உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • আকৰ্ষণীয় ৰেহাইৰ সৈতে JioMartত কৰক বজাৰ, এপ উপলব্ধ Google আৰু iOS প্লে’ ষ্টৰত

    আকৰ্ষণীয় ৰেহাইৰ সৈতে JioMartত কৰক বজাৰ, এপ উপলব্ধ Google আৰু iOS প্লে’ ষ্টৰত

    • Share this:
    JioMart এপ এইবাৰ উপলব্ধ গুগল প্লে’ ষ্টৰ তথা এপল প্লে’’ ষ্টৰত৷ ৰিলায়েন্সৰ এই অনলাইন গ্রোচাৰী প্লেটফ’ৰ্ম কম দিনৰ ভিতৰতে অতি জনপ্ৰিয় হৈ পৰিছে। অনলাইন জিঅ’ মাৰ্টৰ ৱেবছাইটত গৈ গ্ৰাহকসকলে সামগ্ৰী ক্ৰয় কৰিবলৈ কোনো এপ নাছিল আগতে। সেইকাৰণে এই এপ আৰম্ভ কৰিছে কোম্পানীটোৱে।

    উপভোক্তাৰ কাৰণে উপলব্ধ হোৱাৰ কেইদিনমান পিছতে গুগল প্লে’ ষ্টৰত প্ৰায় দহলাখ ডাউনলোড হৈছে JioMart এপটো। ‘Shopping’ কেটেগৰীত এই এপটো প্ৰথম তিনিটা এপৰ অন্যতম।

    এতিয়া উপভোক্তাই সহজে এই JioMart এপৰ সহায়ত লগ ইন আইডিৰ জৰিয়তে প্ৰয়োজনীয় সামগ্ৰী অনলাইনত ক্ৰয় কৰিব পাৰিব।

    উল্লেখ্য যে, বিটা প্লেটফ’ৰ্ম jiomart.com যোৱা মাৰ্চৰ শেষৰফালে দেশৰ ২০০খন মহানগৰ আৰু চহৰত মুকলি কৰা হৈছিল।

    জিঅ’ মাৰ্টত নিয়মীয়াকৈ থাকে প্রচুৰ অফাৰ ৷ বজাৰতকৈ যথেষ্ট অধিক ডিচকাউণ্টত সামগ্ৰী ক্ৰয় কৰিব পৰা যায়। দৈনন্দিন প্ৰয়োজন হোৱা সামগ্ৰীৰ পৰা পাৰ্চনেল কেয়াৰ, পাকঘৰ তথা ঘৰৰ প্ৰয়োজনীয় সামগ্ৰী, পূজাৰ সামগ্ৰী, জোতা, বেবী কেয়াৰ প্ৰডাক্ট সকলো সামগ্ৰীয়েই এই অনলাইন প্লেটফ’ৰ্মত উপলব্ধ। কমেও ৫শতাংশ ডিচকাউণ্ট থাকেই প্ৰতিবিধ সামগ্ৰীত।  নেট বেংকিং, ডেবিট কাৰ্ডৰ লগতে চডেক্স মিল কুপন সকলোৰে সামগ্ৰী ক্ৰয় কৰা সম্ভৱ জিঅ’ মাৰ্টত।
    First published: