কামৰূপ জিলালৈ ভয়ংকৰ বিপদৰ আগজাননী! বায়ুৰ গুণাগুণ সূচাংকই আনিছে অশনি সংকেত
News18-Assam Updated:November 24, 2019, 1:18 PM IST

Source-Google
দিনকদিনে কামৰূপ জিলাত নিম্নগামী হৈছে বতাহৰ মান। প্ৰতিদিনে বিপদ সীমা অতিক্ৰম কৰাৰ দিশে এতিয়া কামৰূপ জিলাৰ বায়ু প্ৰদূষণৰ সূচাংক।
- News18 Assam
- Last Updated: November 24, 2019, 1:18 PM IST
এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে উত্তৰ কামৰূপ কৃষি ভূমি আৰু পৰিবেশ সংৰক্ষণ সমিতিয়ে। অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশ পোৱা বাতৰি অনুসৰি সমিতি খনৰ সভাপতিগৰাকীয়ে কয় যে, ৰঙিয়াৰ ওচৰৰ মৰাণজানত থকা ঔদ্যোগিক পামতেই আছে কেইবাটাও প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ। আমিনগাওঁ, বাইহাটা, পুঠিমাৰী, দগাওঁ, কলমপুৰ আদি স্থানত বহিৰাগত পুঁজিপতিৰ উদ্যোগসমূহৰ পৰা সৃষ্টি হোৱা ধোঁৱা, বিষাক্ত পানীয়ে ভয়াৱহ প্ৰদূষণৰ সৃষ্টি কৰি অহাৰ পিছতে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে সেইবোৰক নিয়ন্ত্ৰণ কৰিব পৰা নাই।
শেহতীয়াকৈ ৰাজ্য চৰকাৰে ২০১৭ চনত গ্ৰহণকৰা নীতিৰ অধীনত আমিনগাঁৱৰ পৰা ছয়গাঁওপৰ্যন্ত, উত্তৰ পাৰত টিহু পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ডেৰ কিঃমিঃ পৰ্যন্ত ইণ্ড্ৰাষ্ট্ৰিয়েল কৰিডৰ স্থাপনৰ নামত কৃষি ভুমি অনাকৃষি ভূমিলৈ হস্তান্তৰ কৰা হ’ব। ফলত অহা ১ ডিচেম্বৰৰ পৰা এমাহজোৰা প্ৰদূষণবিৰোধী গণ সজগতা অভিযান কাৰ্যসূচী ৰূপায়ণ কৰিব। প্ৰচাৰ পত্ৰিকা ‘বিতৰণ’, প’ষ্টাৰিং, নাগৰিক সভা আদিৰ জৰিয়তেহে সজাগতা চলোৱা হ’ব বুলি সংগঠনটোৰ ফালৰ পৰা উল্লেখ কৰে।