নাবালকগৰাকীৰ জন্মৰ প্ৰ-পত্ৰ প্ৰয়োজন হ'ব। অভিভাৱকৰ কেৱাইচি, আধাৰ আৰু পেন কাৰ্ডৰ প্ৰয়োজন হ'ব। নাবালকগৰাকীৰ আধাৰ কাৰ্ডৰ লগতে পিতৃ-মাতৃ অথবা অভিভাৱকৰ স্বাক্ষৰো প্ৰয়োজন হ'ব।

    এনেদৰে অনলাইনযোগে খোলক এই একাউন্ট -

    ইয়াৰ বাবে প্ৰথমে আপুনি বেংকৰ অফিচিয়েল ৱেবছাইট www.sbi.co.in অথবা www.sbi.co.in/web/personal-banking/home লৈ যাব লাগিব। তাৰ পিছত Personal Bankingত ক্লিক কৰক আৰু Saving Account For Minor বাছনি কৰক। তাৰ পিছত Apply Nowত ক্লিক কৰক। তেতিয়া Digital Savings Account আৰু Insta Savings Account দেখিবলৈ পাব, য'ত আপুনি যাব বিচাৰিব তাত প্ৰক্ৰিয়া আৰম্ভ কৰক। এতিয়া আপুনি Open a Digital Account টেবত ক্লিক কৰিব লাগিব। তাৰ পিছত Apply Nowত ক্লিক কৰি পৰৱৰ্তী পৃষ্ঠালৈ যাওক। একাউণ্টটো খুলিবলৈ আপোনাৰ সকলো তথ্য দিয়ক। ইয়াত মনত ৰাখিব যে এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ এবাৰ এছবিআই শাখালৈ যোৱাটো প্ৰয়োজনীয়। লগতে আপুনি অফলাইনৰ জৰিয়তেও এছবিআই শাখালৈ যাব পাৰে আৰু একাউণ্টটো খুলিব পাৰে।
    Published by:Sanjay Kumar Das
    First published: