সুশান্তৰ জন্মদিনত পুনৰ মহেশ ভাট, কৰণ জোহৰক আক্ৰমণ লক্ষ্য কৰি ল’লে কংগনাই

News18 Assam | News18-Assam
Updated:January 21, 2021, 2:53 PM IST
সুশান্তৰ জন্মদিনত পুনৰ মহেশ ভাট, কৰণ জোহৰক আক্ৰমণ লক্ষ্য কৰি ল’লে কংগনাই
অভিনেত্ৰী কংগনা ৰানৱাটেও আজি সুশান্তৰ বাবে কৰিলে টুইট। পুনৰ উত্থাপন কৰিলে নেপ’টিজম বিতৰ্ক।

অভিনেত্ৰী কংগনা ৰানৱাটেও আজি সুশান্তৰ বাবে কৰিলে টুইট। পুনৰ উত্থাপন কৰিলে নেপ’টিজম বিতৰ্ক।

  • Share this:
আজি সুশান্ত সিং ৰাজপুতৰ জন্মদিন। জীয়া থাকিলে ৩৫ বছৰীয়া হ’লহেঁতেন সুশান্ত। তেওঁৰ উজ্জ্বল হাঁহিৰ ছবি আৰু কিছু স্মৃতিৰ বাদে পৰিয়ালৰ কাষত আজি একো নাই। ছচিয়েল মিডিয়াত চকু দিলেই বুজা যায় আজি সুশান্তৰ দিন। নানা ধৰণে আজিৰ দিনটো পালন কৰিছে সুশান্তৰ অনুৰাগীসকলে। অভিনেত্ৰী কংগনা ৰানৱাটেও আজি সুশান্তৰ বাবে কৰিলে টুইট। পুনৰ উত্থাপন কৰিলে নেপ’টিজম বিতৰ্ক।

কংগনাই টুইটত লিখিছে, ‘‘প্ৰিয় সুশান্ত, মুভি মাফিয়াসকলে তোমাক নিষিদ্ধ কৰিলে, তোমাক লৈ ধেমালি কৰিলে। ছচিয়েল মিডিয়াত তুমি একাধিকবাৰ সহায় বিচাৰিছিলা। মোৰ অনুতাপ হয় তোমাক সহায় কৰিব নোৱাৰিলো। এই মুভি মাফিয়াসকলৰ অত্যাচাৰ সহ্য কৰাৰ দৰে শক্তিশালী তুমি, এনেদৰে নাভাবিলেই ভাল আছিল। তোমালৈ জন্মদিনৰ শুভেচ্ছা।’’

পিছৰ টুইটত কংগনাই লিখিছে, ‘‘সকলোৰে আগত আজিৰ দিনটোত সুশান্তৰ জীৱনটো উদযাপন কৰক। কাকো কোৱাৰ সুযোগ নিদিব যে আপুনি যথেষ্ট ভাল নহয়। নিজতকৈ কাকো বেছি বিশ্বাস নকৰিব। যিয়ে কয় ড্ৰাগছেই সকলোৰে সমাধান, তেওঁলোকক এৰি দিয়া। নিজকে আবেগৰ দিশৰ পৰা আৰ্থিক দিশলৈ ব্যৱহৃত হ’বলৈ নিদিবা।’’

ইয়াৰ পিছৰ টুইটত পুনৰ স্বজন–তোষণৰ প্ৰসংগ টানি আনিছে কংগনাই। পুনৰ কৰণ জোহৰ আৰু আদিত্য চোপ্ৰাক আক্ৰমণ কৰিছে অভিনেত্ৰীগৰাকীয়ে। লিখিছে, ‘‘মই বহু ক’লো। কিন্তু এতিয়া বিষয়টো যথেষ্ট নহয়। নিজৰ ক্ষমতাৰে নিজক গঢ়ি তোলা সুশান্ত চোপ্ৰাহঁতৰ ধনতান্ত্ৰিক চুক্তিত সন্মত হোৱানাছিল। সেই তেওঁলোকে সুশান্তক ধ্বংস কৰিবলৈ সিদ্ধান্ত লয়। কেজেও (কৰণ জোহৰ) আৰু আদিত্য চোপ্ৰা, নেপ’টিজমৰ ধ্বজাবাহীসকলে ধোনি হিট কৰাৰ পিছত সুশান্তক বাদ দিয়ে। ইয়াতে সুশান্তই অত্যন্ত দুখ পাইছিল।’’

কংগনাই আৰু লিখিছে, ‘‘সুশান্তৰ বিৰুদ্ধে মাফিয়াসকলৰ জনসংযোগকাৰীসকলে ভুল আৰু অপমানজনক খবৰ ছপায়। তেওঁক নিচাসক্ত আৰু ধৰ্ষক আখ্যা দিয়ে। ইয়াৰ পিছতে মহেশ ভাটে তেওঁৰ জীৱনলৈ আহে আৰু বাৰম্বাৰ বুজায় সুশান্তৰ পৰিণতি পাৰভিন বাবিৰ দৰে হ’ব কাৰণ তেওঁ অৱসাদগ্ৰস্ত আছিল। ভাট ছাহাব, সকলো অৱসাদগ্ৰস্তৰ মানুহৰ পৰিণতি যদি পাৰভিন বাবিৰ দৰে হ’লহেঁতেন তেনেহ’লে আপোনাৰ কন্যা ছাহিন ভাটৰো একেই পৰিণতি হ’ব।’’
Published by: Sanjay Kumar Das
First published: January 21, 2021, 2:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি