সলনি হ’ল খেলৰত্ন পুৰস্কাৰৰ নাম। খেলৰত্ন বঁটাৰ পৰা ৰাজীৱ গান্ধীৰ নাম প্ৰত্যাহাৰ। এতিয়াৰে পৰা ভাৰতত প্ৰদান কৰি অহা খেলৰত্ন পুৰস্কাৰৰ নাম হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দৰ নামেৰে ৰখা হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে এই ঘোষণা কৰে। মোদীয়ে কয় যে জনতাই দীৰ্ঘদিন ধৰি এই দাবী কৰি আহিছিল। নতুন ঘোষণাৰ পিছত এতিয়া পুৰস্কাৰটোৰ নাম মেজৰ ধ্যানচান্দ খেলৰত্ন পুৰস্কাৰ হ’ব। গুৰুত্বপূৰ্ণ কথাটো হ’ল ইয়াৰ এদিন পূৰ্বে ভাৰতে হকীত টকিঅ’ত চলি থকা অলিম্পিক ২০২০ত জাৰ্মানীক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক দখল কৰিছে।
প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰিছে, ‘দেশক গৌৰৱান্বিত কৰা সময়ৰ মাজতে বহু জনসাধাৰণৰ দাবী পোহৰলৈ আহিছিল যে খেলৰত্ন পুৰস্কাৰৰ নাম মেজৰ ধ্যানচান্দৰ নামত সমৰ্পণ কৰা হওক। জনতাৰ ভাৱনালৈ লক্ষ্য ৰাখি ইয়াৰ নাম এতিয়া মেজৰ ধ্যানচান্দ খেলৰত্ন পুৰস্কাৰ কৰা হৈছে। জয় হিন্দ!’
देश को गर्वित कर देने वाले पलों के बीच अनेक देशवासियों का ये आग्रह भी सामने आया है कि खेल रत्न पुरस्कार का नाम मेजर ध्यानचंद जी को समर्पित किया जाए। लोगों की भावनाओं को देखते हुए, इसका नाम अब मेजर ध्यानचंद खेल रत्न पुरस्कार किया जा रहा है।