মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Earn Money: ১ মিনিটৰ এটা ভিডিঅ'ৰে উপাৰ্জন কৰক প্ৰতিমাহে ২০,০০০তকৈ অধিক টকা ! Facebook, Youtube, Instagramৰ পৰা কেনেকৈ ঘটিব পইচা? জানক

Earn Money: ১ মিনিটৰ এটা ভিডিঅ'ৰে উপাৰ্জন কৰক প্ৰতিমাহে ২০,০০০তকৈ অধিক টকা ! Facebook, Youtube, Instagramৰ পৰা কেনেকৈ ঘটিব পইচা? জানক

News18 Assam | News18-Assam
Updated:March 31, 2021, 2:08 PM IST
Earn Money: ১ মিনিটৰ এটা ভিডিঅ'ৰে উপাৰ্জন কৰক প্ৰতিমাহে ২০,০০০তকৈ অধিক টকা ! Facebook, Youtube, Instagramৰ পৰা কেনেকৈ ঘটিব পইচা? জানক
Social Media Revenue: যদি আপুনি ছ’চিয়েল মিডিয়াৰ পৰা টকা উপাৰ্জন কৰিব বিচাৰিছে, তেন্তে আপোনাৰ বাবে আছে ভাল খবৰ । য'ত আপুনি ঘৰত বহিয়েই উপাৰ্জন কৰিব পাৰে এক বৃহৎ পৰিমাণৰ টকা । ফেচবুক, ইনষ্টাগ্ৰাম আৰু ইউটিউবতে আপুনি লাভ কৰিব এই সুযোগ ৷

Social Media Revenue: যদি আপুনি ছ’চিয়েল মিডিয়াৰ পৰা টকা উপাৰ্জন কৰিব বিচাৰিছে, তেন্তে আপোনাৰ বাবে আছে ভাল খবৰ । য'ত আপুনি ঘৰত বহিয়েই উপাৰ্জন কৰিব পাৰে এক বৃহৎ পৰিমাণৰ টকা । ফেচবুক, ইনষ্টাগ্ৰাম আৰু ইউটিউবতে আপুনি লাভ কৰিব এই সুযোগ ৷

  • Share this:
যদি আপুনি ছ’চিয়েল মিডিয়াৰ পৰা টকা উপাৰ্জন কৰিব বিচাৰিছে, তেন্তে আপোনাৰ বাবে আছে ভাল খবৰ । য'ত আপুনি ঘৰত বহিয়েই উপাৰ্জন কৰিব পাৰে এক বৃহৎ পৰিমাণৰ টকা । ফেচবুক, ইনষ্টাগ্ৰাম আৰু ইউটিউবতে আপুনি লাভ কৰিব এই সুযোগ ৷

শেহতীয়াকৈ ফেচবুক ইনক-এ উল্লেখ কৰিছ যে, ফেচবুকে ইয়াৰ প্লেটফৰ্মত কন্টেন্ট ক্ৰিয়েটাৰসকলক বিজ্ঞাপনৰ জৰিয়তে চুটি ভিডিঅ'ৰ দ্বাৰা উপাৰ্জন কৰিবলৈ অনুমতি দিব। লগতে কোম্পানীটোৱে কয় যে, ফেচবুকে এতিয়াৰে পৰা ক্ৰিয়েটাৰসকলক অধিক ধন উপাৰ্জন কৰাত সহায় কৰিব। য'ত ক্ৰিয়েটাৰসকলে চুটি ভিডিঅ' বনাই বিজ্ঞাপনৰ জৰিয়তে ধন উপাৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ বাবে কোম্পানীয়ে পৰিকল্পনা আৰম্ভ কৰি আছে । ইয়াৰোপৰি অন্য কি কি উপায়েৰে ফেচবুকত উপাৰ্জন কৰিব পাৰি, সেয়াও প্ৰকাশ কৰিছে ফেচবুকে । সেয়েহে সহজে ফেচবুকৰ জৰিয়তে উপাৰ্জন কৰিবলৈ বিশদভাৱে জানি লওক এই উপায়সমূহ -

এক মিনিটৰ ভিডিঅ'ৰ জৰিয়তে লাভ কৰিব টকা -

ফেচবুকে সম্প্ৰতি সামাজিক মাধ্যমসমূহত সমল কন্টেন্ট ক্ৰিয়েটাৰসকলৰ বাবে বিমুদ্ৰাকৰণৰ বিকল্প সম্প্ৰসাৰিত কৰিছে। কোম্পানীৰ মতে, ফেচবুক ব্যৱহাৰকাৰীসকলে এক মিনিটৰ ভিডিঅ' তৈয়াৰ কৰি টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব । অৱশ্যে, ইয়াৰ আঁৰত থাকিব এটা চৰ্ত, যি হৈছে এই এক মিনিটৰ ভিডিঅ'ত কমেও ৩০ ছেকেণ্ডৰ বিজ্ঞাপন চলাব লাগিব কন্টেন্ট ক্ৰিয়েটাৰছে । আনহাতে তিনি মিনিট বা অধিক সময়ৰ ভিডিঅ'ৰ বাবে, প্ৰায় ৪৫ ছেকেণ্ডৰ বিজ্ঞাপন দেখুৱাব লাগিব । ইয়াৰ অৰ্থ হৈছে যে আপোনাৰ প্ৰিয় কন্টেন্ট ক্ৰিয়েটাৰছে তেওঁলোকৰ ভিডিঅ'তকৈ অধিক টকা লাভ কৰিব ৷ লক্ষণীয় যে ইয়াৰ পূৰ্বে মাত্ৰ তিনি মিনিট বা অধিক সময়ৰ ভিডিঅ'ত বিজ্ঞাপনৰ সৈতে ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল কন্টেন্ট ক্ৰেটাৰছসকল , য'ত এক মিনিটৰ পূৰ্বে কোনো বিজ্ঞাপনেই দেখুওৱা হোৱা নাছিল ।

৬ লাখতকৈ অধিক লোকে চাব লাগিব সেই
পোষ্ট অৰ্থাৎ পোষ্টবোৰত ৬ লাখ views হ’ব লাগিব -

কোম্পানীৰ মতে ফেচবুক ব্যৱহাৰকাৰী অথবা পেজবোৰে ৬০ দিনৰ ভিতৰত তেওঁলোকৰ ভিডিঅ'ত মুঠ ৬ লাখ views আনিব পাৰিব লাগিব । ইপিনে নতুন বিজ্ঞাপন প্ৰণালীৰ অধীনত লাইভ ভিডিঅ'ৰ বাবে ভিডিঅ’টো অন্ততঃ ৬০ হাজাৰ মিনিট দৰ্শকে চাব লাগিব।

টুইটাৰেও আনিছে ঘৰতে বহি টকা উপাৰ্জন কৰাৰ সুযোগ -
যদি আপুনি মাইক্ৰব্লগিং ছাইট টুইটাৰৰ এগৰাকী সক্ৰিয় ব্যৱহাৰকাৰী, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ । টুইটাৰে আপোনাক ইয়াৰ কিছু বিশেষ বৈশিষ্ট্যৰ জৰিয়তে উপাৰ্জন কৰাৰ সুযোগ প্ৰদান কৰিছে । যদি আপুনি মাইক্ৰব্লগিং ছাইট টুইটাৰ ব্যৱহাৰ কৰে আৰু আপোনাৰ ভাল অনুসৰণকাৰী আছে, তেন্তে এতিয়াৰে পৰা আপুনি ধন উপাৰ্জনৰ সুযোগ লাভ কৰিব । টুইটাৰে শেহতীয়াকৈ দুটাকৈ নতুন বিশেষ সুবিধাৰ কথা ঘোষণা কৰিছে । আপোনাৰ বিশেষ কন্টেটৰ বাবে আপুনি প্ৰতিমাহে ৪.৯৯ ডলাৰ অৰ্থাৎ প্ৰায় ৩৬২ টকা লাভ কৰিব পাৰিব ৷ আপোনৰ অনুসৰণকাৰীয়ে আপোনাৰ বিশেষ কন্টেট চাবলৈ আৰু বাতৰি লাভ কৰিবলৈ প্ৰতিমাহে ৩৬৪ টকা পৰিশোধ কৰিব লাগিব ৷

ইনষ্টাগ্ৰামৰ পৰা কেনেকৈ উপাৰ্জন কৰিব ?

সম্প্ৰতি ইনষ্টাগ্ৰাম হৈছে সকলোৰে মাজত জনপ্ৰিয় এটা ব্ৰেণ্ড । সমাজৰ সকলো জনপ্ৰিয় লোকেই এতিয়া ইনষ্টাগ্ৰামত জড়িত হৈ লাখ লাখ টকা উপাৰ্জন কৰি আছে। বহু তাৰকাই ইনষ্টাগ্ৰামত ব্ৰেণ্ড এচ’ছিয়েছনৰ জৰিয়তে এক মোটা অংকৰ টকা উপাৰ্জন কৰি আছে। ব্ৰেণ্ডবোৰে তাৰকা বা ব্যৱহাৰকাৰীসকলৰ সৈতে নগদ বা ভিন্ন প্ৰকাৰেৰে লেনদেন কৰে । যদিহে চুক্তি নগদ প্ৰকাৰৰ হয়, তেন্তে তেওঁলোকৰ প্লেটফৰ্মে চুক্তি অনুসৰি কমিচন কাটি লয় আৰু যদি ব্ৰেণ্ডটোৱে এই তাৰকাসকলক উপহাৰ দিয়ে, তেন্তে তেওঁলোকৰ প্লেটফৰ্মে ব্ৰেণ্ডৰ পৰা মাচুল আদায় কৰে । তাৰকাসকলৰ পৰা কোনো অতিৰিক্ত মাচুল আদায় কৰা নহয়। কেৱল ব্ৰেণ্ড এচ’ছিয়েছনেই নহয়, কন্টেন্ট ক্ৰিয়েটাৰছে বিনামূলীয়াকৈ তেওঁলোকৰ নিজৰ এপ সৃষ্টি কৰিও ধন উপাৰ্জন কৰিব পাৰে। এপৰ জৰিয়তে প্ৰতিভাৰ জৰিয়তে ধন উপাৰ্জন কৰিব পাৰি ৷
First published: March 24, 2021, 2:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি