Jioৰ গ্ৰাহকসকলে এতিয়া নাপাব সম্পূৰ্ণ বিনামূলীয়া সেৱা। TRAIৰ নিয়ম অনুসৰি ৰিলায়েঞ্চ জিঅ’ই সামান্য সালসলনি কৰিছে নিজৰ আঁচনি। এতিয়াৰে পৰা Jioৰ গ্ৰাহকসকলে আন নেটৱৰ্কলৈ কল কৰিলে ভৰিব লাগিব প্ৰতি মিনিটত ৬ পইচাকৈ।
ইণ্টাৰকানেক্ট ইউজেছ চাৰ্জৰ (IUC) নামত লোৱা হ’ব প্ৰতি মিনিটত ৬ পইচাকৈ। অৱশ্যে Jioৰ পৰা Jioলৈ কল কৰিলে ভৰিব নালাগে কোনো চাৰ্জ। কেৱল আন নেটৱৰ্কলৈ Out Going কলৰ ক্ষেত্ৰতহে এই চাৰ্জ ভৰিব লাগিব। ৰিলায়েঞ্চ জিঅ’ৰ বাকী সকলো প্লেন একেই থাকিব।
এই ৬ পইচা সেই অপাৰেটৰে লাভ কৰিব য’লৈ ইনকামিং কল আহে আৰু যি অপাৰেটৰৰ পৰা আউট গয়িং কল যায় সেই অপাৰেটৰে পৰিশোধ কৰিব লাগে এই ধন।
পূৰ্বে TRAI–এ কৈছিল যে ২০২০ চনৰ ১ জানুৱাৰীৰ পৰা IUC শুল্ক সম্পূৰ্ণৰূপে নাইকীয়া কৰা হ’ব। কিন্তু এতিয়া TRAI–এ নিজৰ সিদ্ধান্তক লৈ পুনৰ বিবেচনা কৰিছে। Jio-ই IUCৰ নামত আন নেটৱৰ্কক এই ৰাজসাহায্য সদায় দিব নোৱাৰে। সেয়েহে IUC শুল্ক নাইকীয়া হোৱালৈ প্ৰতি মিনিটত ৬ পইচাকৈ এই চাৰ্জ ভৰিব লাগিব গ্ৰাহকে। অৱশ্যে এই অতিৰিক্ত চাৰ্জৰ বিনিময়ত গ্ৰাহকে লাভ কৰিব সম পৰিমাণৰ বিনামূলীয়া ব্ৰডবেণ্ড ডাটা।
ইয়াত বাদে Jioৰ সকলো টেৰিফ প্লেন পূৰ্বৰ দৰেই থাকিব। জিঅ’ৰ পৰা জিঅ’লৈ কৰা সকলো ম’বাইল কল, লেণ্ডলাইন কল, সকলো ইনকামিং কল পূৰ্বৰ দৰেই বিনামূলীয়া হৈ থাকিব। সালসলনি কেৱল এটাই, ২০১৯ৰ ১০ অক্টোবৰৰ পিছত আপুনি যেতিয়া ৰিচাৰ্জ কৰিব তেতিয়া আন নেটৱৰ্কলৈ আউট গয়িং কল কৰিবলৈ IUC TopUp Voucher কিনিব লাগিব। যেতিয়া TRAI–এ এই IUC শুল্ক নাইকীয়া কৰিব, তেতিয়াই জিঅ’ই ইয়াক উঠাই ল’ব।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|