এণ্ড্ৰয়ইডৰ কাৰণে আহিল মেড ইন ইণ্ডিয়া JioBrowser, মাইক্ৰ’ছফট এজ–গুগল ক্ৰ’মৰ অভিজাত গ্ৰুপত চামিল

News18 Assam | News18-Assam
Updated:September 22, 2020, 7:33 PM IST
এণ্ড্ৰয়ইডৰ কাৰণে আহিল মেড ইন ইণ্ডিয়া JioBrowser, মাইক্ৰ’ছফট এজ–গুগল ক্ৰ’মৰ অভিজাত গ্ৰুপত চামিল
ৰিলায়েন্স জিঅ’ৰ মতে, ভাৰতীয়সকলক আৰু UCBrowser-ৰ দৰে চাইনীজ এপৰ প্ৰয়োজন নহ’ব। তেওঁলোকৰ চাহিদা পূৰণ কৰিব JioBrowser।

ৰিলায়েন্স জিঅ’ৰ মতে, ভাৰতীয়সকলক আৰু UCBrowser-ৰ দৰে চাইনীজ এপৰ প্ৰয়োজন নহ’ব। তেওঁলোকৰ চাহিদা পূৰণ কৰিব JioBrowser।

  • News18 Assam
  • Last Updated: September 22, 2020, 7:33 PM IST
  • Share this:
মুম্বাই: এণ্ড্ৰয়ইড ফোনৰ কাৰণে JioBrowser web ব্ৰাউজাৰৰ বিটা ভাৰ্চন আনিছে ৰিলায়েন্স জিঅ’ই। গুগল প্লে’ ষ্টৰত এতিয়া পোৱা যাব জিঅ’ ব্ৰাউজাৰৰ বিটা ভাৰ্চন। এই জিঅ’ ব্রাউজাৰত অন্যান্য ব্রাউজাৰৰ দৰে মাল্টি প্ৰচেচ ক্ৰ’মিয়াম ব্লিঙ্ক ইঞ্জিনৰ ব্যৱহাৰ কৰি কাম কৰিব পৰা যাব। এইসমূহ গুগল ক্র’ম, মাইক্র’চফট এজ তথা অপেৰা ব্রাউজাৰতো ব্যৱহাৰ কৰিব পৰা যায়।

জিঅ’ৰ এই নতুন উদ্ভাৱন এনে সময়ত কৰা হৈছে যেতিয়া কেন্দ্ৰীয় চৰকাৰে ভাৰতক আত্মনিৰ্ভৰ কৰি তুলিবলৈ মেড ইন ইণ্ডিয়া প্ৰজেক্টত ফ’কাচ কৰিছে। ৰিলায়েন্স জিঅ’ৰ মতে, ভাৰতীয়সকলক আৰু UCBrowser-ৰ দৰে চাইনীজ এপৰ দৰকাৰ নহ’ব। তেওঁলোকৰ চাহিদা পূৰণ কৰিব JioBrowser–এ ।

এই জিঅ’ ব্রাউজাৰৰ সকলোতকৈ উল্লেখযোগ্য বিশেষত্ব হ’ল ইয়াত চিকিউৰ পিন ফিচাৰৰ সৈচে প্ৰাইভেট ব্ৰাউজিং মোডৰ সুবিধা আছে। একেলগতে JioBrowser-ৰ প্রাইভেট মোডত গৈ ব্যৱহাৰকাৰীসকলে কন্টেন্ট বুকমার্কো কৰিব পাৰে। ইয়াৰ বাহিৰে ফাইল-ৰ ক্ষেত্ৰতো Advance download manager ফিচাৰ ব্যবহাৰ কৰি ডাউনলোড কৰিব পাৰে ইউজাৰসকলে।

JioBrowser-ত Quick Links-ৰ বিকল্পও আছে। য’ত ব্যৱহাৰকাৰীসকলে সহজে তথা সকলোতকৈ সোনকালে অধিক প্ৰয়োজনীয় বা দৈনন্দিন ব্যৱহাৰৰ ৱেবছাইটসমূহ একচেছ কৰিব পাৰে। ইয়াৰ বাহিৰে JioBrowser ক ৱেব ব্ৰাউজাৰ, গেমিঙৰ কাৰণে তথা হাই ৰিজলিউশ্যন ভিডিও ষ্ট্ৰিমিঙৰ কাৰণেই প্ৰস্তুত কৰা হৈছে।

Disclaimer:News18.com is part of Network18 Media & Investment Limited which is owned by Reliance Industries Limited that also owns Reliance Jio.
First published: September 22, 2020, 7:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading