মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »GOLD Hallmarking: আজিৰে পৰা সোণৰ গহনাৰ ক্ষেত্ৰত সলনি হৈছে এইবোৰ নিয়ম ! আপুনিও জানি লওক সকলো অন্যথা যাব লাগিব কাৰাগাৰলৈ...

GOLD Hallmarking: আজিৰে পৰা সোণৰ গহনাৰ ক্ষেত্ৰত সলনি হৈছে এইবোৰ নিয়ম ! আপুনিও জানি লওক সকলো অন্যথা যাব লাগিব কাৰাগাৰলৈ...

আজিৰ পৰা অৰ্থাৎ ১৫ জুনৰ পৰা সোণৰ হোলমাৰ্কিং (GOLD Hallmarking) বাধ্যতামূলক কৰা হৈছে। এনে পৰিস্থিতিত যদি আপুনি সোণৰ ক্ৰয়ৰ বাবে গৈছে তেন্তে ইয়াৰ ?

আজিৰ পৰা অৰ্থাৎ ১৫ জুনৰ পৰা সোণৰ হোলমাৰ্কিং (GOLD Hallmarking) বাধ্যতামূলক কৰা হৈছে। এনে পৰিস্থিতিত যদি আপুনি সোণৰ ক্ৰয়ৰ বাবে গৈছে তেন্তে ইয়াৰ ?

আজিৰ পৰা অৰ্থাৎ ১৫ জুনৰ পৰা সোণৰ হোলমাৰ্কিং (GOLD Hallmarking) বাধ্যতামূলক কৰা হৈছে। এনে পৰিস্থিতিত যদি আপুনি সোণৰ ক্ৰয়ৰ বাবে গৈছে তেন্তে ইয়াৰ ?

  • Share this:
যদি আপুনি সোণ কিনিবৰ বাবে আগ্ৰহী হৈ আছে তেন্তে এইটো আপোনাৰ বাবে প্ৰয়োজনীয় খবৰ। আজিৰ পৰা অৰ্থাৎ ১৫ জুনৰ পৰা সোণৰ হোলমাৰ্কিং (GOLD Hallmarking) বাধ্যতামূলক কৰা হৈছে। এনে পৰিস্থিতিত যদি আপুনি সোণৰ ক্ৰয়ৰ বাবে গৈছে তেন্তে ইয়াৰ পূৰ্বে এই নিয়মবোৰ জনাটো গুৰুত্বপূৰ্ণ। কেন্দ্ৰীয় চৰকাৰে সোণৰ গহনাত বিআইএছ হলমাৰ্কিং বাধ্যতামূলক কৰিছে। ১৫ জুনৰ পৰা সকলো অলংকাৰ বিক্ৰেতাৰ বাবে কেৱল বিআইএছ প্ৰমাণিত গহনা বিক্ৰী কৰাটো বাধ্যতামূলক।

কেন্দ্ৰীয় চৰকাৰে যোৱা ডেৰ বছৰ ধৰি সোণৰ হোলমাৰ্কিঙৰ পৰিকল্পনা কৰি আহিছে আৰু আজিৰ পৰা সমগ্ৰ দেশতে এই নিৰ্দেশ কাৰ্যকৰী কৰা হৈছে। এই নিৰ্দেশ দেশত পূৰ্বেও কাৰ্যকৰী কৰিব পাৰিলেহেঁতেন, কিন্তু দেশত মহামাৰী কোৰোণাৰ বাবে ইয়াক কাৰ্যকৰী কৰিব পৰা নগ'ল। এই নিয়মে সাধাৰণ ৰাইজক কেনেদৰে প্ৰভাৱিত কৰিব সেই বিষয়ে এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক।

গোল্ড হোলমাৰ্কিং কি?

উল্লেখ্য যে, সোণৰ হোলমাৰ্কিঙৰ অধীনত, দেশৰ সকলো সোণ ব্যৱসায়ীয়ে সোণৰ অলংকাৰ বা শিল্পকৰ্ম বিক্ৰী কৰাৰ বাবে বিআইএছ মানদণ্ড পূৰণ কৰিব লাগে। মানদণ্ড পূৰণ নকৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

কাৰাগাৰলৈও নিক্ষেপ কৰিব পাৰে

যদি কোনোবাই চৰকাৰে জাৰি কৰা নিয়মবোৰ পালন নকৰে, তেন্তে তেওঁ বিআইএছ আইন, ২০১৬ৰ ধাৰা ২৯ৰ অধীনত এবছৰলৈকে কাৰাবাস খটাৰ লগতে ১ লাখ টকাৰো অধিক জৰিমনা ভৰিব লাগিব পাৰে।

কিমান কেৰেট সোণৰ হোলমাৰ্কিং হ'ব?

আপোনাক জনাও যে ১৪ কেৰেট, ১৮ কেৰেট আৰু ২২ কেৰেট বিশুদ্ধতাৰ সৈতে সোণৰ হোলমাৰ্কিং কৰা হ'ব।

ঘৰত থকা সোণবোৰৰ কি হ'ব ?

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনাৰ ঘৰত থকা সোণবোৰৰ কি হ'ব? যদি আপোনাৰো এনে অনুভৱ হৈছে,তেন্তে জানি লওক যে সোণৰ গহনা বিক্ৰী কৰা জুৱেলাৰৰ ক্ষেত্ৰতহে এই হোলমাৰ্কিং নিয়ম প্ৰযোজ্য হ'ব। গ্ৰাহকসকলে তেওঁলোকৰ গহনাবোৰ হোলমাৰ্ক অবিহনেই জুৱেলাৰক বিক্ৰী কৰিব পাৰে।

এই নিয়মৰ পৰা কি লাভ হ'ব?

চৰকাৰৰ এই পদক্ষেপে সহজেই সোণৰ বিশুদ্ধতা প্ৰমাণ কৰিব। ইয়াৰ প্ৰমাণে হস্তশিল্পৰ সোণৰ বজাৰকো বৃদ্ধি কৰিব। লগে লগে গহনা উদ্যোগটোও সম্প্ৰসাৰিত হ'ব। বৰ্তমান, সমগ্ৰ দেশৰ ২৩৪ খন জিলাত ৮৯২ টা হোলমাৰ্কিং কেন্দ্ৰ কাৰ্যকৰী হৈ আছে যি ২৮,৮৪৯ বিআইএছ পঞ্জীভুক্ত জুৱেলাৰৰ বাবে হোলমাৰ্ক কৰে। অৱশ্যে, এই সংখ্যা এতিয়া আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

শেহতীয়া বাতৰি