আজিকালি চেলিব্ৰিটি আৰু ক্ৰিকেটাৰসকলে এক নতুন উমৈহতীয়া কথাৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে। নহয়, IPL নহয়, এয়া হৈছে NFT নামৰ এক নতুন ট্ৰেণ্ড। বোলছবি জগতৰ অমিতাভ বচ্চন আৰু চলমান খানৰ পৰা ক্ৰিকেট খেলুৱৈ জাহিৰ খান আৰু দিনেশ কাৰ্তিকলৈকে আজিকালি NFTৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে।
কিন্তু NFT নো আচলতে কি? আপুনি ইয়াত বিনিয়োগ কৰা উচিত নে? 2021 ত খলকনি তোলা NFTৰ আকৰ্ষণীয় জগতখনত ভুমুকি মাৰি চাওঁচোন আহক।
NFT আচলতে কি? NFT ৰ পূৰ্ণ ৰূপটো হৈছে non-fungible tokens; এই আভাসী সম্পদৰ কোনো ভৌতিক বা মূৰ্ত ৰূপ নাই, কিন্তু সম্পত্তিৰ মালিকে ইয়াক সম্পত্তিৰ দৰে বিক্ৰী কৰিব পাৰে। অলপ ভালদৰে বুজি লওঁ আহক।
ফাঞ্জিবিলিটিৰ অৰ্থ হৈছে বিনিময়যোগ্যতা– পঞ্চাশ টকাৰ নোট এখন আন এখন পঞ্চাশ টকাৰ সৈতে, মালিকীস্বত্ব দাবী নকৰাকৈ সলনি কৰিব পৰা যায়। দৰাচলতে, ফাঞ্জিবিলিটিয়ে কেন্দ্ৰীয় বেংকসমূহে জাৰী কৰা ফিয়াট মুদ্ৰাবোৰক বাণিজ্যৰ বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰৰ অনুমতি দিয়ে।
আনহাতে, নন-ফাঞ্জিবিলিটিৰ অৰ্থ হৈছে, সংশ্লিষ্ট টোকেন বা সম্পত্তি সলনি/বিনিময় কৰিব নোৱাৰি। সেয়েহে, আপুনি NFT হিচাপে ক্ৰয় কৰা যিকোনো শিল্পকৰ্ম বা সম্পত্তিৰ অংশ অনন্য হ'ব, আৰু ইয়াৰ মূল প্ৰতিলিপিটো সদায়ে মালিকৰ হৈ থাকিব। সেয়েহে, NFT-ক এনে ডিজিটেল সম্পদৰ ৰূপত সংগ্ৰহযোগ্য সামগ্ৰী হিচাপে ধৰা হয় যাক বিনিময় কৰিব নোৱাৰি।
NFT মালিকীস্বত্বই কাম কৰাৰ পদ্ধতি–NFTৰ ক্ষেত্ৰত Ethereum হৈছে একেবাৰে শীৰ্ষত। আপুনি INR ব্যৱহাৰ কৰি
ZebPay ৰ দৰে ক্ৰিপ্ট’-এক্সচেঞ্জত ইথাৰ (Ether) ক্ৰয় কৰিব পাৰে। ইথাৰ হৈছে ইথিৰিয়াম নেটৱৰ্কত থকা (যিটো হৈছে ব্লকচেইন) ক্ৰিপ্ট’কাৰেন্সী। মনত ৰাখিব, ক্ৰিপ্ট’কাৰেন্সীৰ মূল্যও ফাঞ্জিবল। গতিকে আপোনাৰ ওচৰত থকা এটা ইথাৰ আপোনাৰ বন্ধুৰ ওচৰত থকা অন্য এটা ইথাৰৰ সমান।
আনহাতে, আপুনি NFT এটা সৃষ্টি কৰাৰ পিছত, যিটো হৈছে আচলতে এক অনন্য ক্ৰিপ্ট’গ্ৰাফিক টোকেন, ইথিৰিয়াম ব্লকচেইন ব্যৱহাৰ কৰি, আপুনি ইয়াৰ গৰাকী হৈ থাকে আৰু এইটোক সৰ্বাধিক মূল্যৰ বিডাৰৰ ওচৰত নিলাম কৰিব পাৰে। NFT ক্ৰয় কৰাৰ কাৰ্য ক্ৰিপ্ট'কাৰেন্সীত নিলামৰ মূল্য পৰিশোধ কৰি আৰু মালিকীস্বত্ব দেখুৱাই ব্লকচেইনত আপোনাৰ নাম যোগ হৈ থকা আপোনাৰ নিজা অনন্য শিল্পকৰ্ম সংগ্ৰহ কৰাৰ দৰেই সহজ। NFT ক্ৰয় কৰা এগৰাকী ব্যক্তিয়ে এইটো আন এটা আগ্ৰহী পক্ষক বিক্ৰী কৰিব পাৰে, অৱশ্যে ব্লকচেইন প্লেটফৰ্মে ডিজিটেল ইতিহাস বজাই ৰাখিবলৈ সদায়েই সৃষ্টিকৰ্তাৰ নাম আৰু পৰৱৰ্তী মালিকসকলৰ নাম প্ৰকাশ কৰিব।
NFT যিকোনো ডিজিটেল সম্পত্তি হ’ব পাৰে- শিল্পকৰ্মৰ পৰা গতিশীল প’ষ্টাৰ, সংগীত, গে’ম প্লে, ভিডিঅ’ প’ষ্ট, মীম, অথবা আপোনাৰ নিজৰ ছচিয়েল মীডিয়াত দিয়া প’ষ্টো হ’ব পাৰে। টুইটাৰ জেক ডৰ্ছীয়ে এইবছৰতে তেওঁৰ প্ৰথমটো টুইট NFT হিচাপে 2.9 নিযুত ডলাৰ মূল্যত বিক্ৰী কৰিছিল।
NFT সমূহৰ মূল্য কিমান?ডিজিটেল শিল্পী Beeple-এ তেওঁৰ 'এভৰিডে’জ' নামৰ NFT 69 নিযুত ডলাৰত বিক্ৰী কৰাৰ পিছত বিশ্বৰ লোক NFTৰ প্ৰতি আগ্ৰহান্বিত হ’ল। তেতিয়াৰ পৰা, মানুহে সকলো ধৰণৰ NFT বিড আৰু বিক্ৰী কৰিছে যি প্ৰায়ে লাখ ডলাৰত বিক্ৰী হৈছে। 'ডিজেষ্টাৰ গাৰ্ল'ৰ দৰে মীম 473,000 ডলাৰত আৰু 'নিয়ান কেট' 590,000 ডলাৰত বিক্ৰী হৈছিল। অন্যান্য জনপ্ৰিয় NFT-ৰ ভিতৰত আছে ৰিক আৰু ম'ৰ্টি, ক্ৰিপ্ট'পাংক আৰু ৱৰ্ল্ড ৱাইড ৱেবৰ মূল উৎস কোডৰ দৰে অনন্য বস্তু।.
ভাৰতত ইয়াৰ প্ৰভাৱ – ভাৰততো NFT জনপ্ৰিয় হ’বলৈ ধৰিছে। অভিনেতা অমিতাভ বচ্চনে নিজাকৈ NFT আৰম্ভ কৰিছে, যিকেইটা তেওঁৰ জীৱনৰ সৈতে জড়িত আৰু BeyondLife নামৰ মঞ্চখনত তেওঁ পিতৃ হৰিবংশ ৰায় বচ্চনৰ বিখ্যাত কৰ্ম মধুশালাৰ আবৃত্তিও অন্তৰ্ভুক্ত। নিজাকৈ হাতেৰে এনিমেট কৰি নিৰ্মিত কৰা অনন্য শিল্পৰে NFT আৰম্ভ কৰাৰ ক্ষেত্ৰত ছানী লিয়নী হৈছে প্ৰথম বলীউড অভিনেত্ৰী। চলমান খানেও BollyCoin নামৰ এখন প্লেটফৰ্মত NFT ত তেওঁৰ প্ৰৱেশৰ কথা ঘোষণা কৰিছে।
এই ক্ষেত্ৰত ক্ৰিকেটাৰসকলো বেছি পিছ পৰি থকা নাই। দীনেশ কাৰ্তিকে নিদাহাস T-20 শৃংখলাৰ সময়ত বাংলাদেশৰ বিৰুদ্ধে মৰা অন্তিম বলটোৰ ছিক্সটোক NFT লৈ ৰূপান্তৰিত কৰিছে। ঋষভ পন্তে তেওঁৰ প্ৰতিষ্ঠিত ক্ৰিকেটৰ মুহূৰ্তবোৰৰ একচেটিয়া ডিজিটেল সংগ্ৰহযোগ্য সামগ্ৰী সৃষ্টি কৰিবৰ বাবে ক্ৰিকেট স্মাৰকসমূহৰ অনুজ্ঞাপত্ৰৰ বাবে সমৰ্পিত মঞ্চ Rario-ত যোগদান কৰিছে।
অভিনেতা বিশাল মালহোত্ৰা, ৰেপাৰ ৰফতাৰ আৰু ক্ৰিকেট ফাউণ্ডেশ্যন- ছিংগাপুৰ স্থিত ব্লকচেইন প্লেটফৰ্ম এখনে ভি.ভি.এছ. লক্ষ্মণ, পাৰ্থিৱ পেটেল, আৰ.পি. সিং, পীয়ুষ চাওলা, দীপ দাসগুপ্ত, প্ৰজ্ঞান ওঝাৰ দৰে খেলুৱৈৰ সমৰ্থনৰ সৈতে ক্ৰিকেটিং NFT প্ৰস্তুত কৰাৰ কথা ঘোষণা কৰিছে।
NFT-ক লৈ ইমানবোৰ কাৰ্য সংঘটিত হৈ থাকোঁতে, এই কথা নিশ্চয়কৈ অনুমান কৰিব পাৰি যে এই ডিজিটেল সম্পদসমূহক লৈ উন্মাদনা আৰম্ভ হৈছে হে মাথোন। এতিয়া আপুনি NFT কি সেই কথা গম পোৱাৰ পাছত, এই ব্যক্তিসকলৰ পৰা শীঘ্ৰেই আহিবলগীয়া অধিক ঘোষণাৰ প্ৰতি নজৰ ৰখা উচিত, আৰু আপোনাৰ প্ৰিয় ক্ৰিকেটাৰ বা বলীউডৰ ব্যক্তিজনৰ পৰা আপোনাৰ সংগ্ৰহত NFT ৰাখিবলৈ সক্ষম হোৱা প্ৰথম লোকসকলৰ ভিতৰত এজন হ'ব পাৰে।
আপোনাৰ নিজা ক্ৰিপ্ট’কাৰেন্সীৰ যাত্ৰা আৰম্ভ কৰি আৰু আপোনাৰ প্ৰিয় চেলিব্ৰিটিসকলৰ সৈতে খোজ মিলাই থাকিবলৈ নাপাহৰিব। আজিয়েই আপোনাৰ ক্ৰিপ্ট’ বিনিয়োগ
আৰম্ভ কৰক।
FIRST PUBLISHED : October 29, 2021, 18:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।