PAN CARDৰ নম্বৰত লুকাই আছে আপোনাৰ বহু ব্যক্তিগত তথ্য! জানক কি এয়া

PANৰ চতুৰ্থ নম্বৰটোৱে কয় আপুনি আয়কৰ বিভাগৰ দৃষ্টিত কোন? P হৈছে ব্যক্তিবিশেষৰ কাৰণে, C কোম্পানীৰ কাৰণে। H অবিভক্ত হিন্দু পৰিয়ালৰ কাৰণে ব্যৱহাৰ হয়। 

News18-Assam
Updated:October 3, 2019, 1:05 PM IST
PAN CARDৰ নম্বৰত লুকাই আছে আপোনাৰ বহু ব্যক্তিগত তথ্য! জানক কি এয়া
PANৰ চতুৰ্থ নম্বৰটোৱে কয় আপুনি আয়কৰ বিভাগৰ দৃষ্টিত কোন? P হৈছে ব্যক্তিবিশেষৰ কাৰণে, C কোম্পানীৰ কাৰণে। H অবিভক্ত হিন্দু পৰিয়ালৰ কাৰণে ব্যৱহাৰ হয়। 
News18-Assam
Updated: October 3, 2019, 1:05 PM IST
আমি প্ৰত্যেকেই পেন কাৰ্ড প্ৰস্তুত কৰিছো। বহুতেই হয়তো নিজৰ পেন নম্বৰ মুখস্থও ৰাখিছে। কিন্তু আপুনি জানেনে ১০অংকৰ এই আল্ফা–নিউমেৰিক নম্বৰৰ বাস্তৱত অৰ্থ কি? পেন কাৰ্ডৰ প্ৰতিটো আল্ফা–নিউমেৰিক এককৰ নিজা অৰ্থ আছে।

এই সংখ্যাটোত আচলতে পেন কাৰ্ড হল্ডাৰৰ কেতবোৰ আৱশ্যকীয় তথ্য সন্নিবিষ্ট হৈ থাকে। আয়কৰ বিভাগ, ইউনিট ট্ৰাষ্ট অৱ ইণ্ডিয়া (UTI) আৰু নেচনেল ছিকিউৰিটী ডিপ’জেটিৰি লিমিটেড (NSDL)–ৰ জৰিয়তে পেন জাৰি কৰা হয়।

পেন কাৰ্ডত সন্নিবিষ্ট সংখ্যা জাৰি কৰিবলৈ এক বিশেষ বিধি গ্ৰহণ কৰা হয়, আপোনাৰ ম’বাইল নম্বৰৰ দৰে আপোনাৰ পেন নম্বৰ ৰেণ্ডমকৈ দিয়া নহয়। আপোনাৰ ১০অংকৰ পেন জেনেৰেট হয়। ইয়াৰে পাঁচটা সংখ্যা আৰু পাঁচটা বৰ্ণ হয়। অন্তিম অংকটো সদায় বৰ্ণ হয়।

যদি আপোনাৰ পেনত ‘অ’ লেটাৰ আৰু ‘০’( শূণ্য) থাকে তেনেহ’লে আপুনি দোমোজাত পৰাটো স্বাভাৱিক। পেনৰ পেটাৰ্ণ বুজি পালে আপোনাৰ কাৰণে এই দোমোজা দূৰ হ’ব। প্ৰথম পাঁচটা কেৰেক্টাৰৰ তিনিটা কেৰেক্টাৰে আল্ফা চিৰিজক দৰ্শায়।

এয়া AAAৰ পৰা ZZZ লৈ থাকিব পাৰে। পেনৰ চতুৰ্থ অংকই আয়কৰ বিভাগৰ দৃষ্টিত আপুনি কোন সেয়া দৰ্শায়। P হৈছে ব্যক্তিবিশেষৰ কাৰণে, C কোম্পানীৰ কাৰণে। H অবিভক্ত হিন্দু পৰিয়ালৰ কাৰণে ব্যৱহাৰ হয়। A-বৰ্ণৰ অৰ্থ হৈছে কাৰ্ডধাৰক ব্যক্তিবিশেষৰ এছ’চিয়েশ্যন। ‍‍B বৰ্ণই বক্তিগোটক সূচায়। চৰকাৰী এজেন্সীৰ কাৰণে G ব্যৱহাৰ কৰা হয়। J এল্ফাবেট আৰ্টিফিচিয়েল জুৰিডিচিয়েল ব্যক্তিৰ কাৰণে ব্যৱহাৰ কৰা হয়। আনহাতে L এলফাবেটৰ প্ৰয়োগ লোক অথ’ৰিটীৰ কাৰণে ব্যৱহাৰ কৰা হয়। পেনৰ চতুৰ্থ স্থানত F আখৰ থকাৰ অৰ্থ হ’ল কাৰ্ডধাৰক কোম্পানী/লিমিটেড লাইবেলিটি পাৰ্টনাৰশ্বিপত আছে। পঞ্চম আখৰটোৱে আপোনাৰ উপাধিক সূচায় অৰ্থাৎ আপোনাৰ নাম যদি ৰমেন বৰা তেনেহ’লে আপোনাৰ পেনৰ পঞ্চম আখৰটো B  হ’ব।

যদি পেন কাৰ্ড কোনো ব্যক্তিবিশেষৰ নহয় তেনেহ’লে এই আখৰটো পেন ধাৰকৰ নামৰ প্ৰথমটো আখৰ হ’ব। ইয়াৰ পিছৰ চাৰিটা আখৰ ০০০১ৰ পৰা ৯৯৯৯লৈ থাকে। পেনৰ শেষ আখৰটো সদায় নম্বৰ হয়।

এতিয়া হয়তো আপোনাৰ নিজৰ পেন নম্বৰটো মনত ৰখাত সহজ হ’ব!

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি