• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Oil India Recruitment 2021 : অইল ইণ্ডিয়াত ১২০টা জুনিয়ৰ এছিষ্টেণ্ট পদত দিয়া হ’ব নিযুক্তি, আজিয়েই আবেদন কৰক

Oil India Recruitment 2021 : অইল ইণ্ডিয়াত ১২০টা জুনিয়ৰ এছিষ্টেণ্ট পদত দিয়া হ’ব নিযুক্তি, আজিয়েই আবেদন কৰক

অনলাইনত আবেদন জমা দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ১ জুলাই ২০২১ৰ পৰা।

অনলাইনত আবেদন জমা দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ১ জুলাই ২০২১ৰ পৰা।

অনলাইনত আবেদন জমা দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ১ জুলাই ২০২১ৰ পৰা।

  • Share this:


অইল ইণ্ডিয়া লিমিডেট (Oil India Limited) সংক্ষেপে OIL–এ নিয়োগ সম্পৰ্কীয় এক বিজ্ঞপ্তি প্ৰকাশ কৰিছে। যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীসকলক বিতং তথ্যৰ বাবে অইল ইণ্ডিয়া লিমিটেডৰ অফিচিয়েল ৱেবছাইট https://www.oil-india.com/ ভিজিট কৰাৰ পৰামৰ্শ দিয়া হৈছে।

১২০টা জুনিয়ৰ এছিষ্টেণ্টত পদত নিযুক্তি দিয়া হ’ব বুলি জানিব পৰা গৈছে। অনলাইনত আবেদন জমা দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ১ জুলাই ২০২১ৰ পৰা। এই আবেদন প্ৰক্ৰিয়া চলিব ১৫ আগষ্ট ২০২১লৈ।

শিক্ষাগত অৰ্হতা :

১. যিকোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব। এইক্ষেত্ৰত ৪০ শতাংশ নম্বৰ থকাটো বাধ্যতামূলক।

২. University Grants Commission স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ৪০ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হ’ব লাগিব।

৩. কম্পিউটাৰ এপ্লিকেচনত ন্যূনতম ৬ মাহৰ ক’ৰ্চ বা ডিপ্ল’মা বা চাৰ্টিফিকেট থাকিব লাগিব।

৪. MS Word, MS Excel, MS Powerpointত কাম কৰিব জানিব লাগিব।

আবেদনৰ বাবে যোগ্যতা :

১. অসংৰক্ষিত প্ৰাৰ্থীৰ বয়স ১৮–৩০ বছৰ হ’ব লাগিব।

২. SC/ST প্ৰাৰ্থীসকলৰ বয়স হ’ব লাগিব ১৮–৩৫ বছৰ।

৩. অ’বিচি প্ৰাৰ্থীসকলৰ বয়স হ’ব লাগিব ১৮–৩৩ বছৰৰ ভিতৰত।

আবেদনৰ বাবে মাচুল:

১. অসংৰক্ষিত আৰু OBC প্ৰাৰ্থীসকলে ২০০ টকা দিব লাগিব।

২. SC/ST/EWS/প্ৰাক্তন ছাৰ্ভিচমেনসকলে মাচুল দিব নালাগে।

আবেদনৰ পদ্ধতি :

১. অইল ইণ্ডিয়া লিমিটেডৰ ৱেবছাইট https://www.oil-india.com/লৈ যাওক।

২. জনিয়ৰ এছিষ্টেণ্ট পদৰ উল্লেখ থকা লিংকত ক্লিক কৰক।

৩. নতুনকৈ খোল খোৱা পেজটোত প্ৰয়োজনীয় তথ্য দি পঞ্জীয়ন কৰিব লাগিব।

৪. মেইল আৰু ম’বাইলত অহা অ’টিপি ছাবমিট কৰিব লাগিব।

৫. এপ্লিকেচন ফিলআপ কৰি প্ৰয়োজনীয় নথিৰ স্কেনড কপি আপলোড কৰিব লাগিব।

৬. ভৱিষ্যতৰ প্ৰয়োজনত আবেদন পত্ৰৰ এটা প্ৰিণ্ট আউট ৰখাটো উচিত হ’ব।

Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি