ৰে’লৰ টিকট কনফাৰ্ম হোৱা নাই নেকি? কেনেকৈ যাত্ৰা কৰিব আপুনি?

টিকট নিশ্চিত নোহোৱা সকলো ৰে’ল আৰু সকলো শ্ৰেণীৰ যাত্ৰীয়ে এই আঁচনিৰ সুবিধা ল’ব পাৰে।

news18assam
Updated:June 5, 2019, 11:41 AM IST
ৰে’লৰ টিকট কনফাৰ্ম হোৱা নাই নেকি? কেনেকৈ যাত্ৰা কৰিব আপুনি?
টিকট নিশ্চিত নোহোৱা সকলো ৰে’ল আৰু সকলো শ্ৰেণীৰ যাত্ৰীয়ে এই আঁচনিৰ সুবিধা ল’ব পাৰে।
news18assam
Updated: June 5, 2019, 11:41 AM IST
ৰে’লত যাত্ৰা কৰিবলৈ যদি আপোনাৰ টিকট নিশ্চিত হোৱা নাই তেন্তে চিন্তাৰ কোনো প্ৰয়োজন নাই। ইয়াৰ বাবে IRCTCৰ বিকল্প আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰে আপুনি। এই আঁচনি অনুসৰি যদি যাত্ৰীৰ যাত্ৰা আৰম্ভ হোৱাৰ সময়লৈ আসন নাপায় তেন্তে সেই যাত্ৰীগৰাকীক সেই পথেৰে চলিবলগীয়া আন ৰে’লত আসন প্ৰদান কৰা হয়। টিকট নিশ্চিত নোহোৱা সকলো ৰে’ল আৰু সকলো শ্ৰেণীৰ যাত্ৰীয়ে এই আঁচনিৰ সুবিধা ল’ব পাৰে। 

জানো আহক এই বিকল্প আঁচনিৰ বিষয়ে –

কি এই বিকল্প আঁচনি

ৱেটিং লিষ্টত থকা যাত্ৰীৰ সুবিধাৰ বাবে ৰে’ল মন্ত্ৰণালয়ে এই বিকল্প আঁচনি আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে ৱেটিং লিষ্টত থকা যাত্ৰীক অন্য ৰে’লত আসন লাভ কৰাৰ সুবিধা প্ৰদান কৰা হয়। ইয়াৰ উদ্দেশ্য এয়ে যে, কোনো ৰে’লত খালী হৈ থকা আসনৰ সদ্ব্যৱহাৰ কৰা। এই বিকল্প অনলাইনেই নহয়, উইনড’ টিকটতো উপলব্ধ।

নিয়ম আৰু চৰ্ত
এই বিকল্প নিৰ্বাচনৰ অৰ্থ এয়া নহয় যে আপুনি অন্য ৰে’লৰ বাবে কনফাৰ্ম টিকট পাই যাব। এয়া ৰে’ল আৰু আসনৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰে। এই সুবিধাৰ ক্ষেত্ৰত কেইবাটাও নিয়ম আছে, যেনে – কোন ষ্টেচনৰ পৰা যাত্ৰা কৰিব আৰু ক’লৈ আপুনি আসন লাভ কৰিব, সেয়া পৰিৱৰ্তন হ’ব পাৰে।

আঁচনিৰ সুবিধা

বিকল্প আঁচনি সকলো ৰে’ল আৰু শ্ৰেণীৰ বাবে প্ৰযোজ্য। এই আঁচনি ৱেটিং লিষ্টত থকা যাত্ৰীৰ বাবেহে। এই আঁচনিৰ জৰিয়তে যাত্ৰীয়ে এবাৰত ৫খন ৰে’লৰ বিকল্প সুবিধা পাব পাৰে।

কোনো অতিৰিক্ত মাচুল নাই
যদি যাত্ৰীয়ে আন ৰে’লত আসন লাভ কৰে তেন্তে তাৰ বাবে কোনো অতিৰিক্ত মাচুল লোৱা নহয়। যদি যাত্ৰীয়ে আন ৰে’লত আসন লাভ কৰে তেন্তে তেওঁ পুনৰ টিকট বুক কৰা ৰে’লত যাত্ৰা কৰিব নোৱাৰিব।

ৰিফাণ্ড ক্লেইম
যদি যাত্ৰীয়ে আন ৰে’লতো আসন লাভ নকৰে তেন্তে TDRৰ জৰিয়তে ধন ঘূৰাই লোৱাৰ বাবে আবেদন কৰিব পাৰে। বিকল্প আঁচনিৰ জৰিয়তে ৰে’ল নিৰ্বাচন কৰাৰ পিছত সলনি কৰিব নোৱাৰিব।
আৰু চাওক পৰৱৰ্তী বাতৰি