உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Assam Positive News| দিপাৱলীৰ আঙঠাই শেষ কৰা এটা সপোনে আকৌ পাখি মেলিলে যোৰহাটত, বিভিন্নজনৰ আব্দাৰত মুকলি হ'ল ‘শ্ল'গান’

    Assam Positive News| দিপাৱলীৰ আঙঠাই শেষ কৰা এটা সপোনে আকৌ পাখি মেলিলে যোৰহাটত, বিভিন্নজনৰ আব্দাৰত মুকলি হ'ল ‘শ্ল'গান’

    BY NEWS18 ASSAM NE AND DIGANTA HAZARIKA

    BY NEWS18 ASSAM NE AND DIGANTA HAZARIKA

    BY NEWS18 ASSAM NE AND DIGANTA HAZARIKA

    • Share this:
    ভোক নহয়, সময় লৈ আহক...! ৰাজপথৰ শ্ল'গান নহয়, কৰ্মসংস্কৃতিৰ শ্ল'গান।কথাষাৰ হয়তো আপোনাৰ কাৰণে কিছু আচহুৱা যেন লাগিছে। যন্ত্ৰসদৃশ ব্যস্ততাময় জীৱনত আপোনাকো কেতিয়াবা প্ৰয়োজন হয় মন-মগজুত ক্ষণিকৰ বাবে জিৰণি দিবলৈ এক মননশীল পৰিবেশ।

    তেনে এক চিন্তাৰে কংক্ৰিটৰ মাজত কিছু ৰং সিঁচি  সুব্ৰত, দেৱব্ৰত আৰু চিন্ময় নামৰ তিনিগৰাকী উচ্চ শিক্ষিত যুৱকে ২০২১ বৰ্ষৰ ৪ এপ্ৰিলৰ দিনা যোৰহাট নগৰৰ মাজমজিয়াত আৰম্ভ কৰিছিল শ্ল'গান নামেৰে এখন ব্যতিক্ৰমী ৰেষ্টোৰা।
    কিন্তু যোৱা ৫ নৱেম্বৰত এটা সঁজাল ধৰা সপোন মূহুৰ্ততে নি:শেষ কৰি পেলাইছিল এটা আঙঠাই।পোহৰৰ উৎসৱ দিপাৱলীৰ দিনা এওলোকৰ আলফুলীয়া সপোনটো ক্ষন্তেকীয়া সুখত মত্ত কোনোজনৰ ভুলৰ পৰিণতিত মুহূৰ্ততে জ্বলি ছাঁই হৈ গৈছিল।কোনো অজ্ঞাত লোকে জ্বলোৱা আতচবাজিৰ ফিৰিঙতিৰ পৰি মুহূৰ্ততে জুইল লেলিহান শিখাই শেষ কৰি পেলালে ৰেষ্টোৰাখন।
    সুব্ৰতহঁতৰ এনে মৰ্মান্তিক বতৰাই বহুজনৰ হৃদয়ত টোকৰ মাৰিছিল। ‘শ্ল'গান’ক পুনৰ সজাই তুলিবলৈ বিভিন্নজনে আগবঢ়াই দিছিল সহায়ৰ হাত।কোনোজনে যদি চাৰিখন কাঁহী আগবঢ়াই দিছিল, কোনোজনে ‘শ্ল'গান’ক পুনৰ সজাই তুলিবলৈ এটা বাঁহ আনি তুলি দিছিল সুব্ৰতহতৰ হাতত। সাত সাগৰ তেৰ নদীৰ সিপাৰত থকা প্ৰবাসী অসমীয়াজনেও আগবঢ়াই দিলে অৰ্থৰ টোপোলা।আৰু তেনেকৈয়ে  ৰাইজৰ মৰমৰ আব্দাৰত আ

    জি পুনৰ প্ৰাণ পাই উঠিছে শ্ল'গান নামৰ যোৰহাটৰ এই ব্যতিক্ৰমী ৰেষ্টোৰাখনে।
    বুকুত অলেখ সপোন , আচনি লৈ সঁজাই তোলা শ্ল'গান হঠাৎ থমকি যোৱাৰ ঘটনাই তিনিওকে হতাশ কৰিছিল যদিও আজি পুনৰ হাঁহি বিৰিঙিছে দেৱব্ৰতহতৰ মুখত।
    পুৰ্বৰ দৰেই নকৈ সজাই তোলা শ্ল'গানত এক সুকীয়া পৰিবেশ দিয়াৰ প্ৰয়াস কৰিছে তেওঁলোকে। এই সন্দৰ্ভত সুব্ৰত, দেৱব্ৰতে কয় - ভোক লৈ নহয়, অলপ সময় লৈ আহক।





    ইয়াৰ অৰ্থ এইটোৱেই যে স্বাভাৱিকতে এখন ৰেষ্টোৰাত আদ্দা দিয়াৰ পৰিবেশ নাথাকে।কিন্তু মানসিক সতেজতাৰ বাবে বন্ধু মহলত আদ্দাৰ অতি প্ৰয়োজন আদ্দাতেই বহু অমৰ সৃষ্টি ভুমিস্থ হয়।আৰু এটি পৰিবেশ আমি দিয়াৰ প্ৰয়াস কৰিছোঁ। একেদৰে ৰেষ্টোৰাখনৰ  শ্ল'গান নামকৰণেৰে পথৰ শ্ল'গানক বুজোৱা নাই।আমি আচলতে কৰ্মসংস্কৃতিৰ শ্ল'গানক জনপ্ৰিয় কৰাৰ প্ৰচেষ্টা লৈছো।এইদৰে কয় তিনিওজন যুৱকে।



    সুন্দৰকৈ সজাই তোলা ৰেষ্টোৰাখনলৈ সোমাই গলে আপোনাৰো মন প্ৰাণ ভৰি পৰিব।গ্ৰন্থৰ পৰা আৰম্ভ কৰি জুইৰ উম লৈ গীতাৰত হাত বুলাই আপোনি মনৰ ভিতৰত গুণগুনাই থকা গানটো গোৱালৈকে এক সুকীয়া পৰিবেশ দিয়াৰ চেষ্টা কৰিছে তিনিও যুৱকে।একপ্ৰকাৰ এজাক ধুমুহা পাৰ হৈ যোৱাৰ পাছত পুনৰ যেন শ্ল'গানৰ সপোনে পোখা মেলিছে সুব্ৰত, দেৱব্ৰত আৰু চিন্ময়হতৰ  মনৰ পৃথিৱীত।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    First published: