• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • দেশত 5G নেটৱৰ্কৰ ক্ষেত্ৰত আৰু একঢাপ আগুৱাই গ’ল কোৱালকম–জিঅ’ যুটী

দেশত 5G নেটৱৰ্কৰ ক্ষেত্ৰত আৰু একঢাপ আগুৱাই গ’ল কোৱালকম–জিঅ’ যুটী

যি সময়ত আৰু উন্নত এই নেটৱৰ্কক লৈ পৰীক্ষা–নীৰিক্ষা চলি আছে তেতিয়া 1 Gbps-ৰ ওপৰত স্পীড পোৱাৰ নিশ্চিতি। এই 5G নেটৱৰ্ক শীঘ্ৰেই পোৱাৰ আশা কৰা হৈছে।

যি সময়ত আৰু উন্নত এই নেটৱৰ্কক লৈ পৰীক্ষা–নীৰিক্ষা চলি আছে তেতিয়া 1 Gbps-ৰ ওপৰত স্পীড পোৱাৰ নিশ্চিতি। এই 5G নেটৱৰ্ক শীঘ্ৰেই পোৱাৰ আশা কৰা হৈছে।

যি সময়ত আৰু উন্নত এই নেটৱৰ্কক লৈ পৰীক্ষা–নীৰিক্ষা চলি আছে তেতিয়া 1 Gbps-ৰ ওপৰত স্পীড পোৱাৰ নিশ্চিতি। এই 5G নেটৱৰ্ক শীঘ্ৰেই পোৱাৰ আশা কৰা হৈছে।

  • Share this:
নতুন দিল্লীঃ এই‍বাৰ দুৰ্দান্ত গতিৰ ইণ্টাৰনেটৰ সূচনাৰ অপেক্ষাত ভাৰত। কোৱালকম টেকন’লজিছ (Qualcomm Technologies, Inc), জিঅ’ প্লেটফ’ৰ্ম লিমিটেড তথা তেওঁলোকৰ অধীনস্থ সহায়ক সংস্থা ৰেডিডিছ কৰ্প’ৰেশ্যনে (Radisys Corporation) দেশত 5G নেটৱর্কৰ পৰিকাঠামো তথা পৰিসেৱাৰ কাম কাজ আৰম্ভ কৰিবলৈ লৈছে। সংস্থাৰ ফালৰ পৰা ঘোষণা কৰা হৈছে যে 5G পৰীক্ষা নিৰীক্ষা(trials) প্রায় শেষ স্তৰত উপনীত হৈছে। ইয়াত ১ জিবিপিএছ (1 Gbps) স্পীড পোৱা গৈছে। ইয়াৰ ফলত 5G পৰিকাঠামো গঠনৰ ক্ষেত্ৰতো আস্থা অৰ্জন কৰিছে জিঅ’ই। একেসময়তে গিগাবাইট 5G NR প্রডাক্ট পোর্টফোলিওতো ভাৰতৰ নাম সন্নিবিষ্ট হৈছে। লগতে অৱশ্যে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে জিঅ’ই।
5G ইন্টাৰনেট কানেকশ্যন স্মার্ট ফোন বা লেপটপ বা AR/VR প্রডাক্ট, সকলোতে পোৱা যাব। বেছি ডাটা হাৰ, গতিয়ে ডিজিটেল অভিজ্ঞতাক আৰু সুখকৰ কৰি তুলিব।

ৰিলায়েন্স জিঅ’ ইনফোকমৰ প্রেচিডেন্ট, মেথিউ উমেনে জনায়, কোয়ালকম টেকন’লজিছৰ সৈতে কাম কৰিবলৈ পাই আমি অত্যন্ত সুখী। নতুন জেনেৰেশনৰ ক্লাউড নেটিভ 5G RAN প্রযুক্তিৰ সৈতে কাম কৰিছো আমি। কোৱালকম টেকন’লজিছৰ সৈতে জিওই হাত মিলাই যি সুৰক্ষিত RAN চলিউশ্যন তৈয়াৰ কৰিছে সিয়ে স্থানীয় উৎপাদনৰ ক্ষেত্ৰত এক দৃষ্টান্ত স্থাপন কৰিছে। ইয়াৰ ফলত আত্মনিৰ্ভৰ ভাৰতৰ কাৰণে এক সফল পদক্ষেপ বিবেচিত হৈছে। 5G দেশ হিচাপে দেশৰ নাম উঠিছে।

অন্যফালে 4G/5G কোৱালকম টেকন’লজিছৰ (Qualcomm Technologies, Inc) চিনিয়ৰ ভাইচ প্রেচিডেন্ট তথা জেনেৰেল মেনেজাৰ দুর্গা মালাডিয়ে জনায়, বিশ্বজুৰি 5G-ৰ পৰিকাঠামো গঠন কৰিব বিচাৰে কোৱালকম টেকন’লজিছে। ৰিলায়েন্স জিঅ’-ৰ 5G সৈতে সংযুক্ত হৈ ভাৰতত দ্ৰুত গতিৰ ইণ্টাৰনেটৰ পৰিসেৱাৰ লক্ষ্য লৈছো আমি।

উল্লেখ্য যে, ভাৰতত ডিজিটেল পৰিসেৱাৰ ক্ষেত্ৰত অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে জিঅ’ই।
First published: