ৰিলায়েঞ্চ জিঅ’ই গ্ৰাহকলৈ লৈ আনিছে ভাল খবৰ। নৱবৰ্ষ উপলক্ষে কোম্পানীটোৱে গ্ৰাহকৰ বাবে হৈ আহিছে ২০২০ হেপী নিউ ইয়েৰ অফাৰ। এই অফাৰৰ জৰিয়তে গ্ৰাহকে কেৱল এবাৰ ৰিচাৰ্জ কৰি সমগ্ৰ বছৰলৈ লাভ কৰিব আনলিমিটেড সেৱা। জিঅ’ই কয় যে ‘২০২০ হেপী নিউ ইয়েৰ অফাৰ’ নিৰ্দিষ্ট সময়ৰ বাবেহে। আজিৰে পৰা আৰম্ভ হৈছে এই অফাৰ।
‘২০২০ হেপী নিউ ইয়েৰ অফাৰ’ত ব্যৱহাৰকাৰীয়ে ২০২০ টকাৰ ৰিচাৰ্জ কৰিলে এবছৰলৈ আনলিমিটেড সেৱা লাভ কৰিব।
![]()
এবছৰৰ বাবে আনলিমিটেড ভইচ কল, দৈনিক ১.৫ জিবি 4G ডাটা, দৈনিক ১০০ এছএমএছ আৰু জিঅ’ এপৰ বিনামূলীয়া এক্সেছ। এই অফাৰৰ ভেলিডিটী হ’ব এবছৰ।
![]()
JioPhoneৰ বাবেও আছে অফাৰ। ২০২০ টকাত গ্ৰাহকে কিনিব পাৰিব জিঅ’ ফোন। লগত পাব ১২ মাহৰ আনলিমিটেড সেৱা। এই অফাৰৰ জৰিয়তে গ্ৰাহকে লাভ কৰিব আনলিমিটেড ভইচ কল, প্ৰতিদিনে ০.৫ জিবি ডাটা, SMS আৰু জিঅ’ এপৰ বিনামূলীয়া ছাবস্ক্ৰিপশ্যন। এই অফাৰৰ ভেলিডিটী হ’ব এবছৰ।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|