আজিৰে পৰা Jioৰ গ্ৰাহকসকলে আন নেটৱৰ্কলৈ কল কৰাৰ বাবে ৰিচাৰ্জ কৰিব লাগিব IUC TopUp Voucher। আন নেটৱৰ্কত কল কৰাৰ বাবদ Jioৰ গ্ৰাহকে ভৰিব লাগিব প্ৰতি মিনিটত ৬পইছাকৈ। ইণ্টাৰকানেক্ট ইউজেছ চাৰ্জৰ (IUC) নামত Jio গ্ৰাহকৰ পৰা সংগ্ৰহ কৰিব প্ৰতি মিনিটত ৬ পইচাকৈ। অৱশ্যে Jioৰ পৰা Jioলৈ কল কৰিলে ভৰিব নালাগে কোনো চাৰ্জ। কেৱল আন নেটৱৰ্কলৈ Out Going কলৰ ক্ষেত্ৰতহে এই চাৰ্জ ভৰিব লাগিব। ৰিলায়েঞ্চ জিঅ’ৰ বাকী সকলো প্লেন একেই থাকিব।
এই ৬পইছা প্ৰতি মিনিটৰ চাৰ্জ জিঅ’ৰ পৰা জিঅ’লৈ কল কৰোতে, সকলো ইনকামিং কল, জিঅ’ৰ পৰা লেণ্ডলাইন কল, হোৱাটছএপ বা ফেচটাইম বা তেনেধৰনৰ প্লেটফ’ৰ্মৰ পৰা কল কৰোতে দিব নালাগে। ইয়াৰ লগতে গ্ৰাহকে আদায় দিয়া প্ৰতি ১০টকাৰ বিনিময়ত অতিৰিক্ত ১জিবি ডাটা লাভ কৰিব। IUC টপ আপ ভাউচাৰ ১০টকাৰ পৰা উপলব্ধ হ’ব।
ৰিলায়েঞ্চ জিঅ’ই ট্ৰাইৰ এই নিয়মৰ কাৰণে গ্ৰাহকক বিনামূলীয়া কলৰ সুবিধা দিবলৈ আন অপাৰেটৰক নিজৰ পৰা IUC আদায় কৰি আহিছিল। যোৱা তিনি বছৰত Jio-ই ১৩,৫০০কোটি টকা NET IUC হিচাপে আন অপাৰেটৰক দি আহিছিল।
আন নেটৱৰ্ক আৰু ৰিলায়েঞ্চ জিঅ’ৰ টেৰিফৰ পাৰ্থক্যৰ কাৰণে এয়াৰটেল আৰু ভডাফোন–আইডিয়াৰ গ্ৰাহকে জিঅ’ গ্ৰাহকলৈ মিছ কল দি ফোন কৰিবলৈ কৈ আহিছিল। জিঅ’ই নেটৱৰ্কত প্ৰতিদিনে ২৫ৰ পৰা ৩০কোটি মিছ কল প্ৰতি দিনে আহে। অৰ্থাৎ জিঅ’ই আন নেটৱৰ্কলৈ ফোন কৰাৰ ধন আদায় দিব লগীয়া হয়। ইয়াৰ কাৰণে দৈনিক প্ৰায় ৬৫ৰ পৰা ৭৫কোটি মিনিটৰ আউট গয়িং কলৰ কাৰণে প্ৰতি মিনিটত ৬পইছা চাৰ্জ দি আহিছিল জিঅ’ই। এই IUC top-up ভাউচাৰ জিঅ’ই গ্ৰাহকক প্ৰদান কৰিব।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|