• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Viral Video| কৰ্ণাটকৰ বনাঞ্চলত চাফাৰীৰ সময়তে খঙাল হাতীৰ খেদা পৰ্যটকক, তাৰ পিছত...

Viral Video| কৰ্ণাটকৰ বনাঞ্চলত চাফাৰীৰ সময়তে খঙাল হাতীৰ খেদা পৰ্যটকক, তাৰ পিছত...

ভাৰতীয় বন সেৱা বিষয়া (IFS) সুশান্ত নন্দাই শ্বেয়াৰ কৰা এটা ভিডিঅ'ই টুইটাৰত ব্যস্ত কৰি ৰাখিছে নেটিজেনসকলক ।

ভাৰতীয় বন সেৱা বিষয়া (IFS) সুশান্ত নন্দাই শ্বেয়াৰ কৰা এটা ভিডিঅ'ই টুইটাৰত ব্যস্ত কৰি ৰাখিছে নেটিজেনসকলক ।

ভাৰতীয় বন সেৱা বিষয়া (IFS) সুশান্ত নন্দাই শ্বেয়াৰ কৰা এটা ভিডিঅ'ই টুইটাৰত ব্যস্ত কৰি ৰাখিছে নেটিজেনসকলক ।

  • Share this:
Karnataka: কৰ্ণাটকৰ বনাঞ্চলত চাফাৰীৰ সময়তে এক অপ্ৰত্যাশিত সময়ৰ সন্মুখীন হ'বলগীয়া হয় এদল পৰ্যটক (Tourist Safari)। কিয়নো চাফাৰীৰ আনন্দ লৈ থকাৰ মাজতে বনাঞ্চলৰ এটা খঙাল হাতীয়ে সন্মুখৰ পৰাই খেদি আহে পৰ্যটকৰ দলটোক। যি ভিডিঅ' সম্প্ৰতি ভাইৰেল হৈ পৰিছে টুইটাৰত (Viral Video)। আইএফএছ বিষয়া সুশান্ত নন্দাৰ দ্বাৰা শ্বেয়াৰ কৰা এটা ভিডিঅ'ত দেখা গৈছে এই দৃশ্য। য'ত হাতীটোৱে চাফাৰী গাড়ীখনলৈ দৌৰি দৌৰি খেদি আহিছিল ।

প্ৰথম হাতীটোৱে বাহনখন খেদি যোৱা বন্ধ কৰাৰ লগে লগে, ঘটনাটো ৰেকৰ্ডিং কৰা কেমেৰাটো বাহনৰ সন্মুখৰ ফালে ঘূৰি যায়, য'ত ই বাহনখনৰ ঠিক সন্মুখত আন এটা হাতীৰ সন্মুখীন হয়। যদিও চালকজনে ধৈৰ্য সহকাৰে দ্বিতীয় হাতীটোৰে পাচে পাচে গাড়ীখন চলাই নিয়ে | কিন্তু কিছু সময়ৰ পিছতে হাতীটো আগলৈ দৌৰি যোৱা বন্ধ কৰি দিয়ে আৰু পৰ্যটকসকলৰ চিঞৰ শুনিব পাৰি বাহনখনৰ ফালে ঘূৰি যায়। যদিও পাচৰ মুহূৰ্ততে হাতীটোৱে পুনৰ ঘূৰি যায় আৰু পথৰ মাজেৰে আগবাঢ়ি যায়। ফলত চাফাৰীখনেও নিজৰ পথেৰে আগবাঢ়ি যায় | ইপিনে ভিডিঅ'টোৰ শেষৰফাৰে চাৰি-পাঁচটা হাতীক একেলগে চৰি থকা দেখিবলৈ পোৱা গৈছে।

নিউজ মিনিটৰ তথ্য অনুসৰি কৰ্ণাটকৰ জ্যেষ্ঠ বিষয়াসকলে এই সম্পৰ্কত উল্লেখ কৰিছিল যে, এই ঘটনাটো মাইচুৰু জিলাৰ বিআৰ পাহাৰ পৰিসৰৰ বনাঞ্চলত সংঘটিত হৈছিল ।



ইপিনে এই ভিডিঅ' ভাইৰেল হৈ পৰাৰ লগে লগে টুইটাৰ (Twitter) ব্যৱহাৰকাৰীসকলে ভিডিঅ'টোত ভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । একাংশই যদি কৈছে হাতীটো খেদি যোৱাটো পৰ্যটকসকলৰ ভুল, আনফালে আন একাংশই হাতীটোৱে পৰ্যটকক খেদি যোৱা কাৰ্য ভয়ংকৰ বুলি মন্তব্য কৰিছিল।

প্ৰকৃতি প্ৰেমীসকলে প্ৰায়ে বন বিভাগক পৰ্যটনৰ ক্ষেত্ৰত বন্যপ্ৰাণী সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী কৰি আহিছে আৰু এনেদৰে সংৰক্ষণ আৰু সুৰক্ষা দুয়োটা উদ্দেশ্যৰ বাবেই বনাঞ্চলৰ ভিতৰৰ অঞ্চলত পৰ্যটকৰ চলাচল সীমিত কৰাৰ বাবেও দাবী কৰি আহিছে।
First published: