বিকল্প নাই কঠোৰ পৰিশ্ৰমৰ। চেষ্টা কৰিলে লগ দিয়ে ভাগ্যইয়ো। সৰুতেই এজন যুৱকৰ প্ৰতিভাৰ উমান পাইছিল অমিতাভ বচ্চনে। আজিৰ পৰা ১৯ বছৰৰ আগতেই কৌন বনেগা কড়োৰপটিত এক কোটি টকা জয় কৰিছিল এটা সৰু ল’ৰাই। এতিয়া ল’ৰাজনৰ কাহিনী ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।
ৰবি মোহন নামৰ তেতিয়াৰ সৰু ল’ৰাজন এতিয়া চৰ্চাত। ভাইৰেল হৈছে কেইবাখনো ফটো। আজিৰ পৰা ১৯ বছৰৰ আগতে ২০০১ চনত জুনিয়ৰ কেবিচি সম্প্ৰচাৰিত হোৱাৰ সময়ত ১৪ বছৰীয়া ৰবি মোহনে ১৫টা প্ৰশ্নৰ সঠিক উত্তৰ দি জিকিছিল ১ কোটি টকা। বৰ্তমান ৰবিৰ বয়স ৩৩ বছৰ। আৰু এতিয়া ৰবি গুজৰাটৰ পুৰবন্দৰৰ এছ পি।
২০১৪ চনত IPS হয় ৰবি। এখন ৰাষ্ট্ৰীয় বাতৰি কাকতৰ সৈতে সাক্ষাত্কাৰত ৰবিয়ে কয় যে, তেওঁ IPS হোৱাৰ আগত মহাত্মা গান্ধী মেডিকেল কলেজৰ পৰা এম বি বি এছ ডিগ্ৰী লাভ কৰিছিল। আৰু সেইসময়তে তেওঁ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাতো উত্তীৰ্ণ হয়। ৰবিৰ দেউতাক নৌ-সেনাত কৰ্মৰত আছিল, যি আছিল ৰবিৰ জীৱনৰ আদৰ্শ।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : May 29, 2020, 14:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।