• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ডায়েবেটিচ সম্পৰ্কীয় দৃষ্টিশক্তিৰ সমস্যাই আপোনাৰ পৰিয়ালৰ জীৱনশৈলীৰ মান নিম্ন কৰিব পাৰে

ডায়েবেটিচ সম্পৰ্কীয় দৃষ্টিশক্তিৰ সমস্যাই আপোনাৰ পৰিয়ালৰ জীৱনশৈলীৰ মান নিম্ন কৰিব পাৰে

  • Share this:
NetraSuraksha স্ব-পৰীক্ষা ইয়াত কৰাওক

অন্ধ হোৱাৰ বিষয়ে জানো কোনোবাই ভাবিব বিচাৰিব? নিশ্চয় নিবিচাৰে। এইটো অত্যন্ত অপ্ৰীতিকৰ চিন্তা। আপুনি কি কি বস্তু নেদেখা বা হেৰুৱাবলগীয়া হ’ব, সেইবোৰৰ বিষয়ে চিন্তা আহি পৰিব। আপুনি আপোনাৰ চাকৰিটো বাদ দিব লাগিব। আন কিবা নতুনকৈ কৰিবলৈ আপুনি নিজকে সেই বিষয়ত পুনৰ দক্ষ কৰিবলৈ সময় খৰচ কৰিব লাগিব (তাকো এনে এক সময়ত শিকিব লাগিব, যেতিয়া আপুনি জীৱনত বুজন পৰিমাণৰ টকা উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছিল!)। আপোনাৰ দৈনন্দিন জীৱনশৈলীৰ ধৰণ সলনি হ'ব। আপুনি আপোনাৰ নতুন উপায় বিচাৰি পোৱালৈকে আপোনাক প্ৰয়োজন হোৱা সহায়: আপোনাক এজন পৰিচাৰকৰ প্ৰয়োজন নহ'বনে? আপোনাৰ পত্নীয়েও আপোনাক ত্যাগ কৰিব নেকি? আপোনাৰ সন্তান কেনেদৰে প্ৰভাৱিত হ’ব? তেওঁলোকৰ শিক্ষা কেনেদৰে প্ৰভাৱিত হ’ব? আপুনি এতিয়াও বিদেশত অধ্যয়নৰ বাবে খৰচ কৰিব পাৰিবনে? আপোনাৰ চিকিৎসা আদিত কিমান খৰচ হ'ব?

জীৱনটো যথেষ্ট নাটকীয়ভাৱে সলনি হৈ যাব পাৰে। কিন্তু আমি এই বিষয়ে কিয় কথা পাতিছোঁ? কাৰণ ইয়াত কেইটামান সংখ্যাৰ কথা আহি পৰে যিবোৰ আপুনি জানিব লাগিব:

  • 2019 চনত 20-79 বছৰ বয়সৰ প্ৰায় 463 নিযুত প্ৰাপ্তবয়স্ক লোক ডায়েবেটিচত আক্ৰান্ত হৈ আছিল, যিটো এই বয়সৰ শ্ৰেণীৰ বাবে বিশ্বৰ জনসংখ্যাৰ 9.3% প্ৰতিনিধিত্ব কৰিছিল। এই সংখ্যা 2030 চনৰ ভিতৰতে গৈ 578 নিযুতলৈ (10.2%) লৈ আৰু 2045 চনলৈকে 700 নিযুতলৈ (10.9%) বৃদ্ধি হ'ব বুলি অনুমান কৰা হৈছে1।

  • ডায়েবেটিচত আক্ৰান্ত 463 নিযুত প্ৰাপ্তবয়স্কৰ মাজত দুজনৰ ভিতৰত এজন (50.1%), বা 231.9 নিযুত লোকেই (20-79 বছৰ বয়সৰ অত্যধিক টাইপ 2 ডায়েবেটিচত আক্ৰান্ত) তেওঁলোকৰ অৱস্থা তেনেকুৱা বুলি গম নাপায়1।

  • ভাৰতত, 2019 চনত ডায়েবেটিচ থকা লোকৰ মুঠ সংখ্যা 77 নিযুত বুলি অনুমান কৰা হৈছিল, যাৰ ভিতৰত 43.9 নিযুত লোকৰ ৰোগ নিৰ্ণয় কৰা হোৱা নাছিল1।


অন্তিম বিন্দুটোৱে আপোনাক ভাবিবলৈ বাধ্য কৰিব লাগে- ভাৰতত ডায়েবেটিচ থকা আধাতকৈ অধিক লোক ৰোগ নিৰ্ণয় নোহোৱাকৈ ঘূৰি ফুৰিছে। সময়ৰ লগে লগে, এই সংখ্যা বৃদ্ধি পাই গৈ থাকিব। দীঘলীয়া কৰ্মদিন, অহা যোৱাৰ দূৰত্ব, মানসিক চাপ, বাহিৰত খোৱা, ব্যায়াম নকৰা আৰু একেঠাইতে বহি কাম কৰা আদিৰ ফলত ডায়েবেটিচৰ ঘটনা বৃদ্ধি পাইছে। বিশেষকৈ নগৰীয় কেন্দ্ৰবোৰত। কিন্তু আমি আমি দৃষ্টিশক্তি হেৰুৱাৰ কথা কৈ ডায়েবেটিচৰ বিষয়ে কিয় কথা পাতি আছোঁ? আৰু কিছুমান তথ্যত চকু ফুৰাওঁ আহক:

  • ডায়েবেটিক নেত্ৰ ৰোগ হৈছে ডায়েবেটিচৰ ফলত হ’ব পৰা অতি আশংকাপূৰ্ণ জটিলতা, মুখ্যতঃ ডায়েবেটিক ৰেটিনোপেথী, ডায়েবেটিক মেকুলাৰ এডিমা, ছানি পৰা আৰু গ্লুক’মা আদি, কিন্তু লগতে আছে ডবল ভিজন আৰু দৃষ্টি কেন্দ্ৰীভূত  কৰিবলৈ অক্ষম অৱস্থা1।

  • বেছিভাগ দেশতেই, ডায়েবেটিক ৰেটিনোপেথীক বিধ্বংসী ব্যক্তিগত আৰু আৰ্থসামাজিক পৰিণামৰ সৈতে কৰ্মৰত বয়সৰ জনসংখ্যাৰ মাজত অন্ধত্বৰ এক মুখ্য কাৰণ বুলি স্বীকাৰ কৰা হয়1।

  • 1980 আৰু 2008 চনৰ ভিতৰত বিশ্বব্যাপী চলোৱা 35 টা অধ্যয়নৰ বিশ্লেষণৰ ভিত্তিত ৰেটিনাৰ ছবি ব্যৱহাৰ কৰি ডায়েবেটিচ থকা লোকসকলৰ ক্ষেত্ৰত যিকোনো DR-ৰ সামগ্ৰিক প্ৰচলন 35% হ'ব বুলি অনুমান কৰা হৈছিল আৰু দৃষ্টিশক্তিৰ প্ৰতি ভাবুকি থকা DR 12% আছিল1।


এই সংখ্যাবোৰ আকৌ মন দি চাওঁ আহকচোন। ভাৰতত ডায়েবেটিচ থকা আধাতকৈ অধিক লোকৰেই ৰোগ নিৰ্ণয় হোৱা নাই। এক-তৃতীয়াংশতকৈ অধিক লোকৰ কোনো এবিধ ডায়েবেটিক ৰেটিনোপেথী আছে বুলি অনুমান কৰা হৈছে, আৰু আঠজনৰ ভিতৰত এজনৰ ডায়েবেটিক ৰেটিনোপেথী এডভান্সড, যিটো তেওঁলোকৰ দৃষ্টিশক্তিৰ প্ৰতি ভাবুকি ৰাখিব পৰাকৈ গুৰুতৰ।

সেই সংখ্যাবোৰ দেখি আপোনাৰ চকু কপালত উঠিছিল নেকি? আমাৰ ক্ষেত্ৰতো সেয়াই ঘটিছিল। সেয়েহে Novartisৰ সহযোগত Network18-এ ডায়েবেটিক ৰেটিনোপেথীৰ সমস্যাৰ সৈতে যুঁজ দিবলৈ কৰিবলৈ ঔষধ, নীতি নিৰ্ধাৰণ আৰু চিন্তাবিদসকলৰ মাজৰ সৰ্বশ্ৰেষ্ঠসকলক একত্ৰিত কৰিবলৈ  'Netra Suraksha' - India Against Diabetes উদ্যোগ আৰম্ভ কৰিছিল।

ডায়েবেটিক ৰেটিনোপেথীৰ বিষয়ে আমি শিকা প্ৰথম কথাৰ মাজত এইটো আছিল যে ই প্ৰাৰম্ভিক পৰ্যায়ত লক্ষণহীন। দুৰ্ভাগ্যবশতঃ এইটো হৈছে এনে এক পৰ্যায় য'ত চিকিৎসা আটাইতকৈ বেছি কাৰ্যকৰী হয়। লক্ষণবোৰ দেখা দিয়া আৰম্ভ হোৱালৈকে, ইতিমধ্যে কিছু পৰিমাণে দৃষ্টিশক্তি হ্ৰাস পায়। ইয়াতে চিন্তাৰ কথা এই যে এই ক্ষতিবোৰৰ ক্ষতিপূৰণ নাই, অপৰিৱৰ্তনীয়। এবাৰ ধৰা পৰাৰ পিছত, ৰোগীয়ে ৰোগটো অতি কাৰ্যকৰীভাৱে নিয়ন্ত্ৰণ কৰিব পাৰে, বিশেষকৈ যদি তেওঁলোকে তেওঁলোকৰ চিকিৎসকৰ নিৰ্দেশনা অনুসৰণ কৰাত ব্ৰতী হয়

আমি শিকা আন এটা কথা হ'ল ডায়েবেটিক ৰেটিনোপেথী চিনাক্ত কৰাটো অতি সহজ। মাথোন প্ৰয়োজন আছে এক সৰল, বিষহীন, নিয়মীয়া চকু পৰীক্ষা কৰোৱাৰ (চকুৰ চিকিৎসকৰ ওচৰত, চশমাৰ দোকানত নহয়!)। Netra Surakshaই ঘূৰণীয়া মেজৰ আলোচনা, ব্যাখ্যাকাৰী ভিডিঅ' আৰু প্ৰবন্ধৰ জৰিয়তে এই বিষয়ে সজাগতা আনিব বিচাৰিছিল। আপুনি News18.com-ৰ Netra Suraksha initiative পৃষ্ঠাত এই আটাইবোৰ সামগ্ৰী প্ৰাপ্ত কৰিব পাৰে। আপোনাৰ বিপদাশংকা মূল্যাংকন কৰিবলৈ আমি এটা অনলাইন Diabetic Retinopathy Self Check Up -ও ডিজাইন কৰিছিলো।

আমি আপোনাক ইয়াৰ পৰাই আৰম্ভ কৰাৰ পৰামৰ্শ দিওঁ। অনলাইন Diabetic Retinopathy Self Check Up- টো কৰাওক আৰু তাৰ পিছত Netra Suraksha initiative পৃষ্ঠাখন পঢ়ক। আপোনাৰ চিকিৎসকৰ সৈতে আপোনাৰ আৰু পৰিয়ালৰ বাবে চকু পৰীক্ষা অনুসূচীত কৰক। ইয়াৰ লগতে আপোনাৰ তেজ পৰীক্ষাও অনুসূচীত কৰক, আৰু শৰ্কৰাৰ স্তৰ পৰীক্ষা কৰক। এই পৰীক্ষাবোৰ পাৰিবাৰিক কেলেণ্ডাৰত চিন দি থওক- আনকি সেইবোৰ আপোনাৰ বাবে গুৰুত্বপূৰ্ণ তাৰিখৰ সৈতেও মিলাই ৰাখিব পাৰে যাতে আপুনি প্ৰতিবছৰে সেইবোৰ পুনৰাবৃত্তি কৰিবলৈ নাপাহৰে।

এই কথাখিনি প্ৰচাৰ কৰক: আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ ওচৰলৈ যাওক, আৰু এই তথ্য প্ৰদান কৰক। তেতিয়াহে আপুনি সমাধানৰ অংশ হ'ব পাৰিব। ওপৰলৈ এবাৰ গৈ আৰু সংখ্যাবোৰ পুনৰ চাওক। যদি আমি এই ৰোগটো কমাব খোঁজো, বাৰ্ষিক চকু পৰীক্ষাৰ অভ্যাস এটা প্ৰতিজন ডায়েবেটিচ থকা ব্যক্তিয়ে কৰাটো প্ৰয়োজন। ডায়েবেটিচ আৰু ডায়েবেটিক ৰেটিনোপেথীৰ বিৰুদ্ধে ভালকৈয়ে যুঁজ দিওঁ আহক। আহক, আমি বিজয়ী হওঁ।

References:

  1. IDF Atlas, International Diabetes Federation, 9th edition, 2019


(This is a partnered article)
First published: