Sex Doll গাৰ্লফ্ৰেণ্ডক বিয়া কৰোৱা কাজাখস্তানৰ শৰীৰ চৰ্চাবিদগৰাকীয়ে এইবাৰ ঘোষণা কৰিলে বিবাহ বিচ্ছেদৰ কথা। ছ'চিয়েল মিডিয়াযোগে পৰিচয় কৰা দিলে তেওঁৰ নতুন পত্নীক।
Sex Doll গাৰ্লফ্ৰেণ্ডক বিয়া কৰোৱা কাজাখস্তানৰ শৰীৰ চৰ্চাবিদগৰাকীয়ে এইবাৰ ঘোষণা কৰিলে বিবাহ বিচ্ছেদৰ কথা। ছ'চিয়েল মিডিয়াযোগে পৰিচয় কৰা দিলে তেওঁৰ নতুন পত্নীক।
পুনৰ চৰ্চাত কাজাখস্তানৰ শৰীৰ চৰ্চাবিদ ইউৰি টলোকো। প্ৰায়ে Sex Doll গাৰ্লফ্ৰেণ্ডৰ নতুন আপডেটৰ সৈতে বাতৰিৰ শিৰোনামাত থকা ইউৰিয়ে এইবাৰ কৰিলে এই কাণ্ড । আঠ মাহ ধৰি ডেটিং কৰাৰ পিছত ২০২০ৰ নৱেম্বৰত Sex Doll গাৰ্লফ্ৰেণ্ড মাৰ্গোৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা ইউৰিয়ে এইবাক মাৰ্গোৰ পৰা বিবাহ বিচ্ছেদ লোৱাৰ পিছতে ছ'চিয়েল মিডিয়াত ইয়াক লৈ চলিছে সৰৱ চৰ্চা।
ইয়াৰ পূৰ্বেও টলোকোৱে ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক তেওঁ আৰু মাৰ্গোৰ মাজত চলি থকা ভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰিছিল। শেহতীয়াকৈ Sex doll টোৰ পৰা ব্ৰেকআপ লৈ তেওঁ জীৱনত আগবঢ়াৰ কথা উল্লেখ কৰিছিল। শৰীৰচৰ্চাবিদ গৰাকীৰ মতে তেওঁৰ Sex doll পত্নী মাৰ্গোৰ শৰীৰ ভাঙি যোৱা আৰু মেৰামতি কৰিবলগীয়া হোৱাৰ বাবে তেওঁলোকৰ সম্পৰ্কৰ অৱনতি ঘটিবলৈ লয় আৰু লগতে যেতিয়া মেৰামতিৰ বাবে Sex doll পত্নী মাৰ্গো দোকানত আছিল তেতিয়া মাৰ্গীয়ে তেওঁক প্ৰতাৰণা কৰা বুলিও উল্লেখ কৰে টলোকোৱে।
Sex doll পত্নী মাৰ্গোৰ পৰা বিবাহ বিচ্ছেদ লোৱাৰ পাচতে শেহতীয়াকৈ টলোকোৱে ইনষ্টাগ্ৰামক এক ভিডিঅ' শ্বেয়াৰ কৰিছে। য'ত তেওঁ নতুন পত্নী লোলাক সকলোকে পৰিচয় কৰায় | লগতে টলোকোৱে ইনষ্টাগ্ৰাম পোষ্টটোত লিখে যে, " মোৰ নতুন পত্নীৰ সৈতে চিনাকি হওক , এয়া লোলা।" লগতে তেওঁ লিখে, "মই মাৰ্গোৰ সৈতে ব্ৰেকআপ কৰিছো, সম্প্ৰতি মই বিবাহ বিচ্ছেদৰ কাৰণসমূহক লৈ কথা পাতিব বিচৰা নাই।"
ইপিনে মাৰ্গো পুতলা ক্ষত বিক্ষত হোৱাৰ বাবেই টলোকোৱে তাইৰ পৰা দূৰ হোৱাৰ লগতে তাই কেৱল এগৰাকী ব্যক্তি অথবা বস্তুৰে বান্ধি ৰখা সম্ভৱ নহ'ব বুলি তেওঁ অনুভৱ কৰিছিল। তেওঁ বিচৰা নাছিল মাৰ্গোৰ পুনৰ ক্ষত বিক্ষত গৈ পৰক। যাৰ বাবেই টলোকোৱে এই সিদ্ধান্ত লৈছিল যে তেওঁৰ কেইবাগৰাকীও পত্নী থাকিব পাৰে আৰু এই পৰম্পৰা পূৰ্বৰ সংস্কৃতিতো আছিল। সেয়েহে তেওঁ দুটা বিকল্পৰ সৈতে চিন্তা চৰ্চা কৰি থকাৰ কথা উল্লেখ কৰে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|