ইণ্ডিয়ান অইল কৰ্পোৰেচন (Indian Oil Corporation) ত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। বিভিন্ন পদৰ বাবে আবেদন ইতিমধ্যে আৰম্ভ হৈছে। প্ৰাৰ্থীসকলে ইঞ্জিনিয়াৰ আৰু অন্যান্য বিষয়াৰ পদৰ বাবে আবেদন কৰিব পাৰে। প্ৰাৰ্থীসকলে ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ অফিচিয়েল ছাইট iocl.comৰ জৰিয়তে সংশ্লিষ্ট পদৰ বাবে আবেদন কৰিব পাৰিব।
কেমিকেল ইঞ্জিনিয়াৰিং (Chemical Engineering), চিভিল ইঞ্জিনিয়াৰিং (Civil Engineering), ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং (Electrical Engineering), ইনষ্ট্ৰুমেণ্টেচন ইঞ্জিনিয়াৰিং ( Instrumentation Engineering) আৰু মেকানিকেল ইঞ্জিনিয়াৰিং (Mechanical Engineering) আদি বিভাগসমূহৰ লগতে অন্যান্য বিষয়াৰ পদ পূৰণ কৰা হ'ব। প্ৰাৰ্থীসকলে ২৬ জুলাইৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব।
কিদৰে কৰিব আবেদনঃপ্ৰাৰ্থীসকলে প্ৰথমে নিযুক্তি প্ৰক্ৰিয়াৰ বাবে আবেদন কৰিবলৈ সংশ্লিষ্ট কোম্পানীৰ iocl.com অফিচিয়েল ছাইটৰ হোম পেজৰ 'হোৱাটচ নিউ' শাখাৰ লিংকত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত ৰিক্ৰুটমেণ্ট অব ইঞ্জিনিয়াৰিং/অফিচাৰ্চ এণ্ড এনগেজমেণ্ট এজ গ্ৰেজুৱেট এপ্ৰেণ্টিচ ইঞ্জিনিয়াৰ ইন IOCL থ্ৰু গেট ২০২১ত ক্লীক কৰিব লাগিব। এতিয়া নিৰ্দিষ্ট পদত আবেদন কৰিবলৈ 'ইয়াত আবেদনৰ বাবে ক্লীক কৰক' অপশ্যনলৈ যাওক। অৱশেষত প্ৰাৰ্থীসকলে 'নতুন পঞ্জীয়ন'লৈ গৈ আবেদন কৰিব পাৰিব।
যোগ্যতা কি লাগিব?প্ৰাৰ্থীসকলে এ.আই.চি.টি.ই./ইউ.জি.চি.ৰ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা B.Tech/ be বা এনেধৰণৰ নিয়মীয়া পাঠ্যক্ৰম উত্তীৰ্ণ হ'ব লাগিব। একে সময়তে Chemical Engineering, Civil Engineering, Electrical Engineering, Instrumentation Engineering আৰু Mechanical Engineering আদিৰ যিকোনো এটা ব্ৰাঞ্চৰ পৰা উত্তীৰ্ণ হ"ব লাগিব।
ইয়াৰ উপৰিও, আৱেদনকাৰীসকলে এই বিভাগবোৰৰ পৰা 2021 বৰ্ষৰ গেট পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। কিন্তু মনত ৰাখিব যে, নিযুক্তিৰ বাবে যোৱা বছৰৰ গেট পৰীক্ষাৰ নম্বৰ ইণ্ডিয়ান ৱেল কৰ্পোৰেচনৰ দ্বাৰা গণনা কৰা নহ'ব।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : July 26, 2021, 13:43 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।