‘মোৰ বিৰুদ্ধে বহু অপপ্ৰচাৰ হ’ল, তথাপিও এতিয়ালৈকে মনে মনে আছিলো কাৰণ...’ কিয় ক’লে কনিকা কাপুৰে?

News18 Assam | News18-Assam
Updated:April 26, 2020, 6:15 PM IST
‘মোৰ বিৰুদ্ধে বহু অপপ্ৰচাৰ হ’ল, তথাপিও এতিয়ালৈকে মনে মনে আছিলো কাৰণ...’ কিয় ক’লে কনিকা কাপুৰে?
ইনষ্টাগ্ৰামত এটা বিশেষ পষ্ট শ্বেয়াৰ কৰিছে কনিকা কাপুৰে।

ইনষ্টাগ্ৰামত এটা বিশেষ পষ্ট শ্বেয়াৰ কৰিছে কনিকা কাপুৰে।

  • Share this:
কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছৰ পৰা বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী কনিকা কাপুৰকলৈ অব্যাহত আছে চৰ্চা। লণ্ডনৰ পৰা অহাৰ পিছতে কনিকাৰ দেহত ধৰা পৰিছিল কোৰোণা ভাইৰাছ। এতিয়া সম্পূৰ্ণ সুস্থ হৈ কনিকা কাপুৰে নিজৰ পিতৃ-মাতৃৰ লগত লক্ষ্নৌত আছে। এই সময়তে কনিকা কাপুৰে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এটা বিশেষ পষ্ট। য’ত কণ্ঠশিল্পীগৰাকীয়ে নিজৰ বিৰুদ্ধে বহুতে অনা অভিযোগৰ দিছে প্ৰত্যুত্তৰ।



 

কনিকাই লিখিছে যে, ‘মই জানো যে, মোৰ বিৰুদ্ধে বহু অভিযোগ অনা হৈছিল। তেতিয়া মই মনে মনে আছিলো। কিন্তু মোৰ ভুল আছিল বাবে মই মনে মনে থকা নাছিলো। মই মাত্ৰ অপেক্ষা কৰি আছিলো যে, জনসাধাৰণক মই সঁচা কথা খিনি কেতিয়াকৈ ক’ব পাৰিম। মই মোৰ পৰিয়াল, মোক সমৰ্থন কৰা সকলক ধন্যবাদ জনাইছো।’



কনিকাই লগতে লিখিছে, ‘মই এতিয়া লক্ষ্নৌত নিজৰ পৰিয়ালৰ সৈতে আছো। লণ্ডন, মুম্বাই আৰু লক্ষ্নৌত মই যিসকল লোকৰ সংস্পৰ্শলৈ আহিছিলো, তাৰে ভিতৰত কাৰোৰে দেহত কোৰোণাৰ লক্ষণ নাছিল। সকলোৰে কোৰোণাৰ টেষ্ট নিগেটিভ আহিছিল।’



‘মই ১০ মাৰ্চত লণ্ডনৰ পৰা ভাৰতলৈ ঘূৰি আহিছিলো। ভাৰত অহাৰ পিছতে আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত মোৰ কোৰোণাৰ টেষ্ট কৰা হৈছিল। আৰু সেইসময়ত মোক কোনেও কোৱা নাছিল যে, অন্য দেশৰ পৰা আহিলে ১৪ দিন নিজে কোৰাৰেণ্টাইন হৈ থাকিব লাগে। লণ্ডনৰ পৰা অহাৰ পিছত মোৰ কোনো স্বাস্থ্যজনীত সমস্যাও নাছিল। সেইকাৰণে মই কোৱাৰেণ্টাইনত থকা নাছিলো।’



কনিকা কাপুৰে লগতে লিখিছে যে, ‘নিজ দেশলৈ ঘূৰি অহাৰ পিছত মই ১১ মাৰ্চত নিজৰ পৰিয়ালৰ লোকক লগ ধৰিবলৈ লক্ষ্নৌলৈ গলো। কিন্তু সেইসময়ত ঘৰুৱা বিমানত কোনোধৰণৰ স্ক্ৰীনিঙৰ ব্যৱস্থা নাছিল। ১৪ আৰু ১৫ মাৰ্চত মই বন্ধুৰ সৈতে লান্স আৰু ডিনাৰো কৰিলো। কিন্তু মই নিজে সেইসময়ত পাৰ্টীৰ আয়োজন কৰা বুলি এটা মিছা বাতৰি ওলালে। আৰু সেইসময়তো মোৰ কোনো স্বাস্থ্যজনীত সমস্যা নাছিল।



‘১৭ তাৰিখেহে মোৰ দেহত কিছু কোৰোণা ভাইৰাছৰ লক্ষণে দেখা দিয়ে, তেতিয়া মই ১৮ তাৰিখে স্বাস্থ্য পৰীক্ষা কৰাও, আৰু ২০ মাৰ্চত মোৰ দেহত কোৰোণা ভাইৰাছ ধৰা পৰে। এতিয়া মই সম্পূৰ্ণ সুস্থ। এই সম.ত মই চিকিত্‍সক, নাৰ্ছ, স্বাস্থ্যকৰ্মীক ধন্যবাদ জনাইছো।’



 




View this post on Instagram




 

Stay Home Stay Safe 🙏🏼


A post shared by Kanika Kapoor (@kanik4kapoor) on




আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading