உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Viral Video: বিদ্যালয়ত প্ৰাৰ্থনাৰ সময়ত নকৰিবলগীয়া কাম কৰিলে শিশুৱে, ভিডিঅ'টো চাওক, আপোনাৰো শৈশৱলৈ মনত পৰিব...

    Viral Video: বিদ্যালয়ত প্ৰাৰ্থনাৰ সময়ত নকৰিবলগীয়া কাম কৰিলে শিশুৱে, ভিডিঅ'টো চাওক, আপোনাৰো শৈশৱলৈ মনত পৰিব...

    Viral Video

    Viral Video

    Viral Video: অৱনিশ শাৰণ নামৰ লোকজনে এই ভিডিঅ'টো শ্বেয়াৰ কৰিছে টুইটাৰত। ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁ লিখিছে- School Time. Can anyone relate? 

    • Share this:
    বিদ্যালয়ত কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ কিছুমান কামে সকলোৰে মন মুহি নিয়ে। এনে কিছুমান নকৰিবলগীয়া কাম কৰে এই কণমানিসকলে যে খং উঠিলেও শিক্ষকসকলে একো কৰিব নোৱাৰা হৈ পৰে।  কণমানিসকলৰ নিষ্পাপ মনবোৰত এনে কিছুমান কথা চলি থাকে যে তেওঁলোকে সেইবোৰ নকৰাকৈ থাকিব নোৱাৰে। বিশেষকৈ প্ৰাৰ্থনাৰ সময়ত কণমানিসকলে নানা ধৰণৰ মৰমলগা দুষ্টালি কৰে। এনে এটা ভিডিঅ' এজন লোকে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে যিটো দেখি বহু লোকেই ৰিয়েক্ট কৰিছে আৰু নিজৰ নিজৰ শৈশৱৰ কথা মনত পেলাইছে।

    এই ভিডিঅ'টোত এটি কণমানিয়ে প্ৰাৰ্থনাৰ সময়ত কিমান চতুৰ ভাৱে ললীপপ খাই আছে তাকে দেখিলে আপোনাৰো মৰম লাগিব...চাওক ভিডিঅ'টো



    অৱনিশ শাৰণ নামৰ লোকজনে এই ভিডিঅ'টো শ্বেয়াৰ কৰিছে টুইটাৰত। ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁ লিখিছে- School Time. Can anyone relate?

    ভিডিঅ'টোত বহুজনে ৰিয়েক্ট কৰিছে আৰু শৈশৱৰ স্কুলীয়া দিনৰ কথা সুৱৰিছে।

    ভিডিঅ'টো কোন স্কুলৰ সেয়া জানিব পৰা হোৱা নাই। কিন্তু ভিডিঅ'টো  দেখা গৈছে যে চকু মুদি শিশুটিয়ে অতি মনযোগেৰে প্ৰাৰ্থনা গাইছে আৰু সমান মনযোগেৰে ললীপপ খাই আছে।
    Published by:Manjumoni Borah
    First published: