• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Janmashtami 2022: ১৮ আগষ্ট নে ১৯ আগষ্ট, কোন দিনা জন্মাষ্টমী পালন কৰিব লাগে? ইয়াত চাওক পূজাৰ শুভ সময়

Janmashtami 2022: ১৮ আগষ্ট নে ১৯ আগষ্ট, কোন দিনা জন্মাষ্টমী পালন কৰিব লাগে? ইয়াত চাওক পূজাৰ শুভ সময়

Janmashtami 2022: শ্ৰীকৃষ্ণৰ জন্মভূমি মথুৰাত ১৯ আগষ্টতহে জন্মাষ্টমী উদযাপন কৰা হ’ব।

Janmashtami 2022: শ্ৰীকৃষ্ণৰ জন্মভূমি মথুৰাত ১৯ আগষ্টতহে জন্মাষ্টমী উদযাপন কৰা হ’ব।

Janmashtami 2022: শ্ৰীকৃষ্ণৰ জন্মভূমি মথুৰাত ১৯ আগষ্টতহে জন্মাষ্টমী উদযাপন কৰা হ’ব।

  • Share this:
হিন্দু পঞ্জিকা অনুসৰি ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত মথুৰাত ভগৱান শ্ৰীকৃষ্ণ (Srikrishna)ৰ জন্ম হৈছিল। মাতৃ দৈৱকী আৰু পিতৃ বসুদেৱৰ অষ্টম সন্তান আছিল তেওঁ। শ্ৰীকৃষ্ণ জন্মাষ্টমী (Srikrishna Janmashtami 2022) প্ৰতি বছৰে ভাদ্ৰ মাহৰ কৃষ্ণ অষ্টমীৰ দিনা পালন কৰা হয়। মানুহে উপবাস কৰি ভগৱান শ্ৰীকৃষ্ণৰ শিশুৰূপক পূজা কৰে। এইবাৰ জন্মাষ্টমী ১৮ আগষ্ট নে ১৯ আগষ্ট? এই সন্দৰ্ভত মানুহৰ মনত দোমাজৰ সৃষ্টি হৈছে। কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয় পুৰীৰ জ্যোতিষী ড° গণেশ মিশ্ৰই শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ তাৰিখ আৰু পূজা মুহুৰ্তৰ বিষয়ে জনাইছে,  ১৮ নে ১৯ আগষ্টত পালন কৰিব?

ভগৱান শ্ৰীকৃষ্ণৰ জন্ম
পৌৰাণিক বিশ্বাস অনুসৰি ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমীৰ দিনা ৰোহিনী নক্ষত্ৰত ভগৱান বিষ্ণুৰ কৃষ্ণ অৱতাৰৰ জন্ম হৈছিল। বহু সময়ত অষ্টমী তিথিত ৰোহিনী নক্ষত্ৰ পোৱা নাযায়। এই বছৰ ২০ আগষ্টত নৱমী তিথিত আছে ৰোহিনী নক্ষত্ৰ।
ৰোহিনী নক্ষত্ৰ আৰম্ভঃ ২০ আগষ্ট, ০১:৫৩ বজাত
ৰোহিনী নক্ষত্ৰ সামৰণিঃ ২১ আগষ্ট, পুৱা ০৪:৪০ বজাত

জন্মাষ্টমী ২০২২ৰ মুহূৰ্ত 
পঞ্চাংগৰ মতে এইবাৰৰ ভাদ্ৰ মাহৰ কৃষ্ণ অষ্টমীৰ ১৮ আগষ্ট, বৃহস্পতিবাৰে নিশা ০৯:২০ বজাৰ পৰা আৰম্ভ হ’ব আৰু ১৯ আগষ্ট, শুকুৰবাৰে নিশা ১০:৫৯ বজাত শেষ হ’ব। এনে অৱস্থাত অষ্টমী তিথিৰ নিশা ১৮ আগষ্টতহে পূজা-পাতলৰ মুহুৰ্তা গ্ৰহণ কৰা হৈছে। ইয়াৰ ভিত্তিত অহা ১৮ আগষ্টত জন্মাষ্টমী উদযাপন কৰা হ’ব।

১৮ আগষ্টত জন্মাষ্টমী ব্ৰত পালন কৰা হ’ব। নিশা লাড়ু গোপালক পূজা কৰা হ’ব, জন্ম জয়ন্তী পালন কৰা হ’ব আৰু পিছদিনা পুৱাৰ পিছত ব্ৰত সম্পূৰ্ণ কৰা হ’ব।

জন্মাষ্টমী পূজা মুহুৰ্ত ২০২২
১৮ আগষ্টত জন্মাষ্টমীৰ পূজাৰ শুভ সময় নিশাৰ ১২:০৩ বজাৰ পৰা ১২:৪৭ বজালৈ। এই সময়ছোৱাত ভগৱান বাল গোপালজীৰ জন্ম হ’ব আৰু এই উৎসৱ পালন কৰা হ’ব।

জন্মাষ্টমীৰ উপবাস
যিসকলে ১৮ আগষ্টত জন্মাষ্টমীৰ উপবাস ৰাখে, তেওঁলোকে ১৯ আগষ্টৰ পিছদিনা ০৫:৫২ মিনিটৰ পিছত ৰোজা সম্পূৰ্ণ কৰিব। বহু ঠাইত বাল গোপালৰ জন্মৰ পিছত কৃষ্ণৰ প্ৰসাদ লৈ মানুহে ব্ৰত ভংগ কৰে। যি ঠাইত যি প্ৰথা আছে, সেই অনুসৰি উপবাস ভংগ কৰক।

১৯ আগষ্ট তাৰিখে বৈষ্ণৱ জন্মাষ্টমী
১৮ আগষ্টত গৃহস্থৰ বাবে জন্মাষ্টমী, আনহাতে ১৯ আগষ্টত বৈষ্ণৱ সমাজৰ ৰাইজে উদযাপন কৰিব জন্মাষ্টমী। অৱশ্যে শ্ৰীকৃষ্ণৰ জন্মভূমি মথুৰা (Mathura)ত ১৯ আগষ্টতহে জন্মাষ্টমী উদযাপন কৰা হ’ব।
Published by:Manjumoni Borah
First published: