২০০ টকাতকৈও কম মূল্যৰ Jioৰ এই প্লেন, সম্পূৰ্ণ এটা মাহৰ বাবে বিনামূলীয়াকৈ লাভ কৰক সকলো সুবিধা

Dulu Medhi | News18-Assam
Updated:June 22, 2019, 3:33 PM IST
২০০ টকাতকৈও কম মূল্যৰ Jioৰ এই প্লেন, সম্পূৰ্ণ এটা মাহৰ বাবে বিনামূলীয়াকৈ লাভ কৰক সকলো সুবিধা
এই প্লেনৰ জৰিয়তে ইউজাৰ্চে পূৰ্বে প্ৰতিদিনে লাভ কৰিছিল 1.5GB ডেটা কিন্তু এতিয়া লাভ কৰিব 2GB। জানো আহত আৰু কি কি সুবিধা লাভ কৰিব পাৰিব আপুনি...

এই প্লেনৰ জৰিয়তে ইউজাৰ্চে পূৰ্বে প্ৰতিদিনে লাভ কৰিছিল 1.5GB ডেটা কিন্তু এতিয়া লাভ কৰিব 2GB। জানো আহত আৰু কি কি সুবিধা লাভ কৰিব পাৰিব আপুনি...

  • Share this:
মোবাইল ইণ্টাৰনেট ডেটাৰ কথা যদি কোৱা হয় Jioতকৈ সুলভ মূল্যৰ আৰু আকৰ্ষণীয় প্লেন একোৱেই নায়। Long term plan হওক অথবা Sachets plan-এ হওক প্ৰতিটো প্লেনত আমি লাভ কৰো কেইবাটাও বিনামূলীয়া সেৱা। অকল এয়াই নহয় Jioৰ তৰফৰ পৰা ৫০ টকাতকৈও কম মূল্যৰ প্লেন পোৱা যায়, য’ত JioPhone ব্যৱহাৰীসকলে সম্পূৰ্ণ মাহজুৰি বিনামূলীয়াকৈ কথা পাতিব পাৰে। কিন্তু আমি কয় আছো জিঅ’ৰ এনে এটা প্লেনৰ বিষয়ে য’ত গ্ৰাহকে ১৯৮ টকাৰ ৰিচাৰ্জ কৰিব লাগিব। এই প্লেনৰ জৰিয়তে কি কি সুবিধা লাভ কৰিব আহক জানো।

১৯৮ টকাৰ প্লেন– এই প্লেনৰ জৰিয়তে ইউজাৰ্চে পূৰ্বে প্ৰতিদিনে লাভ কৰিছিল 1.5GB ডেটা কিন্তু এতিয়া লাভ কৰিব 2GB। ইয়াৰ ভেলিডিটী ২৮ দিনৰ, য’ত প্ৰতিদিনে 2GB ডেটাৰ সৈতে আনলিমিটেড ক’লিং আৰু প্ৰতিদিনে ১০০টা SMS কৰিব পাৰিব। এই সকলো প্লেনৰ সৈতে আপুনি Jioৰ প্ৰতিটো এপছৰ Free subscription লাভ কৰিব।



Jioৰ ৪৪৯ টকাৰ প্লেনৰ জৰিয়তে লাভ কৰিব ৩ মাহৰ সুবিধা
গ্ৰাহকে ৪৪৯ টকাৰ ৰিচাৰ্জ কৰিলে ৩ মাহলৈ বিনামূলীয়া সেৱা লাভ কৰিব পাৰিব। আহক জানো এই অফাৰৰ বিষয়ে। এই প্লেনৰ আধাৰত গ্ৰাহকে ৪৪৯ টকাৰ ৰিচাৰ্জ কৰিব লাগিব আৰু ইয়াৰ ভেলিডিটী হ’ল ৯১ দিন(৩ মাহ)।

এই প্লেনৰ জৰিয়তে গ্ৰাহকে প্ৰতিদিনে 1.5GB ডেটা অৰ্থাৎ ৯১ দিনত 136.5 ডেটা লাভ কৰিব। আনলিমিটেড (১০০ প্ৰতিদিনে) SMSৰ সুবিধা লাভ কৰিব। ইয়াৰোপৰি গ্ৰাহকে ৪৪৯ টকাৰ ৰিচাৰ্জ কৰি আনলিমিটেড কথাও পাতিব পাৰিব।
আৰু চাওক
পৰৱৰ্তী বাতৰি