• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ৰাণু মণ্ডলৰ পিছত ছচিয়েল মিডিয়াত জোৱাৰ তুলিছে এই আদিবাসী ভাতৃ–ভগ্নীয়ে, ভাইৰেল নৃত্যৰ ভিডিও

ৰাণু মণ্ডলৰ পিছত ছচিয়েল মিডিয়াত জোৱাৰ তুলিছে এই আদিবাসী ভাতৃ–ভগ্নীয়ে, ভাইৰেল নৃত্যৰ ভিডিও

ঝাৰখণ্ডৰ এই আদিবাসী ভাই–ভনীৰ টিকটক একাউণ্টৰ ফল’ৱাৰ ১০লাখ অতিক্ৰম কৰিছে। লগতে টুইটাৰতো ভাইৰেল হৈছে তেওঁলোকৰ নৃত্যৰ ভিডিও। 

  • Share this:
ৰাঁচীঃ গান গাই নিশাটোৰ ভিতৰতে জনপ্ৰিয় হৈ উঠিছিল পশ্চিমবংগৰ ৰাণু মণ্ডল। মাত্ৰ কেইটামান দিনৰ ভিতৰতে ভাগ্যই সলনি হৈ পৰিছিল ৰাণুৰ। গান গোৱাৰ সুযোগ পাইছিল হিমেশ ৰেশমিয়াৰ সৈতে বলিউডৰ চিনেমাত। সেই একেই গতিৰে আগবাঢ়িছে ঝাৰখণ্ডৰ এহাল আদিবাসী ভাতৃ–ভগ্নী। এওঁলোকৰ নৃত্যই মন মোহিছে সকলোৰে।

ইতিমধ্যে ঝাৰখণ্ডৰ ভাতৃ–ভগ্নী হালৰ টিকটক একাউণ্টত ফল’ৱাৰৰ সংখ্য ১০লাখ অতিক্ৰম কৰিছে। সমানে তেওঁলোকৰ ভিডিও ভাইৰেল হৈছে টুইটাৰতো। ৰাণু মণ্ডলৰ পিছত সনাতন কুমাৰ মাহাতো আৰু তেওঁৰ ভগ্নী এতিয়া ছচিয়েল মিডিয়াৰ নতুন চেনচেশ্যন।

কোনো দামী কাপোৰ কানি নাই। নাই কোনো স্পেচিয়েল এফেক্ট। সাধাৰণ শাৰী পৰিহিত ভগ্নী আৰু বুটাম খোলা চাৰ্ট পিন্ধি ভাতৃৰ নৃত্য। নিম্ন মধ্যবিত্ত পৰিয়ালৰ সন্তানহালৰ পিছফালে ঘৰৰ অৱস্থাই কৈ দিয়ে তেওঁলোক যে স্বচ্ছল নহয়। হয়তো তেওঁলোকে কেতিয়াও নাচ শিকাই নাই। কিন্তু তেওঁলোকৰ প্ৰতিটো ষ্টেপ একেবাৰে নিখুঁট! এই নৃত্যৰে তেওঁলোকে মন জয় কৰিছে সকলোৰে। তেওঁলোকে পোষ্ট কৰা ভিডিও উপভোগ কৰিছে লাখ লাখ মানুহে।

First published: