মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»কৃষকৰ বাবে পেঞ্চন! কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ বিষয়ে জানেনে? আজিয়েই লওক সুবিধা...

কৃষকৰ বাবে পেঞ্চন! কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ বিষয়ে জানেনে? আজিয়েই লওক সুবিধা...

News18 Assam | News18-Assam
Updated:September 5, 2021, 12:43 PM IST
কৃষকৰ বাবে পেঞ্চন! কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ বিষয়ে জানেনে? আজিয়েই লওক সুবিধা...
দেশৰ কৃষকসকলক আৰ্থিক ভাবে টনকিয়াল কৰিবলৈ একাধিক যোজনা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

দেশৰ কৃষকসকলক আৰ্থিক ভাবে টনকিয়াল কৰিবলৈ একাধিক যোজনা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

  • News18 Assam
  • Last Updated: September 5, 2021, 12:43 PM IST
  • Share this:
দেশৰ কৃষকসকলক আৰ্থিক ভাবে টনকিয়াল কৰিবলৈ একাধিক যোজনা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই  যোজনা সমূহৰ উদ্দেশ্য এটাই- কৃষকক অৰ্থনৈতিক নিৰাপত্তা দিয়া। এই যোজনাত নাম মাত্ৰ টকা ব্যয় কৰিয়েই পাব পাৰে বৃহৎ অৰ্থনৈতিক নিৰাপত্তা।  এটা আচঁনি হৈছে প্ৰধানমন্ত্ৰী মনধন যোজনা ( PM Mandhan Yojana)। কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিখন হৈছে এখন পেঞ্চন যোজনা। এই পেঞ্চন যোজনাত ৬০ বছৰ বয়সৰ পৰা কৃষকে লাভ কৰিব পাৰিব  মাহে ৩০০০ টকাকৈ পেঞ্চন।

এই যোজনাৰ অধীনত কৃষকে যিমান টকা জমা কৰিব সিমান পৰিমাণৰ টকা চৰকাৰৰ ফালৰ পৰাও দিয়া হয়। মাহে ৫৫ টকাৰ পৰা ২০০ টকালৈ প্ৰিমিয়াম জমা কৰিব পাৰিব কৃষকে। যোজনা চলি থকা সময়ত কোনোৱে বন্ধ কৰিব বিচাৰিলে সুতসহ জমা টকা ঘূৰাই দিয়া হ'ব। আচঁনিত অংশগ্ৰহণ কৰা কৃষকৰ মৃত্যু হ'লে তেওঁৰ পত্নীয়ে ১৫০০ টকাকৈ মাহিলী পেঞ্চন পাই থাকিব।

কিষাণ মনধন যোজনাৰ লাভ ১৮ ৰ পৰা ৪০ বছৰ বয়সৰ ভিতৰৰ যি কোনো কৃষকে ল'ব পাৰিব।


  • ইয়াৰ বাবে ২ হেক্টৰ ( ৭ বিঘা ) মাটি থাকিব লাগিব।

  • কমপক্ষে ২০ বছৰ আৰু অধিকতম ৪০ বছৰ পৰ্য্যন্ত ৫৫ টকাৰ পৰা ২০০ টকাৰ ভিতৰত মাহিলী প্ৰিমিয়াম দিব লাগিব। কিমান টকা প্ৰিমিয়াম দিব লাগিব সেয়া কৃষকৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰিব।

  • ১৮ বছৰ বয়সৰ পৰা আৰম্ভ কৰিলে প্ৰিমিয়াম ৫৫ টকাকৈ প্ৰতি মাহে দিব লাগিব।


  • ৩০ বছৰ বয়সৰ কৃষকৰ বাবে ১১০ টকা আৰু ৪০ বছৰ বয়সৰ কৃষকৰ বাবে জমা কৰিব লাগিব ২০০ টকা।

  • কেন্দ্ৰীয় চৰকাৰৰ এই যোজনাৰ লাভ পিএম কিষণ সন্মান নিধি আচঁনি লাভ কৰা সকলো কৃষকে পাব।

Published by: Himangshu Bhuyan
First published: September 5, 2021, 12:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি