৭৪৯ টকাৰ ৰিচাৰ্জ প্লেন Jio Phone ব্যৱহাৰকাৰীসকলৰ বাবেহে। যদি আপোনাৰ ওচৰত Jio Phone আছে, তেন্তে আপুনি ৭৪৯ টকাৰ প্লেনৰ সুবিধা লাভ কৰিব পাৰে।
৭৪৯ টকাৰ ৰিচাৰ্জ প্লেন Jio Phone ব্যৱহাৰকাৰীসকলৰ বাবেহে। যদি আপোনাৰ ওচৰত Jio Phone আছে, তেন্তে আপুনি ৭৪৯ টকাৰ প্লেনৰ সুবিধা লাভ কৰিব পাৰে।
ৰিলায়েঞ্চ জিঅ’ (Reliance Jio)ই নিজৰ গ্ৰাহকসকলৰ বাবে দুটাকৈ আকৰ্ষণীয় অফাৰ লৈ আহিছে। ইয়াৰ জৰিয়তে আনলিমিটেড কলিং (Unlimited calling) আৰু ডেইলী ডাটা (Daily data)ৰ লগতে কেইবাটাও সুবিধা দিয়া হৈছে। কোম্পানীয়ে ৭৪৯ টকাৰ প্লেন মুকলি কৰিছে। ইয়াত ব্যৱহাৰকাৰীয়ে এবছৰলৈ ইণ্টাৰনেট, কল আৰু মেছেজৰ লগতে সকলো সেৱা বিনামূলীয়াকৈ দিয়াৰ ঘোষণা কৰিছে। এই ৰিচাৰ্জৰ ভেলিডিটি এবছৰ।
জানক এই প্লেনৰ বিষয়ে
৭৪৯ টকাৰ ৰিচাৰ্জ প্লেন Jio Phone ব্যৱহাৰকাৰীসকলৰ বাবেহে। যদি আপোনাৰ ওচৰত Jio Phone আছে, তেন্তে আপুনি ৭৪৯ টকাৰ প্লেনৰ সুবিধা লাভ কৰিব পাৰে। এই প্লেনত Jio Phoneৰ গ্ৰাহকে ৭৪৯ টকা খৰচ কৰি এবছৰৰ বাবে আনলিমিটেড সেৱাৰ লাভ উঠাব পাৰে।
এই প্লেনত ইণ্টাৰনেট ব্যৱহাৰৰ বাবে প্ৰতিমাহে 2GB হাইস্পীড ডাটা দিয়া হ’ব। লগতে ব্যৱহাৰকাৰীয়ে এবছৰলৈ আনলিমিটেড ফ্ৰী কলিঙৰ লাভ উঠাব পাৰে। ইয়াৰ 2GB ডাটা শেষ হোৱাৰ পিছত স্পীড কমি যাব। এই অফাৰৰ লাভ ৰিলায়েঞ্চ ৰিটেইল ষ্টোৰ আৰু জিঅ’ ৰিটেইল ষ্টোৰৰ পৰা ল’ব পাৰে।
২২ টকাৰ ডাটা প্লেন
Jioই ব্যৱহাৰকাৰীসকলৰ বাবে কেৱল ২২ টকাৰ ডাটা প্লেন মুকলি কৰিছে। য’ত ব্যৱহাৰকাৰীসকলে 2GBৰ 4G হাইস্পীড ডাটা লাভ কৰিব। ইয়াৰ ভেলিডিটি ২৮ দিন। এই প্লেনত 2GB ডাটা শেষ হোৱাৰ পিছত ইণ্টাৰনেট স্পীড হ্ৰাস পাই 64Kbps হ’ব। ২২ টকাৰ এই ডাটা প্লেনত Jio ফোন ব্যৱহাৰকাৰীয়ে JioNews, Jio Security, JioCinema আৰু JioTV এপছৰ ছাবস্ক্ৰিবচনো পাব। এই প্লেনত গ্ৰাহকে কেৱল ডাটা বেনিফিট লাভ কৰিব। ভইচ কলৰ বাবে বেলেগকৈ ৰিচাৰ্জ কৰিব লাগিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|