ৰিলায়েঞ্চ জিঅ’ এতিয়া দেশৰ এক নম্বৰ বেচৰকাৰী টেলিকম কোম্পানী। কিছু বছৰৰ ভিতৰতে জিঅ’ৰ এই স্থানত উপনীত হোৱাৰ কাৰণ বিবেচনা কৰিলে জনা যায়, Jioই সদায় ব্যৱহাৰকাৰীৰ সুবিধাক অগ্ৰাধিকাৰ দি আহিছে। শেহতীয়াকৈ জিঅ’ই আন এক সুবিধা আগবঢ়াইছে গ্ৰাহকলৈ। যদি আপোনাৰ ওচৰত টকা নাথাকে আৰু আপোনাৰ ডাটা শেষ হৈ যায়, তেন্তে জিঅ’ই সেই সময়ত আপোনাক বিনামূলীয়াকৈ ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ দিব। বহুতেই সেই কথা নাজানে।
Jio Emergency Data Voucher সম্পৰ্কে জানেনে?
আপুনি জিঅ’ ব্যৱহাৰকাৰী হ’লে এই সুবিধা ল’ব পাৰে। যিটো Jio Emergency Data Voucher নামেৰে পৰিচিত। এই ডাটা ভাউচাৰ সেইসকল গ্ৰাহকৰ বাবে আটাইতকৈ ভাল বিকল্প, যিসকলৰ ইণ্টাৰনেট সংযোগ হঠাৎ বন্ধ হৈ গৈছে আৰু সেই মুহূৰ্ততে ৰিচাৰ্জ কৰাৰ বাবে হাতত টকা নাথাকে। এই ভাউচাৰৰ জৰিয়তে আপুনি জিঅ’ৰ লোণৰ ডাটা পাব।
এই ভাউচাৰ ব্যৱহাৰ কৰাৰ পদ্ধতি
জিঅ’ এমাৰজেঞ্চী ডাটা ভাউচাৰ ব্যৱহাৰ কৰিবলৈ হ’লে প্ৰথমে আপোনাৰ স্মাৰ্টফোনত My Jio এপ খোলক। ইয়াৰ পিছত মেনুত গৈ তাত ‘মোবাইল ছাৰ্ভিচেছ’ বিকল্পত টেপ কৰক। ইয়াত আপুনি ‘এমাৰজেঞ্চী ডাটা ভাউচাৰ’ দেখিবলৈ পাব। সেয়া নিৰ্বাচন কৰক। তাৰ পিছত ‘এমাৰ্জেঞ্চী ডাটা’ অপচনত ক্লিক কৰক। ইয়াৰ পিছত ‘এক্সিভেট নাও’ত ক্লিক কৰক। এইদৰে আপুনি জিঅ’ৰ পৰা লোণ হিচাপে 2GB ডাটা লাভ কৰিব।
কেনেকৈ পৰিশোধ কৰিব টকা
এই ডাটা লোণৰ টকা পৰিশোধৰ বিকল্প কি? 2GB ডাটাৰ বাবে আপুনি ২৫ টকা দিব লাগিব। ইয়াৰ বাবে প্ৰথমে আপোনাৰ স্মাৰ্টফোনত My Jio এপ খোলক, ‘এমাৰ্জেঞ্চী ডাটা ভাউচাৰ’ত ক্লিক কৰক, তাৰ পিছত Proceed অপচনলৈ যাওক আৰু Pay বিকল্পত ক্লিক কৰক। ইয়াত আপুনি আপোনাৰ ঋণ পৰিশোধ কৰিব পাৰিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|