SBI Recruitment 2021: আবেদনৰ তাৰিখ | SBIৰ ফালৰ পৰা জনোৱা হৈছে যে বৰ্তমান আবেদন পত্ৰ গ্ৰহণৰ প্ৰক্ৰিয়া চলি আছে। প্ৰাৰ্থীসকলে ১৮ আক্টোবৰ ২০২১ৰ ভিতৰত আবেদন কৰিব পাৰিব। ইনলাইনত আবেদন পত্ৰ জমা দিব লাগিব। এছ বি আইৰ অফিচিয়েল ৱেবছাইটত recruitment.bank.sbi আবেদন পত্ৰ পোৱা যাব। |
কিদৰে আবেদন কৰিব লাগিব |
ষ্টেপ ১ : প্ৰাৰ্থীসকলে প্ৰথমে https://bank.sbi/careers বা https://www.sbi.co.in/careers ত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। ইয়াৰ পিছত আবেদন মাচুল জমা দিব লাগিব। মাচুল জমা দিয়াৰ বাবে ইণ্টাৰনেট বেংকিং, ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব। ষ্টেপ ২ : প্ৰাৰ্থীসকলে নিজৰ ফটো আৰু চহী স্কেন কৰি আপলোড কৰিব লাগিব। ইয়াৰ পিছত সম্পূৰ্ণ আবেদন পত্ৰ পূৰণ কৰি প্ৰয়োজনীয় তথ্য প্ৰমাণসহ জমা কৰিব লাগিব। যদি আবেদন পত্ৰ পূৰণত কোনো সমস্যা হয় তেন্তে প্ৰাৰ্থীসকলে পূৰণ কৰা অংশ ছেভ কৰি ৰাখিব পাৰিব। আবেদন প্ৰক্ৰিয়া শেষ হ’লে প্ৰাৰ্থীসকলে এটা ৰেজিষ্ট্ৰেচন নম্বৰ আৰু পাছৱৰ্ড লাভ কৰিব। ইয়াৰ জৰিয়তে পৰৱৰ্তী সময়ত প্ৰাৰ্থীসকলে আবেদন পত্ৰ পুনৰ খুলিব পাৰিব। ষ্টেপ ৩ : আবেদন পত্ৰ আৰু আবেদন মাচুল জমা দিয়া সম্পূৰ্ণ হ’লে প্ৰাৰ্থীসকলে ভৱিষ্যতৰ সুবিধাৰ বাবে এটা কপি প্ৰিণ্ট কৰি ৰাখিব পাৰে। |
সম্পূৰ্ণ তথ্য |
প্ৰতিষ্ঠান : ষ্টেট বেংক অব ইণ্ডিয়া (SBI)। পদৰ নাম : স্পেচিয়েলিষ্ট কেডাৰ অফিচাৰ খালী পদৰ সংখ্যা : জনোৱা হোৱা নাই কামৰ স্থান : জনোৱা হোৱা নাই কামৰ প্ৰকাৰ : চুক্তিভিত্তিক নিৰ্বাচন পদ্ধতি : শ্বৰ্ট লিষ্ট আৰু সাক্ষাৎকাৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ : বৰ্তমান চলি আছে শিক্ষাগত অৰ্হতা : জনোৱা হোৱা নাই দৰমহা : জনোৱা হোৱা নাই আবেদনৰ পদ্ধতি : অনলাইন আবেদনৰ শেষ দিন : ১৮–১০–২০২১ |
নিৰ্বাচন পদ্ধতি | প্ৰাৰ্থীসকলক প্ৰদত্ত আবেদনপত্ৰৰ ওপৰত ভিত্তি কৰি প্ৰথমে শ্বৰ্টলিষ্ট কৰা হ’ব আৰু তাৰ পিছত সাক্ষাৎকাৰৰ বাবে মতা হ’ব। এইক্ষেত্ৰত বেংক কৰ্তৃপক্ষৰ সিদ্ধান্তই চূড়ান্ত বুলি গণ্য হ’ব। |
মেৰিট লিষ্ট | সাক্ষাৎকাৰৰ ফলাফলৰ ওপৰত ভিত্তিত কৰি প্ৰাৰ্থীসকলৰ মেৰিট লিষ্ট তৈয়াৰ হ’ব। একেই নম্বৰপ্ৰাপ্ত প্ৰাৰ্থীক বয়সৰ ভিত্তিত নিৰ্বাচন কৰা হ’ব। |
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|