মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »ভাল খবৰ! তপা মূৰ, চুলি সৰা সমস্যাৰ সমাধান বিচাৰি পাইছে জাপানী গৱেষকে!

ভাল খবৰ! তপা মূৰ, চুলি সৰা সমস্যাৰ সমাধান বিচাৰি পাইছে জাপানী গৱেষকে!

গৱেষকসকলে চুলিৰ ফলিক'ল প্ৰস্তুত কৰিবলৈ ষ্টেম কোষ ব্যৱহাৰ কৰিছিল। যিয়ে চুলিৰ সৰাৰ পিছতো পুনৰ চুলিৰ বৃদ্ধি কৰিব পাৰে।

গৱেষকসকলে চুলিৰ ফলিক'ল প্ৰস্তুত কৰিবলৈ ষ্টেম কোষ ব্যৱহাৰ কৰিছিল। যিয়ে চুলিৰ সৰাৰ পিছতো পুনৰ চুলিৰ বৃদ্ধি কৰিব পাৰে।

  • Share this:
চুলিৰ সৰাৰ সমস্যাৰ লগতে যি সকলে ইতিমধ্যে তপা মূৰৰ সমস্যাত ভুগি আছে, তেওঁলোকৰ বাবে জাপানৰ বিজ্ঞানীয়ে কঢ়িয়াই আনিছে এটা ভাল খবৰ। ষ্টেম কোষৰ সহায়ৰ জৰিয়তে এই সমস্যা সমাধানৰ কৌশল প্ৰস্তুত কৰি উলিয়াইছে।

ইতিমধ্যে গৱেষকসকলে চুলিৰ ফলিক'ল প্ৰস্তুত কৰিবলৈ ষ্টেম কোষ ব্যৱহাৰ কৰিছিল। যিয়ে চুলিৰ সৰাৰ পিছতো পুনৰ চুলিৰ বৃদ্ধি কৰিব পাৰে।

স্তন্যপায়ী প্ৰাণীৰ ওপৰত এই ষ্টেম কোষৰ প্ৰয়োগ কৰি ইয়াৰ অগ্ৰগতি সম্পৰ্কত ৰিকেন চেণ্টাৰ ফ'ৰ বায়'ছিষ্টেম ডাইনামিকছ ৰিছাৰ্চৰ বিজ্ঞানীসকলে প্ৰকৃতি বৈজ্ঞানিক প্ৰতিবেদনত এখন পেপাৰ প্ৰকাশ কৰিছে।

নিগনিৰ শৰীৰৰ নোম আৰু শুঙৰ কোষলৈ, গৱেষকসকলে ২২০টা সংমিশ্ৰণ ব্যৱহাৰ কৰাৰ লগতে সেয়া একেলগে লেবত আন উপাদানৰ সৈতে একেলগে ৰোপন কৰিছিল। এই গৱেষণাৰ সময়ত, তেওঁলোকে গম পাইছিল যে এক প্ৰকাৰৰ কোলাজেনক পাঁচটা কাৰকৰ (এন এফ এফ এছ ই মাধ্যম) সৈতে যোগ দিয়াৰ  ফলত কম সময়ৰ ভিতৰত ষ্টেম চেলৰ প্ৰসাৰণৰ হাৰ সৰ্বাধিক হয়, বি জি আৰত দাখিল কৰা হৈছে এই কথা।

এই খবৰ মহিলাসকলৰ বাবে এটা ডাঙৰ সকাহ, কিয়নো যদিহে এই সম্ভৱ হৈ উঠে তেন্তে গৰিলা গ্লু ব্যৱহাৰৰ পৰা মুক্ত হ'ব মহিলাসকল।

ইপিনে আৰ আই কে ইনৰ গৱেষকৰ দলটোৱে এইটোতগুৰুত্ব দিছিল যাতে প্ৰাকৃতিকভাৱেই চুলি পুনৰ বিকাশৰ চিকিৎসা কৰিব পাৰি যিয়ে তপা মূৰৰ সমস্যা নিৰাময় কৰিব পাৰে।

তেওঁলোকৰ গৱেষণাৰ প্ৰক্ৰিয়াত, আৰ আই কে এন দলে বায়'ইঞ্জিনিয়াৰড হেয়াৰ ফলিকল ষ্টেম কোষবোৰ এন এফ এফ এছ ই মাধ্যমৰ সৈতে একাকাৰ কৰিছিল লগতে মাধ্যমৰ সৈতে এটা উপাদান হেৰুৱাইছিল। তেওঁলোকে তিনি সপ্তাহৰ বাবে পুনৰ বিকাশ কৰা চুলি লক্ষ্য কৰিছিল আৰু গম পাইছিল যে এন এফ এফ এছ ই মাধ্যমে চুলিৰ ফলিকলবোৰক স্বাভাৱিক চুলিৰ উৎপাদনৰ কমেও তিনিটা চক্ৰৰ মাজেৰে যাবলৈ অনুমতি দিছিল।

অৱশ্যে, আন মাধ্যমটোত সেয়া পৰ্যাপ্ত নাছিল আৰু গৱেষকসকলে গম পাইছিল যে মাত্ৰ ৭৯ শতাংশ ফলিকলে কেৱল এটা চুলি চক্ৰ উৎপন্ন কৰিছিল।

ইপিনে অধ্যয়নৰ মুখ্য গৱেষক টাকাচী টুচুজীয়ে কয়, "আমাৰ এই ৰোপন প্ৰণালীয়ে চুলিৰ ফলিকল ষ্টেম কোষৰ পৰা চুলিৰ ফলিকলৰ সক্ৰিয় বিকাশৰ বাবে এটা পদ্ধতি স্থাপন কৰে আৰু যিয়ে অতি শীঘ্ৰেই চুলিৰ ফলিকল পুনৰ বিকাশ চিকিৎসাক বাস্তৱত গঢ়ি তুলিবলৈ সহায় কৰিব।"

এতিয়ালৈকে, জাপানী গৱেষকসকলে প্ৰাকক্লিনিকেল পৰীক্ষাগাৰৰ পৰীক্ষাত ষ্টেম কোষ থেৰাপি সফলতাৰে কৰিবলৈ সক্ষম হৈছে। যদিও তপা মূৰ নিৰাময়ৰ এই নতুন চিকিৎসা ব্যৱসায়িকভাৱে উপলব্ধ হোৱাৰ পূৰ্বে তেওঁলোকৰ গৱেষণাই ক্লিনিকেল পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। ইফালে, দলটোৱে এই নতুন চুলি বৃদ্ধি প্ৰযুক্তিৰ ক্লিনিকেল এপ্লিকেচনৰ  বাবে সহযোগিতা বিচাৰি আছে।

শেহতীয়া বাতৰি