জিঅ’ৰ আকৰ্ষণীয় অফাৰ! ইমান টকা ৰিচাৰ্জ কৰি পাওক দুগুণ 4G ডাটা

News18 Assam | News18-Assam
Updated:March 29, 2020, 10:16 PM IST
জিঅ’ৰ আকৰ্ষণীয় অফাৰ! ইমান টকা ৰিচাৰ্জ কৰি পাওক দুগুণ 4G ডাটা

কোম্পানীয়ে কম দামৰ এই ডাটা ভাউচাৰত আগবঢ়াইছে দুগুণ লাভ।

  • Share this:
কোৰোণা ভাইৰাছৰ বাবে ঘোষণা কৰা লকডাউনৰ ফলত অধিক সংখ্যক লোকে ঘৰৰে পৰা কৰিছে কাম। কোৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। দেশজুৰি চলি আছে ২১ দিনীয়া লকডাউন। ঘৰতে বহি থকাৰ ফলত মানুহৰ মোবাইল ডাটাৰ ব্যৱহাৰ বৃদ্ধি পাইছে। এই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৰিলায়েঞ্চ জিঅ’ই শেহতীয়াকৈ 4G ডাটা ভাউচাৰত সালসলনি ঘটাইছে। কোম্পানীয়ে কম দামৰ এই ডাটা ভাউচাৰত আগবঢ়াইছে দুগুণ লাভ।

জিঅ’ৰ 4G ডাটা ভাউচাৰত একেবাৰে কম দামৰ বহু প্লেন উপলব্ধ, য’ত আছে ১১টকা, ২১ টকা, ৫১ টকা আৰু ১০১ টকাৰ প্লেন। ২১ টকাৰ প্লেনত ১ জিবিৰ সলনি এতিয়া আনলিমিটেড ২ জিবি ডাটা দিয়া হৈছে। ইমানেই নহয়, কলিঙৰ বাবেও দিয়া হৈছে ৫০০ মিনিট, যিটো জিঅ’ টু নন জিঅ’ অৰ্থাৎ জিঅ’ৰ পৰা আন নেটৱৰ্কৰ বাবে ব্যৱহাৰ কৰিব পাৰিব।

১৯৯ টকাৰ প্লেমত ২৮ দিনৰ ভেলিডিটী দিয়া হয়। ইণ্টাৰনেট ডাটা হিচাপে ইয়াত গ্ৰাহকে প্ৰতিদিনে ১.৫ জিবি ডাটা লাভ কৰে। ইয়াৰ উপৰি ১৯৯ টকাৰ এই প্লেনত গ্ৰাহকে প্ৰতিদিনে ১০০ এছএমএছৰ সুবিধাও লাভ কৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading