
কোৰোণাৰ সন্ত্ৰাস অব্যাহত আছে। বৰ্তমান সময়ত বহু নীতি-নিৰ্দেশনাৰ মাজেৰে সম্পন্ন হৈছে বিবাহ অনুষ্ঠান।
কোৰোণাৰ সন্ত্ৰাস অব্যাহত আছে। বৰ্তমান সময়ত বহু নীতি-নিৰ্দেশনাৰ মাজেৰে সম্পন্ন হৈছে বিবাহ অনুষ্ঠান।
কোৰোণাৰ সন্ত্ৰাস অব্যাহত আছে। বৰ্তমান সময়ত বহু নীতি-নিৰ্দেশনাৰ মাজেৰে সম্পন্ন হৈছে বিবাহ অনুষ্ঠান। তাৰ মাজতে এতিয়া ভাইৰেল হৈছে এটি নৱ দম্পতি। ১৫ ছেপ্তেম্বৰত বিবাহ পাশত আবদ্ধ হৈছিল কেৰালাৰ নৱ দম্পতিটো। নাম ঝষি আৰু লক্ষ্মী। এতিয়া নতুন স্বামী-স্ত্ৰীকলৈ সমগ্ৰ দেশত চলিছে চৰ্চা। সমালোচনাৰে কৰিছে থকা সৰকা।
কি কৰিছিল কেৰালাৰ বাসিন্দা ঝষি কাৰ্তিকেয়ান আৰু তেওঁৰ পত্নী লক্ষ্মীয়ে?বিয়াৰ পিছত ক’ৰবাত ফুৰিবলৈ যোৱাৰ প্লেনিং কৰিছিল দুয়ো। কিন্তু শেহতীয়া পৰিস্থিতিৰ বাবে সম্ভৱ হৈ উঠা নাছিল। সেয়েহে ফটো শ্বুট কৰাৰ সিদ্ধান্ত ল’লে দুয়ো। এখন চাহ বাগিচাৰ মাজত এজন ফটোগ্ৰাফাৰকলৈ লগত লৈ দুয়ো ফটো শ্বুট কৰিবলৈ গ’ল। আৰু ৰাজহুৱা ঠাইতে বহু আপত্তিজনক ভংগীমাৰে ফটো শ্বুট কৰিলে নৱ দম্পতিটোৱে।
এই ফটো ছচিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পিছতে একাংশই ককৰ্থনা কৰিছে নৱ দম্পতিটোক। এই ৰূপত ৰাজহুৱা স্থানত কৰা আচৰণ মানি ল’ব পৰা নাই বহুতে। এতিয়া সামলোচনা দেখি মুখ খুলিছে দম্পতিটোৱে। কৈছে যে, ‘আমি প্ৰায়ে বাহিৰত ফটোশ্বুট কৰো। কি পোছাক পিন্ধো আমাৰ ব্যক্তিগত কথা।’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|