কৰিনা কাপুৰ খান আৰু ছেইফ আলী খানৰ পুত্ৰ তাইমুৰ আলী খানৰ ফটো বা ভিডিঅ’ সততে চৰ্চাত থাকে। কিন্তু ফটো ক্লিক কৰাটো তাইমুৰে একেবাৰেই ভাল নাপায়। এয়া আমি এইবাবেই কৈছো, কাৰণ সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এটা ভিডিঅ’। এই ভিডিঅ’ত ৪ বছৰীয়া কণমানি তাইমুৰৰ খং উঠা দেখা গৈছে। ফটোগ্ৰাফাৰক ফটো নুঠাবলৈ চিঞৰি কৈছে তাইমুৰে।
ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’ত কৰিনা কাপুৰ আৰু তাইমুৰ আলী খানক একেলগে দেখা গৈছে। কৰিনা কাপুৰ খানে পোনে পোনে গৈ থকাৰ বিপৰীতে তাইমুৰে কেমেৰা দেখাৰ লগে লগে পিছুৱাই আহি চিঞৰিবলৈ ধৰে। কৰিনাই হাতত ধৰি তাইমুৰক লৈ যোৱাৰ চেষ্টা কৰিছে যদিও তাইমুৰে বাৰে বাৰে উভতি আহি ফটো ল’বলৈ মানা কৰিছে।