সাৱধান চোৰাং চিকাৰী! কাজিৰঙাত নিয়োগ কৰা হৈছে বিশেষ গঁড় সুৰক্ষা বাহিনী

কাজিৰঙাত সোমালে মুখামুখি হ'ব লাগিব অত্যাধুনিক মাৰণাস্ত্ৰৰে সু সজ্জিত বিশেষ গঁড় সুৰক্ষা বাহিনীৰ

News18-Assam
Updated:July 6, 2019, 11:49 AM IST
সাৱধান চোৰাং চিকাৰী! কাজিৰঙাত নিয়োগ কৰা হৈছে বিশেষ গঁড় সুৰক্ষা বাহিনী
কাজিৰঙাত সোমালে মুখামুখি হ'ব লাগিব অত্যাধুনিক মাৰণাস্ত্ৰৰে সু সজ্জিত বিশেষ গঁড় সুৰক্ষা বাহিনীৰ
News18-Assam
Updated: July 6, 2019, 11:49 AM IST
সাৱধান চোৰাং চিকাৰী। কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনা কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক চোৰাং চিকাৰীয়ে। কাৰণ গঁড় হত্যাৰ পৰিকল্পনাৰে কাজিৰঙাত সোমালে মুখামুখি হ'ব লাগিব অত্যাধুনিক মাৰণাস্ত্ৰৰে সু সজ্জিত বিশেষ গঁড় সুৰক্ষা বাহিনীৰ সৈতে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এতিয়া চুকা দৃষ্টি ৰাখিছে  জোৱান সকলে। ১০ মাহ বঢ়মপুৰস্থিত নৱম এ পি বি এন ত কঠোৰ প্ৰশিক্ষণৰ পিছত এতিয়া কাজিৰঙাত নিয়োগ কৰা হৈছে ৮২ জনীয়া বিশেষ গঁড় সুৰক্ষা বাহিনীৰ দলটোক। ৰাষ্ট্ৰীয় উদ্যানখনৰ ৫টা বনাঞ্চলত পিয়াপি দি ফুৰিছে দলটোৱে। হাতত এছ এল আৰ লৈ বুঢ়াপাহাৰ বনাঞ্চলৰ গভীৰ অৰণ্যত চোৰাং চিকাৰীৰ বিৰুদ্ধে এম্বুছ আৰম্ভ কৰিছে এই বিশেষ গঁড় সুৰক্ষা বাহিনীৰ দলটোৱে৷
আৰু চাওক পৰৱৰ্তী বাতৰি