• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ১ আগষ্টৰ পৰা সলনি হ’ব বেংকৰ এইবোৰ নিয়ম, আপোনাৰ পকেটত পৰিব পোনপটীয়া প্ৰভাৱ

১ আগষ্টৰ পৰা সলনি হ’ব বেংকৰ এইবোৰ নিয়ম, আপোনাৰ পকেটত পৰিব পোনপটীয়া প্ৰভাৱ

 আগষ্টৰ পৰা চেকৰ ক্লিয়াৰেন্সক লৈ আৰবিআইৰ গাইডলাইনৰ পালন কৰি বেংক অব বৰোদাই নিজৰ চেক পৰিশোধৰ নিয়ম সলনি কৰিব।

আগষ্টৰ পৰা চেকৰ ক্লিয়াৰেন্সক লৈ আৰবিআইৰ গাইডলাইনৰ পালন কৰি বেংক অব বৰোদাই নিজৰ চেক পৰিশোধৰ নিয়ম সলনি কৰিব।

আগষ্টৰ পৰা চেকৰ ক্লিয়াৰেন্সক লৈ আৰবিআইৰ গাইডলাইনৰ পালন কৰি বেংক অব বৰোদাই নিজৰ চেক পৰিশোধৰ নিয়ম সলনি কৰিব।

  • Share this:
সোমবাৰৰ পৰা আগষ্ট মাহ আৰম্ভ হ’ব। আগষ্ট মাহ পৰাৰ লগে লগে বেংকিং ব্যৱস্থাৰে জড়িত কেইবাটাও নিয়ম আৰু বেংক এটিএম সম্বন্ধীয় কেইবাটাও নিয়মৰ সালসলনি হ’ব। এই সালসলনিৰ ফলত আপোনাৰ পকেটত পৰিব পাৰে পোনপটীয়া প্ৰভাৱ।

Bank of Barodaৰ গ্ৰাহকসকলে মন কৰক

১ আগষ্টৰ পৰা চেকৰ ক্লিয়াৰেন্সক লৈ আৰবিআইৰ গাইডলাইনৰ পালন কৰি বেংক অব বৰোদাই নিজৰ চেক পৰিশোধৰ নিয়ম সলনি কৰিব। বেংকে নিজৰ গ্ৰাহকক জনাইছে যে ১ আগষ্টৰ পৰা ৫ লাখ বা তাতকৈ অধিক ধনৰাশিৰ চেকৰ পৰিশোধৰ বাবে পজিটিভ পে ছিষ্টেম বাধ্যতামূলক হ’ব।

কি এই পজিটিভ পে ছিষ্টেম

দেশৰ কেন্দ্ৰীয় বেংক ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকিং প্ৰৱঞ্চনা ৰোধ কৰাৰ বাবে ২০২০ বৰ্ষত চেকৰ বাবে Positive Pay System আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল। এই ছিষ্টেমৰ জৰিয়তে চেকৰ জৰিয়তে ৫০ হাজাৰ টকাৰ অধিক পৰিশোধৰ বাবে কিছু মুখ্য তথ্যৰ আৱশ্যক হ’ব পাৰে। এই ছিষ্টেমৰ জৰিয়তে চেকৰ তথ্য মেছেজ, ম’বাইল এপ, ইণ্টাৰনেট বেংকিং বা এটিএমৰ জৰিয়তে দিয়া হ’ব পাৰে। চেকৰ পেমেণ্ট কৰাৰ পূৰ্বে এই তথ্য পৰীক্ষা কৰা হয়।

আগষ্টত ১৩ দিন বন্ধ থাকিব বেংক

আগষ্ট মাহত বিভিন্ন উৎসৱৰ বাবে ১৩দিন বন্ধ থাকিব বেংক। স্বাধীনতা দিৱস, ৰাখীবন্ধন, জন্মাষ্টমী আৰু গণেশ চতুৰ্থীৰ দৰে উৎসৱ এই মাহতে হয়। যদি আপোনাৰ বেংকত কোনো কাম থাকে তেন্তে আগষ্টৰ বন্ধৰ তালিকা নিশ্চয় চাই ল’ব।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি