உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Aadhaar Card : আধাৰ কাৰ্ড হেৰাই গ'লে কি কৰিব ? কেনেদৰে পুনৰ অনলাইনযোগে উলিয়াব আপোনাৰ আধাৰ কাৰ্ড ? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া ..

    Aadhaar Card : আধাৰ কাৰ্ড হেৰাই গ'লে কি কৰিব ? কেনেদৰে পুনৰ অনলাইনযোগে উলিয়াব আপোনাৰ আধাৰ কাৰ্ড ? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া ..

    যদি আপোনাৰ আধাৰ কাৰ্ড হেৰাই যায়, তেন্তে চিন্তা কৰাৰ প্ৰয়োজন নাই। আপুনি ঘৰত বহিয়েই ইয়াক অনলাইনত পুনৰ বনাই ল'ব পাৰে । যদিহে আপোনাৰ ম'বাইল নম্বৰ পঞ্জীয়ন কৰাই আছে, তেন্তে আপুনি Enrollment নম্বৰ বা UID লাভ কৰিব পাৰে।

    • Share this:
    এই সময় হৈছে ডিজিটেলৰ যুগ । অনলাইন শ্বপিঙৰ পৰা আদি কৰি চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰালৈকে সকলো লেনদেন এতিয়া ডিজিটেল হৈ পৰিছে। পৰিৱৰ্তিত এই সময়ত বহু কামৰ বাবে আধাৰ কাৰ্ডৰ বিশেষ গুৰুত্ব আছে।

    পূৰ্বে চৰকাৰী বেংকৰ নিয়মত অধিক অসুবিধাৰৰ সন্মুখীন হ'বলগীয়াা হৈছিল কিন্তু এতিয়া আধাৰ কাৰ্ডৰ জৰিয়তে সকলো সহজ হৈ পৰিছে। যদি আপোনাৰ ম'বাইল নম্বৰ বেংক পঞ্জীয়ন কৰা হৈছে আৰু বেংক একাউন্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা আছে তেন্তে আৰু চিন্তাৰ কাৰণ নাই । ইয়াৰ ফলত এতিয়া বহু কাম সহজ হৈ পৰিছে । অ'টিপিৰ জৰিয়তে নিজেই বহু কাম কৰিব পাৰি।

    আধাৰ কাৰ্ডক সম্প্ৰতি আটাইতকৈ গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহৰ ভিতৰত গণ্য কৰা হয়। যদি আপোনাৰ আধাৰ কাৰ্ড হেৰাই যায়, তেন্তে চিন্তা কৰাৰ প্ৰয়োজন নাই। আপুনি ঘৰত বহিয়েই ইয়াক অনলাইনত পুনৰ বনাই ল'ব পাৰে । যদিহে আপোনাৰ ম'বাইল নম্বৰ পঞ্জীয়ন কৰাই আছে, তেন্তে আপুনি Enrollment নম্বৰ বা UID লাভ কৰিব পাৰে। ইয়াক পাবলৈ কোনো মাচুল দিব নালাগে।

    আধাৰ কাৰ্ড কেনেদৰে পুনৰ মুদ্ৰণ কৰিব জানি লওক

    প্ৰথমে, UIDAIৰ অফিচিয়েল ৱেবছাইট https://eaadhaar.uidai.gov.in/ লৈ আপুনি যাব লাগিব। তাৰ পিছত আপুনি আধাৰ নম্বৰ (UID) বা Enrollment আইডি প্ৰবিষ্ট কৰিব লাগিব আৰু তৃতীয় ভাৰ্চুৱেল আইডিও ব্যৱহাৰ কৰিব পাৰে । আপুনি আপোনাৰ সম্পূৰ্ণ তথ্য প্ৰবিষ্ট কৰিব লাগিব।

    যদি আপুনি মোবাইল নম্বৰ ব্যৱহাৰ কৰিব নিবিচাৰে তেন্তে আপুনি ই-মেইল আইডি এটা ব্যৱহাৰ কৰিব পাৰে। বিৱৰণ পূৰণ কৰাৰ পিছত, ছবিখনৰ বৰ্ণবোৰ টাইপ কৰক আৰু তাৰ পিছত Send OTPত ক্লিক কৰক। এই ৱান টাইম পাছৱৰ্ড (OTP) আপোনাৰ আধাৰ কাৰ্ডত থকা ম'বাইল নম্বৰলৈ প্ৰেৰণ কৰা হ'ব ।

    আপুনি OTP প্ৰমাণিত কৰাৰ লগে লগে SMSৰ জৰিয়তে আপোনাৰ আধাৰ নম্বৰ লাভ কৰিব। তাৰ পিছত আপুনি মেক পেমেণ্টত ক্লিক কৰি অনলাইন পৰিশোধ কৰিব লাগিব । আপোনাক এই আধাৰ কাৰ্ড ডাকযোগে প্ৰেৰণ কৰা হ'ব । আপুনি আপোনাৰ স্লিপ ডাউনলোড কৰি ৰাখিব লাগিব। আৰু পৰিশোধ সফল হ'লেই আপোনাৰ আধাৰ কাৰ্ড প্ৰিণ্ট কৰা হ'ব আৰু ১৫ দিনৰ ভিতৰত স্পীড পোষ্টৰ জৰিয়তে প্ৰেৰণ কৰা হ'ব।
    Published by:Kokil Sarma
    First published: