உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • ফুলেৰে গাড়ীখন সজালে নিমিলা হয় বাজেট! খৰচ কমাবলৈ দৰাগাড়ী সজালে kurkure, চিপছেৰে! ভাইৰেল

    ফুলেৰে গাড়ীখন সজালে নিমিলা হয় বাজেট! খৰচ কমাবলৈ দৰাগাড়ী সজালে kurkure, চিপছেৰে! ভাইৰেল

    দৰা ঘৰৰ লোকে কোৱা মতে, ফুলৰ উচ্চ মূল্যৰ বাবে, তেওঁলোকে গাড়ীখন চিপছৰ পেকেটৰে সজাইছে।

    দৰা ঘৰৰ লোকে কোৱা মতে, ফুলৰ উচ্চ মূল্যৰ বাবে, তেওঁলোকে গাড়ীখন চিপছৰ পেকেটৰে সজাইছে।

    দৰা ঘৰৰ লোকে কোৱা মতে, ফুলৰ উচ্চ মূল্যৰ বাবে, তেওঁলোকে গাড়ীখন চিপছৰ পেকেটৰে সজাইছে।

    • Share this:
    ফুলেৰে গাড়ীখন সজালে বহুখৰচ!কি কৰা যায়! ভাবি ভাবি অৱশেষত এটা বুদ্ধি পালে দৰাঘৰৰ লোকে। মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ পৰা এনে এটা ভিডিঅ' পোহৰলৈ আহিছে যিটো দেখিলে আপুনি নিশ্চয়কৈ হাঁহি ৰখাব নোৱাৰিব। দৰাচলতে, বিবাহৰ গাড়ী ফুলৰ সলনি কুৰ-কুৰে, ৱেফাৰ আৰু চিপচেৰে সজোৱা হৈছে। এই সন্দৰ্ভত দৰা ঘৰৰ লোকে দিছে স্পষ্টীকৰণো।

    দৰা ঘৰৰ লোকে কোৱা মতে, ফুলৰ উচ্চ মূল্যৰ বাবে, তেওঁলোকে গাড়ীখন চিপছৰ পেকেটৰে সজাইছে। কাৰণ তেওঁলোকৰ ফুলৰ ওপৰত খৰচ কৰিবলৈ টকা নাই।

    কোৰোণা মহামাৰীৰ সংক্ৰমণ কিছু হ্ৰাস পোৱাৰ পিছত, চৰকাৰে কিছুমান চৰ্তৰ সৈতে বিবাহ সম্পন্ন কৰিবলৈ অনুমতি দিছে। বেছিভাগ মানুহে বিবাহ অনুষ্ঠান অতি সাধাৰণভাৱে উদযাপন কৰি আছে।

    বৰ্তমান  নাছিকত ২০ট ফুলৰ বাণ্ডল ৪০০ টকাত উপলব্ধ। গতিকে এখন গাড়ী সজোৱা মানে ৯ৰ পৰা ১০ হাজাৰ টকা খৰচ। গতিকে খৰচ কমাবলৈকে গাড়ীখন এনেদৰে চিপছেৰে সজোৱা হয়।
    Published by:Himangshu Bhuyan
    First published: