ৰিলায়েঞ্চৰ ব্ৰডবেণ্ড সেৱা Jio GigaFiber ৫ ছেপ্টেম্বৰত মুকলি হ’ব। ইতিমধ্যে কোম্পানীটোৱে ঘোষণা কৰিছে Jio GigaFiber প্লেন। লগতে এই সেৱাৰ বাবে কেনেকৈ আবেদন কৰিব লাগে সেই কথাও ঘোষণা কৰিছো ৰিলায়েঞ্চে। গিগা ফাইবাৰ প্লেন ৭০০ৰ পৰা আৰম্ভ হৈ ১০ হাজাৰ টকালৈ আছে। ইয়াৰ উপৰি জিঅ’ই মুকলি কৰিছে এক আকৰ্ষণীয় ৱেলকাম অফাৰ। এই প্লেন গ্ৰহণ কৰা গ্ৰাহকে বিনামূলীয়াকৈ লাভ কৰি HD বা 4K LED TV আৰু 4K ছেট–টপ বক্স। লেণ্ডলাইন কানেকচনো হ’ব বিনামূলীয়া। গ্ৰাহকে ভৰিব নালাগে কোনো ইনষ্টলেচন মাচুলো।
কেনেকৈ কৰিব আবেদন
জিঅ’ ফাইবাৰৰ বাবে ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। আপুনি জিঅ’ৰ ৱেবছাইটত সহজতে তিনিটা স্তৰত পঞ্জীয়ন কৰিব পাৰিব। প্ৰথমে পেজত আপুনি নিজৰ ঠিকনা উল্লেখ কৰিব লাগিব। ইয়াৰ পিছত নিজৰ নাম, ম’বাইল নম্বৰ আৰু ই–মেইল আই ডি উল্লেখ কৰিব লাগিব। তাৰ পিছত আপোনালৈ অ’টিপি পঠিওৱা হ’ব যিটো ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ পঞ্জীয়ন সম্পূৰ্ণ হ’ব। এই সেৱাৰ পাবলৈ আপুনি আধাৰ কাৰ্ড, ভোটাৰ আই ডি, পেন কাৰ্ড, পাছপ’ৰ্ট বা ড্ৰাইভিং লাইচেঞ্চৰ ভিতৰত যিকোনো এবিধ নথি দিব লাগিব।
কেনেকৈ ইনষ্টল হ’ব জিঅ’ ফাইবাৰ কানেকচন
পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত যদি আপোনাৰ অঞ্চলত জিঅ’ ব্ৰডবেণ্ড সেৱা উপলব্ধ তেন্তে, শীঘ্ৰে আপোনাৰ অঞ্চললৈ অভিযন্তা আহি ব্ৰডবেণ্ড ছিষ্টেম ইনষ্টল কৰিব। দুঘণ্টাৰ ভিতৰতে এই সেৱা সক্ৰিয় হৈ যাব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|