• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Earn Money| ১০ হাজাৰ টকাৰে আৰম্ভ কৰক এই লাভজনক ব্যৱসায় ! বজাৰত আছে যথেষ্ট চাহিদা, প্ৰতি মাহে উপাৰ্জন কৰক লাখৰ ওপৰত টকা...

Earn Money| ১০ হাজাৰ টকাৰে আৰম্ভ কৰক এই লাভজনক ব্যৱসায় ! বজাৰত আছে যথেষ্ট চাহিদা, প্ৰতি মাহে উপাৰ্জন কৰক লাখৰ ওপৰত টকা...

Is bread making business profitable? ব্ৰেড প্ৰস্তুতৰ ব্যৱসায় লাভজনক নে ? যদি আপুনি ঘৰত বহি আছে আৰু ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে তেন্তে আপুনি ব্ৰেড প্ৰস্তুত কৰা ব্যৱসায় আৰম্ভ কৰিব পাৰে । ইয়াৰ বাবে নালাগে অধিক সময় ।

Is bread making business profitable? ব্ৰেড প্ৰস্তুতৰ ব্যৱসায় লাভজনক নে ? যদি আপুনি ঘৰত বহি আছে আৰু ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে তেন্তে আপুনি ব্ৰেড প্ৰস্তুত কৰা ব্যৱসায় আৰম্ভ কৰিব পাৰে । ইয়াৰ বাবে নালাগে অধিক সময় ।

Is bread making business profitable? ব্ৰেড প্ৰস্তুতৰ ব্যৱসায় লাভজনক নে ? যদি আপুনি ঘৰত বহি আছে আৰু ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে তেন্তে আপুনি ব্ৰেড প্ৰস্তুত কৰা ব্যৱসায় আৰম্ভ কৰিব পাৰে । ইয়াৰ বাবে নালাগে অধিক সময় ।

  • Share this:
যদি আপুনি ঘৰতেই বহি আছে আৰু ব্যৱসায় আৰম্ভ কৰাৰ কথা চিন্তা চৰ্চা কৰি আছে, তেন্তে আপুনি ব্ৰেড প্ৰস্তুত কৰাৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে । ঘৰৰ পৰাই আৰম্ভ কৰিব পাৰে ব্ৰেড প্ৰস্তুতৰ এই ব্যৱসায় । ইয়াৰ বাবে প্ৰয়োজন নহয় অধিক সময়ৰো । আপুনি ইয়াক প্ৰস্তুত কৰি বেকাৰী অথাবা বজাৰত যোগান ধৰিব পাৰে । ইয়াত অধিক বিনিয়োগৰ কোনো প্ৰয়োজনো নাই । জানি লওক যে কোৰোণা ভাইৰাছৰ পৰিপ্ৰেক্ষিততে ব্ৰেড খোৱা লোকৰ সংখ্যা যথেষ্ট হাৰত বৃদ্ধি পাইছে ।

Investment in Bread Making Business?

এই ব্যৱসায় আৰম্ভ কৰিবলৈ আপোনাক কেৱল ১০,০০০ টকাৰহে প্ৰয়োজন । ব্ৰেড প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় উপাদান যেনে ঘেঁহু, ময়দা, নিমখ, চেনী, পানী, বেকিং পাউডাৰ অথবা ইষ্ট, ড্ৰাই ফ্ৰুইট আৰু গাখীৰৰ পাউডাৰ । ইপিনে এই ব্যৱসায় আৰম্ভ কৰিবলৈ আপোনাক কোনো স্থান বা দোকানৰো প্ৰয়োজন নাই। সহজ ইয়াক আপুনি আপোনাৰ ঘৰৰ পৰা আৰম্ভ কৰিব পাৰে । ব্ৰেড তৈয়াৰ কৰিবলৈ অধিক সময়ো নালাগে । ই অতি কম সময়ৰ ভিতৰতে প্ৰস্তুত হৈ যায় । ইয়াক প্ৰস্তুত কৰি আপুনি বেকাৰী বা বজাৰত বিক্ৰী কৰি ভাল উপাৰ্জন কৰিব পাৰে, আৰু আপুনি বেছি বিনিয়োগ কৰাৰ প্ৰয়োজনো নাই । যিহেতু বৰ্তমানে ব্ৰেড খোৱা লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে আৰু ভৱিষ্যতে অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনাও আছে ।

How to Prepare Bread in Home?

ব্ৰেড প্ৰস্তুত কৰিবলৈ আপোনাক প্ৰয়োজন হ'ব
ঘেঁহুৰ আটা বা ময়দা,সাধাৰণ নিমখ,চেনী,পানী,বেকিং পাউডাৰ বা ইষ্ট,ড্ৰাই ফ্ৰুইট, পাউডাৰ গাখীৰ আদি।

যিহেতু ব্ৰেড সাধাৰণতে ব্যৱহাৰৰ এক সামগ্ৰী। সামাজিক সজাগতা আৰু জীৱন যাপনৰ মানদণ্ড উন্নত হোৱাৰ লগে লগে প্ৰস্তুত হৈ খাদ্যৰ চাহিদা বৃদ্ধি পাবলৈ আৰম্ভ হৈছে । যাৰ বাবে বৰ্তমানে গ্ৰাম্য বিকাশৰ অধীনত কৰা গ্ৰাম্য উদ্যোগটোৰ ভিতৰত বেকাৰী উদ্যোগটোও অন্যতম তথা ভৱিষ্যতে ইয়াৰ চাহিদা বহু পৰিমাণে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ভাৰত হৈছে বেকাৰী সামগ্ৰীৰ বাবে এক মুখ্য উৎপাদন গৃহ আৰু আমেৰিকা যুক্তৰাজ্য আৰু চীনৰ পিছতে তৃতীয় সৰ্ববৃহৎ বিস্কুট নিৰ্মাণৰ দেশ ।

Facts About Bread Making

ভাৰতীয় বেকাৰী খণ্ডত ব্ৰেড, বিস্কুট, কেকৰ দৰে কিছুমান ডাঙৰ শ্ৰেণীৰ খাদ্য অন্তৰ্ভূক্ত হৈ আছে । বিগত বিত্তীয় বৰ্ষত ১৭ হাজাৰ কোটি আৰু পৰৱৰ্তী ৩.৪ বছৰত ১৩.১৫ শতাংশ অসাধাৰণ হাৰত বৃদ্ধি পাব বুলি আশা কৰা হৈছে । বৰ্ধিত নগৰীকৰণ আৰু ডিচপোজেবল ব্যৱস্থা হৈছে বেকাৰী সামগ্ৰীৰ চাহিদা বৃদ্ধি কৰাৰ মুখ্য কাৰক।
First published: