সামাজিক দুৰত্ব বৰ্তাই ৰখাৰ স্বাৰ্থত এতিয়া বহুসংখ্যক চৰকাৰী বা বেচৰকাৰী কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম-কাজ কৰি আছে। এই সকলৰ বাবে এতিয়া বিশেষ অ’ফাৰ দিছে ৰিলায়েন্স জিঅ’ই।
শুকুৰবাৰে জিঅ’ই এক নতুন পেকৰ কথা ঘোষণা কৰে। এটা নতুন ‘ৱৰ্ক ফ্ৰম হোম’ পেক মুকলি কৰে জিঅ’ই। মাত্ৰ ৯৯৯ টকাত ৮৪ দিনৰ বাবে লাভ কৰক প্ৰত্যেকদিনাই ৩ জিবিকৈ ডাটা। এই নতুন পেকটোৰ জৰিয়তে জিঅ’ৰ গ্ৰাহক সকলে লাভ কৰিব জিঅ’ টু জিঅ’ আৰু লেণ্ডলাইনলৈ বিনামূলীয়া ফোনকলৰ সুবিধা। লগতে ৩ হাজাৰ মিনিট পৰ্যন্ত অন্য নেটৱৰ্কলৈ ফ্ৰী কল, প্ৰতিদিনাই ১০০ টাকৈ মেছেজ।