কিমান শক্তিশালী আপোনাৰ পাছপ’ৰ্ট? বিশ্বৰ ১নম্বৰ পাছপ’ৰ্ট কোন ৰাষ্ট্ৰৰ?

News18 Assam | News18-Assam
Updated:January 16, 2020, 3:06 PM IST
কিমান শক্তিশালী আপোনাৰ পাছপ’ৰ্ট? বিশ্বৰ ১নম্বৰ পাছপ’ৰ্ট কোন ৰাষ্ট্ৰৰ?
বিশ্বত সকলোতকৈ শক্তিশালী জাপানৰ পাছপোৰ্ট । ৮৪ নম্বৰত আছে ভাৰতীয় পাছপোৰ্ট। ১০৭ সংখ্যক স্থানৰে তালিকাৰ শেষত আছে চুবুৰীয়া আফগানিস্তান।

বিশ্বত সকলোতকৈ শক্তিশালী জাপানৰ পাছপোৰ্ট । ৮৪ নম্বৰত আছে ভাৰতীয় পাছপোৰ্ট। ১০৭ সংখ্যক স্থানৰে তালিকাৰ শেষত আছে চুবুৰীয়া আফগানিস্তান।

  • Share this:
শেহতীয়াকৈ প্ৰকাশ পোৱা বিশ্বৰ বিভিন্ন দেশৰ পাছপোৰ্টৰ ক্ষমতাৰ তালিকাত শীর্ষ স্থান দখল কৰিছে জাপানে । Visa Free Destination ক ভিত্তি হিচাপে লৈ প্ৰস্তুত কৰা হয় এই তালিকা । যিখন পাছপোৰ্টৰে সৰ্বাধিক দেশ বিনা ভিছাৰে প্ৰৱেশ কৰিব পাৰি; সেইখনেই সকলোতকৈ শক্তিশালী । জাপানী পাছপোৰ্টৰে বিশ্বৰ সৰ্বমুঠ ১৯১ খন দেশলৈ ভিছা নোহোৱাকৈ যাব পৰা যায় ।

আনহাতে সৰ্বমুঠ ১৯০ খন দেশ বিনা ভিছাৰে প্ৰৱেশ কৰাৰ ক্ষমতাৰে দ্বিতীয় স্থান দখল কৰিছে চিংগাপুৰে। তৃতীয় স্থানত আছে দক্ষিণ কোৰিয়া ।
এই তালিকাত ভাৰতৰ স্থান ৮৪তম । ২০০৬ চনৰ পৰা প্ৰতি বছৰে নিম্নগামী হৈ আছে ভাৰতীয় পাছপোৰ্টৰ স্থান । ভাৰতীয় পাছপোৰ্টৰে বিনা ভিছা বা Visa on Arrival ৰে ৫৮ খন দেশলৈ যাব পাৰি । ১০৭ সংখ্যক স্থানৰে তালিকাৰ শেষত আছে চুবুৰীয়া আফগানিস্তান। আনহাতে ছোমালিয়াৰ সৈতে একেলগে পাকিস্তানী পাছপৰ্টৰ স্থান এই তালিকাত ১০৪।

হেনলী ৰেংকিং নামৰে জনাজাত এই তালিকা প্ৰস্তুত কৰে হেনলী পাৰ্টনাৰ্ছ নামৰ এটা প্ৰতিষ্ঠানে । International Air Transport Association (IATA) নামৰ প্ৰতিষ্ঠানটোৱে যোগান ধৰা তথ্যৰ ভিত্তিৰ প্ৰকাশ কৰা হয় এই তালিকা।
আৰু চাওক
পৰৱৰ্তী বাতৰি