১১ দিন বন্দীত্বৰ জীৱন কটাই অৱশেষত মুকলি আকাশৰ তলত ছানাউল্লাহ

আৰক্ষীয়ে ডিটেনচন কেম্পৰ পৰা আমিনগাঁৱলৈ নিলে ছানাউল্লাহক। আমিনগাঁও থানাত পৰিয়ালক গতাব আৰক্ষীয়ে

news18assam
Updated:June 8, 2019, 11:37 AM IST
১১ দিন বন্দীত্বৰ জীৱন কটাই অৱশেষত মুকলি আকাশৰ তলত ছানাউল্লাহ
আৰক্ষীয়ে ডিটেনচন কেম্পৰ পৰা আমিনগাঁৱলৈ নিলে ছানাউল্লাহক। আমিনগাঁও থানাত পৰিয়ালক গতাব আৰক্ষীয়ে
news18assam
Updated: June 8, 2019, 11:37 AM IST
১১ দিন বন্দীত্বৰ জীৱনৰ পিছত আজি মুকলি আকাশৰ তললৈ আহিব কাৰ্গিলৰ যোদ্ধা ছানাউল্লাহ। ইতিমধ্যে গোৱালপাৰা ডিটেনচন কেম্পত উপস্থিত হোৱা সীমান্ত আৰক্ষীৰ এটা দলে ডিটেনচন কেম্পৰ পৰা মুকলি কৰে ছানাউল্লাহক।এতিয়া ডিটেনচন কেম্পৰ পৰা দলটোৱে প্ৰাক্তন সেনা বিষয়াগৰাকীক লৈ যায় আমিনগাঁও আৰক্ষী চকীলৈ।

ছানাউল্লাহৰ মুক্তিক লৈ এতিয়া উৎসাহিত হৈ পৰিছে পৰিয়ালৰ লগতে তেওঁৰ গাঁওবাসী। আমিনগাঁও থানাতে  পৰিয়ালক গতাব আৰক্ষীয়ে। কিছু যাৱতীয় কাম–কাজৰ পিছতে আমিনগাঁও থানাই মুকলি কৰিব কাৰ্গিলৰ যোদ্ধা ছানাউল্লাহক।উল্লেখ্য যে শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ছানাউল্লাহৰ জামিন মঞজুৰ কৰে ।অৱশ্যে চৰ্ত সাপেক্ষেহে জামিন প্ৰদান কৰা হৈছে প্ৰাক্তন সেনা বিষয়াজনক। বিদেশীৰ গোচৰত ২৯ মে'ত ছানাউল্লাহক গ্ৰেপ্তাৰ কৰি ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছিল সীমান্ত আৰক্ষীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি