• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Fashion shaming: এইকেইটা কাম কৰিবলৈ ল'ৰাবোৰে কেতিয়াও লাজ নকৰিব, বহু বিপদৰ পৰা বাচি থাকিব!

Fashion shaming: এইকেইটা কাম কৰিবলৈ ল'ৰাবোৰে কেতিয়াও লাজ নকৰিব, বহু বিপদৰ পৰা বাচি থাকিব!

সাংকেতিক ছবি

সাংকেতিক ছবি

ল'ৰাবোৰে সাধাৰণতে ভাৱে যে স্কিন কেয়াৰৰ কথা পাতিলে তেওঁলোৰ ইম্প্ৰেছন নষ্ট হ'ব। আচলতে বাস্তৱত ইয়াৰ ওলোটাহে হয়।

  • Share this:
Fashion shaming: সাধাৰণতে ল'ৰাবোৰে নিজকে বৰ বিন্দাছ দেখুৱায়। কিন্তু এনে কিছুমান কথা আছে য'ত ল'ৰাবোৰৰ লাজে সীমা চেৰাই যায়। এইয়া আচৰিত যেন লাগিলেও এইটো সচা যে ল'ৰাবোৰে ফেচন আৰু স্কিন কেয়াৰ সম্পৰ্কীয় কথাত অতি লাজ কৰা দেখা যায়। প্ৰায়েই এই বিষয়বোৰত ল'ৰাবোৰে কথা পাতিবলৈকে সংকোচ কৰে। আজিকালি এইকথাটোকে ফেচন শ্বেমিং (Fashion shaming) বুলি কোৱা হয়।

ল'ৰাবোৰে সাধাৰণতে ভাৱে যে স্কিন কেয়াৰৰ কথা পাতিলে তেওঁলোৰ ইম্প্ৰেছন নষ্ট হ'ব। আচলতে বাস্তৱত ইয়াৰ ওলোটাহে হয়। যিসকলে এইবোৰ মানি চলে তেওঁলোকক আনে বহু সময়ত অনুসৰণ কৰাহে দেখা যায়। তদপুৰি নিজৰ যতন লোৱাটো যে ব্হ্যিক জগতৰ বাবে কিমান জৰুৰী আজিকালি সকলোৱেই জানে। সেয়ে এতিয়া আৰু এনেবোৰ কথাৰ বাবে সংকোচ বা লাজ কৰি থাকি লাভ নাই।

পুৰণি কাপোৰ পিন্ধা

আজিকালি পলকতে ফেচন সলনি হয়। এনে পৰিস্থিতিত নতুন কাপোৰো সোনকালেই পুৰণি যেন লগা হয়। কিন্তু এইটোও সচা যে সকলোৰে বাবে প্ৰতি মাহে বা প্ৰতিটো ছিজনতে নতুন কাপোৰ কিনাটো সম্ভৱ নহ'ব পাৰে! সেয়ে পুৰণি কাপোৰ পিন্ধিবলৈ লাজ কিৰব নালাগে। বৰঞ্চ পুৰণি কাপোৰকে এনেকৈ বিন্দাছ পিন্ধক যেন আপোনাক আনেও ফলো কৰে।

নতুন লুক আৰু ষ্টাইল ট্ৰাই কৰা

বহু ল'ৰা আছে যিসকলে নতুন লুক আৰু ষ্টাইল লগে লগে ট্ৰাই কৰিবলৈ লাজ কৰে। তেওঁলোকে ভাবে যে এনে কৰিলে ক'ৰবাত তেওঁলোক হাঁহিয়াতৰ পাত্ৰ হৈ যাব নেকি! এই ক্ষেত্ৰৰ ৰণবীৰ সিঙক আপুনি আদৰ্শ হিচাপে ল'ব পাৰে যি কোনো নতুন ষ্টাইল আদৰি ল'বলৈ অলপো সংকোচ নকৰে। নিজকে ফেচনৰ বিষয়ত আগত ৰাখি নতুন লুক বা ষ্টাইল ট্ৰাই কৰা উচিত।

মেক আপ বা স্কিন কেয়াৰ

ল'ৰাবোৰেও নিজক ধুনীয়া, হেণ্ডচাম বা ষ্টাইলিছ হিচাপে চাব বিচাৰে। ইয়াৰ বাবে দৰকাৰ স্কিন কেয়াৰ আৰু বহু সময়ত মেক আপৰ। কিন্তু খুব কম ল'ৰা ওলাব যি এই দুটা কথাত লাজ বা সংকোচ নকৰে। কিন্তু নতুন দুনীয়াত য'ত সকলো ফটো, কেমেৰা, ভিজুৱেল আদিত প্ৰকাশ হয় তেনে ক্ষেত্ৰত মেক আপ আৰু স্কিন কেয়াৰ কেৱল ছোৱালীৰ মাজতেই সীমিত হৈ থকা নাই। সেয়ে ল'ৰাবোৰেও এই ক্ষেত্ৰত লাজ এৰিবৰ হৈছে।

লোকেল ফেচন ষ্টোৰত বজাৰ কৰা

বহু ল'ৰাই লোকেল ফেচনৰ দোকানৰ পৰা বজাৰ কৰিবলৈ লাজ কৰে। বিদেশী বা নামী-দামী ব্ৰেণ্ডেড সামগ্ৰী বজাৰ কৰি সকলোৰে ভাল লাগে। ল'ৰাবোৰে ভাবে লোকেল দোকানত বজাৰ কৰিলে তেওঁলোকক দাম কমি যাব! আচলতে যিটো বস্তু আপুনি কম দামতে পায় আৰু যাৰ ফলত আপোনাৰ বাজোটতো প্ৰভাৱ নপৰেতেনে বস্তু কিনাটোৱেই উত্তম। ফেচনটো মুহূৰ্তত সলনি হৈ যায়, পইচা লগে লগে নাহে।  দেশী ফেচনো কোনোগুণে কম নহয়।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি