உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Cryptocurrency: ক্ৰিপ্ট'ৰ পৃথিৱীলৈ আপোনাৰ যাত্ৰা এতিয়াই আৰম্ভ কৰক!

    Cryptocurrency: ক্ৰিপ্ট'ৰ পৃথিৱীলৈ আপোনাৰ যাত্ৰা এতিয়াই আৰম্ভ কৰক!

    • Share this:
    যদিহে আপুনি বাহিৰৰ পৃথিৱীখনত কি ঘটি আছে তাৰ প্ৰতি অজ্ঞ নহয় তেনেহলে কোনো সন্দেহ নাই যে আপুনি ক্ৰিপ্ট'কাৰেন্সী, বিটকইন আৰু NFT ৰ দৰে শব্দ নিশ্চয় শুনিবলৈ পাইছে। যদি আপুনি ক্ৰিপ্ট'কাৰেন্সী, বিটকইন আৰু NFT ৰ দৰে শব্দ শুনিছে তেনে এইটো এটা উৎকৃষ্ট আৰম্ভণি। কিন্তু আমাৰ বহুতে কেৱল সজাগতাৰ এইটো পৰ্যায়তে আছে। যদি আপুনি ইতিমধ্যে এইটো পৰ্যায়ত আছে তেনে আপুনি এইটোও জানে যে ভাৰতত ক্ৰিপ্ট'কাৰেন্সীৰ ব্যৱসায় নিষিদ্ধ নহয়। আপুনি আপোনাৰ সামৰ্থ্য আৰু ইচ্ছা অনুসৰি ক্ৰিপ্ট'কাৰেন্সীৰ ব্যৱসায় কৰিব পাৰে।

    PayPal, ভিছা আৰু মাষ্টাৰকাৰ্ডৰ দৰে বিত্তীয় প্ৰতিষ্ঠানৰ লগতে এল চালভাডৰৰ দৰে দেশবোৰে অতি ব্যাপকভাৱে ক্ৰিপ্ট'কাৰেন্সীৰ ব্যৱহাৰ আৰম্ভ কৰিছে। ক্ৰিপ্ট'কাৰেন্সীৰ সৰ্বোচ্চ সুবিধা বা লাভালাভ উপভোগ কৰিবলৈ ক্ৰিপ্ট'ৰ পৃথিৱীত আপোনাৰ নিজৰ যাত্ৰা আৰম্ভ কৰাৰ এয়াই উৎকৃষ্ট সময়।

    ক্ৰিপ্ট' আপোনাক কিয় প্ৰয়োজন –
    আহক আমি বাস্তৱিক হৈ এবাৰ স্বীকাৰ কৰোঁ যে ক্ৰিপ্ট'কাৰেন্সীৰ এই ৰোমাঞ্চ বা আকৰ্ষণৰ উদ্বেগ মিছা নহয়। এইটোও স্বীকাৰ কৰিবলগীয়া যে বিটকইন হৈছে যোৱা দশকত যিকোনো লোকে কৰিব পৰা সৰ্বশ্ৰেষ্ঠ বিনিয়োগসমূহৰ ভিতৰত এটা। গতিকে যদি আপুনি 2010 চনত 10,000 টকা মূল্যৰ বিটকইন ক্ৰয় কৰিছিল তেনে মাত্ৰ সাত বছৰ পিছত 2017 চনত আপুনি 66 কোটি টকাৰ মালিক হব। এনে এটা সময়ত যেতিয়া জুলাই 2017 ত 1 টা বিটকইনৰ মূল্য আছিল 2779 আমেৰিকান ডলাৰ, সেয়া হৈছে মাত্ৰ সাত বছৰত 66,00,000% বৃদ্ধি।

    2017 চনৰ পৰা বিটকইনৰ দাম আৰু অধিক আকাশচুম্বী হৈছিল। এটা বিটকইনৰ মূল্য বৰ্তমান 46,000 আমেৰিকান ডলাৰ (34.46 লাখ ভাৰতীয় টকা)তকৈ অধিক। যদিহে আপুনি আন যিকোনো সম্পদৰ শ্ৰেণী দেখুৱাই দিব পাৰে যিয়ে এনে বৃদ্ধিৰ হাৰ দেখিছে তেনে আমি ক্ৰিপ্ট'কাৰেন্সীৰ বিষয়ে ভুল আছিলো বুলি স্বীকাৰ কৰিবলৈ বাধ্য হম।
    বিশ্লেষকসকলে কয় যে 2025 চনৰ ডিচেম্বৰৰ ভিতৰত প্ৰতিটো বিটকইনৰ মূল্য 318417 ডলাৰ (2.36 কোটি ভাৰতীয় টকা) হ'বলৈ গৈ আছে। এইটো ক্ৰিপ্ট'কাৰেন্সীত প্ৰথমবাৰৰ বাবে বিনিয়োগ কৰাসকল জঁপিয়াই পৰাৰ বাবে এক শুভ লক্ষণ। আৰু এই বিনিয়োগৰ জৰিয়তে আপুনি এতিয়াও বিটকইনৰ বিকাশৰ কাহিনীৰ এটা অংশ হ'ব পাৰে।

    ক্ৰিপ্ট'কাৰেন্সী: কেনেকৈ আৰম্ভ কৰিব লাগে
    এতিয়া যিহেতু আপুনি ক্ৰিপ্ট'কাৰেন্সীত বিনিয়োগ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে সেয়েহে এই নতুন সম্পদ শ্ৰেণীলৈ আপোনাক কিহে আকৰ্ষণ কৰিছে আপুনি জনাটো দৰকাৰী। মূলতঃ যেতিয়াই আপুনি এবাৰ অনুভৱ কৰিব যে ক্ৰিপ্ট' হৈছে ভৱিষ্যত তেতিয়া আপুনি স্বয়ংক্ৰিয়ভাৱে সেইবোৰৰ প্ৰতি আকৰ্ষিত হ'ব।

    আপুনি আপোনাৰ মন স্থিৰ কৰাৰ পিছত আপুনি কোনটো ক্ৰিপ্ট'ত বিনিয়োগ কৰিব বিচাৰে আৰু কিমান টকা বিনিয়োগ কৰিব বিচাৰে সেইটো বাছনি কৰিব লাগিব। প্ৰথমেই বিটকইন আৰু ইথেৰিয়ামৰ দৰে জনপ্ৰিয় বিকল্পবোৰ চাওক। কিন্তু লগতে কম পৰিচিত মুদ্ৰাসমূহৰৰ প্ৰতিও চকু ৰাখিব যিবোৰৰ জনপ্ৰিয় সমপৰ্য্যায়ৰ মুদ্ৰাসমূহৰ তুলনাত চমৎকাৰভাৱে দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

    ধন বিনিয়োগ কৰিবলৈ আপুনি প্ৰথমে ভাৰতত এটা ক্ৰিপ্ট' এক্সচেঞ্জ সেৱাৰ সৈতে ছাইন আপ কৰিব লাগিব। ছাইন আপ কৰাৰ পিছত KYC প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰক। তাৰ পিছত আপোনাৰ প্ৰথম ক্ৰিপ্ট' ক্ৰয় কৰিবলৈ আপোনাৰ বেংকৰ পৰা এক্সচেঞ্জলৈ পুঁজি স্থানান্তৰ কৰক। আমি বহুতো কাৰণৰ বাবে বিটকইন এক্সচেঞ্জ এপ ZebPay ৰ পৰামৰ্শ দিওঁ। ইয়াৰ প্ৰধান কাৰণ হৈছে এইটো দেশৰ আটাইতকৈ পুৰণি আৰু আটাইতকৈ সুপৰিচিত ক্ৰিপ্ট' এক্সচেঞ্জবোৰৰ ভিতৰত এটা।

    ZebPay যি আমাক ইয়াৰ সহজে পৰিচালিত কৰিব পৰা আৰু বিশৃংখলতা-মুক্ত এপৰ দ্বাৰা প্ৰভাৱিত কৰিছিল। ZebPay ত কিছুমান অনন্য বৈশিষ্ট্যও আছে যিয়ে এইটোৱে উচিত এপ হব বুলি পৰামৰ্শ দিয়াটো সহজ কৰি তোলে। উদাহৰণ স্বৰূপে ZebPay Earn ৰ কথা লব পাৰি। এই সুবিধাটোৱে আপোনাক কেৱল ক্ৰিপ্ট' জমা কৰি ৰখাৰ বাবে ক্ৰিপ্ট' উপাৰ্জন কৰিবলৈ অনুমতি দিয়ে। এইটো আপোনাৰ ক্ৰিপ্ট' সঞ্চয়ৰ ওপৰত আপুনি সূতৰ হাৰ পোৱাৰ দৰে কথা। আপুনি কোনবোৰ মুদ্ৰা ধৰি ৰাখে তাৰ ওপৰত নিৰ্ভৰ কৰি ৰিটাৰ্ণৰ হাৰ 1% ৰ পৰা 7.5% ৰ ভিতৰত পৃথক হয়। একো নকৰাকৈ বহি বহি ক্ৰিপ্ট' উপাৰ্জন কৰা ইয়াতকৈ বেছি কেতিয়াও সহজ হোৱা নাছিল।

    প্ৰথমবাৰৰ বাবে ক্ৰিপ্ট' বিনিয়োগকাৰী হিচাপে আপুনি জানিবলগীয়া কথাবোৰ
    অতিৰিক্ত সমল হিচাপে আপুনি প্ৰথমবাৰৰ বাবে বিনিয়োগ কৰাৰ সময়ত নিম্নলিখিত কথাবোৰ মনত ৰাখিব।

    1 - বিনিয়োগৰ আৰম্ভণিতে ক্ৰিপ্ট'কাৰেন্সীত আপোনাৰ পৰ্টফলিঅ'ৰ সামান্য পৰিমাণ আৱণ্টন কৰক। আপুনি হেৰুৱাব পৰাৰ ক্ষমতাতকৈ অধিক ধন আৱণ্টন নকৰিব।
    2 – ক্ৰিপ্ট'কাৰেন্সীত বিনিয়োগ আৰম্ভ কৰিবলৈ আপোনাক হাজাৰ হাজাৰ টকাৰ প্ৰয়োজন নাই। এক্সচেঞ্জবোৰে সাধাৰণতে নূন্যতম 100 INR ৰ সৈতে বিনিয়োগ আৰম্ভ কৰাৰ বিকল্প প্ৰদান কৰে। এনেদৰে আপুনি এটা সম্পূৰ্ণ মুদ্ৰাৰ সলনি বিটকইনৰ দৰে যিকোনো ক্ৰিপ্ট'ৰ এটা ভগ্নাংশ ক্ৰয় কৰিব পাৰে।
    3 – চৰকাৰৰ ফালৰ পৰা প্ৰৱৰ্তন কৰা নিয়ম আৰু বাতৰিৰ প্ৰতি নজৰ ৰাখিব। যদিও ভাৰতত ক্ৰিপ্ট' নিষিদ্ধ নহয় ইয়াৰ নিয়ন্ত্ৰণ সম্পৰ্কে বহুতো পৰস্পৰ বিৰোধী তথ্য থাকিব পাৰে। শেহতীয়া তথ্যৰ সৈতে আপ টু ডেট হৈ থাকিবলৈ সঠিক গোট, ফ'ৰাম আৰু বাতৰিৰ উৎস অনুসৰণ কৰক।
    4– সেই সোণালী প্ৰবাদটো মনত ৰাখিব: যদি কিবা এটা সঁচা হ'বলৈ অত্যাধিক ভাল হয়, সেয়া সম্ভৱতঃ হয়। কিছুমান ক্ৰিপ্ট' এক্সচেঞ্জে স্বাভাৱিক হাৰতকৈ অত্যাধিক ৰিটাৰ্ণ প্ৰদান কৰে কিন্তু যদি ক্ৰিপ্ট'কাৰেন্সীবোৰ ক্ৰেছ হয় তেনে আপুনি এবাৰতে সকলো বিনিয়োগ হেৰুৱাব। ZebPay ৰ দৰে জ্ঞাত আৰু পৰিচিত ক্ৰিপ্ট' এক্সচেঞ্জৰ জৰিয়তে বিনিয়োগ কৰক।
    ক্ৰিপ্ট'কাৰেন্সীৰ পৃথিৱীলৈ আপোনাৰ নতুন যাত্ৰাৰ বাবে আমি আপোনাক শুভকামনা জনাইছো। যিহেতু এজন সফল ক্ৰিপ্টোকাৰেন্সী বিনিয়োগকাৰী হ'বলৈ আপোনাক প্ৰয়োজনীয় সকলো তথ্যৰ আমি ভাগ বতৰা কৰোঁ সেয়েহে আমাৰ লগত থাকক আৰু ঘনাই আমাক সাক্ষাৎ কৰক।

    স্পষ্টীকৰণ:
    ক্ৰিপ্ট'কাৰেন্সীবোৰ অনিয়ন্ত্ৰিত ডিজিটেল সম্পদ আৰু এইবোৰ আইনী মুদ্ৰা নহয়। অতীতৰ প্ৰদৰ্শন ভৱিষ্যতৰ ফলাফলৰ কোনো নিশ্চয়তা নহয়। ক্ৰিপ্ট'কাৰেন্সীত বিনিয়োগ/ব্যৱসায় বজাৰৰ শংকা আৰু আইনী শংকা সাপেক্ষে।
    First published: