ভাৰতবৰ্ষত জনচনৰ বেবী চেম্পু বহুল ভাবে ব্যৱহাৰ কৰা হয়। শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতেই জনচনৰ শিশু প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰোটো এতিয়া এক পৰম্পৰালৈ ৰূপান্তৰিত হৈছে। কিন্তু এইবাৰ জনচনৰ বেবী চেম্পু ব্যৱহাৰত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে নিষেধাজ্ঞা প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে জনচনৰ বেবী চেম্পু বজাৰৰ পৰা উভতাই নিয়াৰ নিৰ্দেশ দিছে জনচন এণ্ড কোম্পানীক। NCPCR ৰ মন্তব্য অনুসৰি জনচনৰ বেবী চেম্পু প্ৰস্তুত কৰোতে মৰাত্মক ৰয়ায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয়, যি শিশুৰ শৰীৰৰ বাবে অত্যন্ত হানিকাৰক।
কিন্তু ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে জনচনৰ বেবী চেম্পুৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰাৰ ক্ষেত্ৰত, প্ৰতিষ্ঠানটোৱে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চেম্পু প্ৰস্তুত কৰোতে কোনো ধৰণৰ ৰসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা নহয় বুলি ফল্লেখ কৰিছে। ইয়াৰ উপৰিও প্ৰতিষ্ঠানটোৱে কয় যে ৰাজস্থানৰ এটা পৰীক্ষাগাৰত কোনো ধৰণৰ প্ৰশিক্ষণ নথকা মানুহৰ দ্বাৰা পৰীক্ষা কৰা হৈছিল। যাৰ ফলত কোম্পানীটোৱে এতিয়া এনেধৰণৰ পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হৈছে।
Published by: Dulu Medhi
FIRST PUBLISHED : May 29, 2019, 15:46 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।